জীৱনৰ বাবে কঠিন সময়

জীৱনৰ বাবে কঠিন সময়,যি সময়ত মানুহে কৰিবলৈ একো কাম বিচাৰি নাপায়,,সময়ৰ সৈতে যুজ দি হাৰ মানি মনৰ মাজতেই কান্দি কান্দি অৱশেষত সকলোৰে অৱহেলাৰ পাত্ৰ হ'ব লগা হয়।।………… অানৰ মুখত হাহি দিব পৰা মানুহজন হঠাৎ মৌন হৈ যাই,,সকলোৰে লগত মিলাপ্ৰীতিৰে জীয়াই থাকিব বিচৰা মানুহজন লাহে লাহে নিজৰ মাজতেই হেৰাই,সকলোৰে পৰা বহু দূৰ অাতৰিবলৈ বাধ্য হৈ যাই।। কি নাছিল সেইজনৰ,এসময়ত তেওৰ অবিহনেতো কাৰোৰে একো ভাল লগা নাছিল অাৰু অাজি সজলোৱে তেওৰ অৱিহনেই জীয়াই থাকিব শিকি গ'ল।।………… সেই মানুহ জনৰ মনৰ অনুভৱ………মই অলাগতিয়াল নহয় বন্ধু,,অাজিৰ দিনত মই বেয়াৰ উদাহৰণ,,সকলোকে ভালপাই,সকলোকে নিজৰ বুলি ভাবি লোৱাতো অজিৰ দিনত অপৰাধ,তাৰেই উদাহৰণ অাজি মই।। সকলোৰে জীৱনত এনে এটা সময়ে হাহাকাৰ লগাই যাই,য'ত এদিন হ'লেও তেও অনুভব কৰে যে তেও একোৰে নহ'ল বা তেও কাকোকেই সুখি কৰিব নোৱাৰিলে,, ভুল ভাব নে শুদ্ধ নাজানো যদিও মোৰ জীবনত তেনে ভাব যেতিয়া অাহিছিল তেতিয়া এটাই উত্তৰ পাইছিলো যে মই নিজে সুখি নহয়,মোক ভালপোৱা মানুহবোৰক মই নিজে দুখি হৈ বহু কষ্টত ৰাখিছিলো,,নোপোৱাবোৰৰ পিছত দৌৰি দৌৰি ভাগৰ লগাত উভতি চকুত পৰিল যে মই দেখোন বহু জনক পিছ পেলাই অাহিলো,,তথাপি কিবা পাতল পাতল লগাত বিচাৰি চাওতেই অনুভব হ'ল যে মই সেই মোক ভালপোৱা মানুহবোৰৰ ওচৰতেই মোৰ সুখৰ টোপোলাবোৰ এৰি অাহিছো।। মানুহৰ ভুল হৈ যাই অাৰু যেতিয়া সেই ভুলটো ধৰা পৰে তেতিয়া তাক শুধৰাবলৈও অকণো পলম কৰা উচিত নহয়,,,কাৰণ ভুল শুধৰাওতে যিমান পলম হ'ব সিমানেই কষ্টও বেছি হ'ব,,জীৱনত এনে কিছুমান ভুল অাছে য'ত শুধৰাওতে শুধৰাওতে নিজেই পৃথিবীৰ পৰা বিদায় লোৱাৰ সময় অাহি পৰে।। নিজৰ জীৱনৰ নাটখনৰ নায়ক তুমি নিজেই,,গোটেইবোৰ তোমাৰ হাতত,,নিজকে নম্বৰ দিব শিকা,ভালৰ বাবে এশ অাৰু বেয়াৰ বাবে শূণ্য,কাৰণ নিজক কেতিয়াও মিছা ক'ব নোৱাৰি।।ধন্যবাদ……… <<বিকি কাশ্যপ>>

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা