ভালপোৱা জানো সদায় থাকিব ?
:ঐ
:কি ?
:এই ভালপোৱা জানো সদায় থাকিব ?
:কিয় নাথাকিব ?
:যদি কিবা হৈ যায় ?
:কি কিবা হব ?
:যদি মই মৰি যাওঁ ?
:তই বা মই কিয় মৰিম ? তই মোৰ বাবে বা মই তোৰ বাবেইতো জীয়াই থাকিব লাগিব ।
:জীয়াই থাকো বুলিয়েই জানো জীয়াই থাকিব পাৰি ?
:কিয় ইমান বেয়া কথাবোৰ ভাৱ ? এখন ধুনীয়া পৃথিৱীৰ কথা ভাৱ । যত মাথো মই আৰু তই । আৰু আমি বিচাৰা সকলোবোৰেই আছে ।
:কিন্তু এইয়া জানো সম্ভৱ ?শুন , মোৰ কেন্সাৰ আছে । ডাক্তৰে কৈছে মোৰ হেনো সুস্থ হোৱাৰ কোনো উপায় নাই ।
(কিছুপৰ নিৰুত্তৰ হৈ ৰল সি)
:শুন ,মই তোৰ বেমাৰ ভাল কৰিব নোৱাৰো সঁচা । কিন্তু তোক অতি মৰমত ৰাখিব পাৰো । মই চাহজাহান নহয় যে তোক লৈ তাজমহল সাজিম । কিন্তু তোক চিৰদিন হৃদয়ত ৰাখিব পাৰিম । ভৱিষ্যতে কি হব । সময়ে কব । কিন্তু বর্তমান মই তোক ভাল পাওঁ পাইছিলো আৰু পাইয়েই থাকিম । কাৰণ কেৱল বাহ্যিক সম্পর্কই ভালপোৱা নহয় । প্ৰেম এক স্বর্গীয় অনুভূতি । ই চিৰদিন অনুভূত হয় হৃদয়ৰ কোঁহে কোঁহে ।
(থোকাথোকি মাতেৰে কথা পাতি পাতি এক অন্ধকাৰ ভৱিষ্যতৰ কথা ভাৱি কান্দোনত ভাগি পৰিল সিঁহত ।)
(ভাল লাগিলে শ্বেয়াৰ কৰিব পাৰে ।)
#ৰ'দৰ_বিলাপ
Comments
Post a Comment
ধন্যবাদ