স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

স্বাৰ্থপৰ  পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে,আৰু প্ৰযোজন শেষ হলে দূৰৈত দলিয়াই দিয়ে। এই পৃথিৱীত কোনো কাৰো আপোন নহয় । দৰকাৰেহে মানুহক ওচৰলৈ টানি আনে। কোনেও তোমাক প্ৰেম নকৰে, প্ৰেম কৰে নিজৰ প্ৰয়োজন । এজনী ছোৱালীয়ে সদায় হেণ্ডচাম আৰু  ধনী লৰাক হে কল্পনাত ৰাজকুমাৰ কৰে। কেতিয়াও দুখীয়া ঘৰৰ বা দেখাত কেচ-মেচ ক'লা লৰাক কল্পনা নকৰে। আৰু লৰাৰ ক্ষেত্ৰতো একেই । কিয় বাৰু মানুহৰ জীৱনটো ইমান মতলবি । নিঃস্বাৰ্থভাৱে   কাৰোবাক প্ৰেম কৰিলে কোনেও প্ৰেমৰ মূল্য নিদিয়ে । কি প্ৰেমৰ অৰ্থ বাসনা  নেকি ? স্বাৰ্থপৰ   মানুহে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ এনে পথো নেৰে য'ত গলে তেওঁ/তাই উভটি আহিবলৈ হয়তো বাট বিছাৰি নাপাব। মনত ৰখা উচিত  যে কাৰোবাৰ মনত কষ্টদি যদি তুমি সুখী হ'ব বিচাৰা  কেতিয়াও হব নোৱাৰা। তেওঁ যদি তোমালৈ এদিন কান্দিছে তুমিও তেওঁৰ বাবে তিনি দিন কান্দিবা। যেনেকৈ কাৰোবাক প্ৰশংসা কৰিলে তেওঁৰ আত্মবিশ্বাস বাঢ়ে ঠিক তেনেকৈ কাৰোৱাক মনৰ পৰা বেয়াকৈ কলে এদিন নহয় এদিন কিবা হানি  নিশ্চয় হব  ।  আমি অজানিতে কৰা ভুলৰ ক্ষমা বিছাৰো,  কিন্তু জানি বুজি কৰা ভুলৰ একো হিচাব নকৰো। হয়তো আমি গমেই নাপাও যে আমি কি ভুল কৰিছো । আমাৰ চকুত আনৰ সৰু ভুলো ডাঙৰ লাগে কিন্তু নিজে কৰা ডাঙৰ ভুলো আমাৰ চকুত নপৰে। কাৰণ আমি সৰুৰে পৰাই নিজকে ঠগিবলৈ শিকি লৈছো। আনে যি কওক কিন্তু মই যি কৈছো সেয়াই ঠিক এই ভ্ৰমে আমাক তললৈ ঠেলি দিয়ে । কাৰোবাৰ পৰা কিবা বিচৰাৰ আগে আনক কিবা দিবলৈ শিকাৰ প্ৰয়োজন । দূৰৈত গলে আমি স্মৃতিক লৈ ৰাতি শুব নোৱাৰো। কিন্তো দূৰলৈ নোযোৱাৰ  আগত ধৰি ৰাখিব নোৱাৰো। প্ৰথম অবস্থাত লাগে তেওঁ ঘুৰি আহিব আন হাতে তেওঁ ও একে ভাবে। যেতিয়া  বহুত দিন পাৰ হয় আৰু বাছি থাকে মাঁথো স্মৃতি । দুখঃ লাগে বহুত নিজৰ ওপৰত খংও উঠে যে কিয় মই সেই সময়ত এনে নকলো,এনে নকৰিলো, কিয় তেওঁক ধৰি ৰাখিব নোৱাৰিলো ইত্যাদি ইত্যাদি। এদিন যদি সময়ে তেওঁক টানি তোমাৰ কাষত আনি দিব তুমি তেতিয়া অনুভৱ কৰিব পাৰিবা যে তোমালোকৰ মাজতো স্মৃতিৰ বাদে একোৱেই নাই।  তেতিয়া তুমি অনুভৱ কৰিবা তুমি তাইৰ পৰা কিমান দূৰ গুছি গলা। আৰু তাই অনুভৱ কৰিব যে তাই কি হেৰুৱালে। কিবা কাৰণত যদি তাই তোমালৈ হাত আগবঢ়াব  তুমি তাইৰ হাতত ধৰিবলৈও ভয় কৰিবা। কাৰণ তাই তোমাক এবাৰ মাজ বাটত হাত এৰুৱাই গুছি গৈছিলে ,  তুমি জীৱন বাটত যেনে-তেনে পৰি-ধৰি অলপ আগ-পিছ হ'ব শিকিছা । এতিয়া তুমি সেই  বাটক ভালকৈ চিনি পাইছা । 
হয়তো তোমাৰ মনে কব যে আৰু এবাৰ একেলগ আগুৱাই যাও। কিন্তু বিবেকে মানি নলব। কাৰণ তাই আগত কৰি যোৱা প্ৰতাৰণাই তোমাক পুৰণা  বেমাৰৰ দৰে কষ্ট দিব। হয় তুমি আজিও সেই বাটতে ৰৈ'আছা য'ত তাই তোমাক এৰি গৈছিল। আগতে হয়তো তুমি ভাৱিছিলা যে যদি তাই উভটি আহে এনেকৈ চম্ভালি থম যে  কেতিয়াও হেৰাই যাব নিদিও  ।  তুমি তাইৰ প্ৰতাৰণা পাহৰি তাইৰ মৰমক হে মনত থৈছা। নিজকে ঠগি-ঠগি থৈছা যে তাই মোক বহুত ভাল পাই এদিন তাই ওভটি আহিব , কিন্তু তাইৰ লগত তোমালৈ ভাবিবলৈ সময়ে নাই । তাই তোমাৰ ওচৰত তেতিয়া হে ঘুৰি আহিব বিছাৰিব যেতিয়া তোমাৰ তুলনাত   আনৰ ক'ম পৰিব। তেতিয়া তুমি কঠোৰ সত্যৰ ওচৰা-ওচৰি হোৱা যে তাই তোমাক নহয় নিজৰ প্ৰয়োজনক হে ভাল পাইছিল।
ধন্যবাদ ।

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা