স্বাধীনতাক সন্মান জনোৱা উচিত
স্বাধীনতাক সন্মান জনোৱা উচিত……………পুৰুষৰ দৰে নাৰী এগৰাকীয়েও সেই স্বাধীনতা পোৱা উচিত অাৰু সেই স্বাধীনতাৰ স্বাৰ্থত
ৰাতি অকলশৰিয়া নাৰী এগৰাকীক সংগ দিয়াটো পুৰুষ প্ৰধান দেশ হিচাবে প্ৰতিজন পুৰুষৰ সেইটো দায়িত্ব………""সংগহে………সুযোগ নহয়""।।
অাজিৰ সমাজখনত যি হাৰত নাৰী নিৰ্যাতনৰ ঘটনা সংঘতিত হৈ যাব ধৰিছে………যেনে ধৰণৰ অশ্লীল কাৰ্য্য তেওলোকৰ সৈতে হ'ব ধৰিছে,মই ভাবো এনেকৈ যদি দিনবোৰ গৈ থাকে অাৰু বেছি দিন নাই…………সমাজৰ প্ৰতিখন ঘৰতেই থাকিব একো একোজনি ধৰ্ষিতা নাৰী……………।
যেতিয়া ছোৱালী এজনিৰ জীৱনত তেনে অশ্লীল ঘটনা ঘটে অাৰু তেওৰ লাজ সন্মানৰ কথা নাভাবি সকলোৰে ভাল হোৱা স্বাৰ্থত কথাবোৰ সকলোকে ক'ব অাৰম্ভ কৰে……………তেতিয়া ওলোটাই তেওৰ ওপৰতহে প্ৰশ্ন উঠে যে ৰাতি কিমান হৈছিল………কি পিন্ধি গৈছিলি……………………?
চুটি কাপোৰ অাৰু ৰাতি বহু পলম কৈ ঘৰলৈ উভতাই নেকি কাৰণ ধৰ্ষণৰ,সেই অশ্লীল কাৰ্য্য বোৰৰ……………যিবোৰৰ বাবে অাজিও কাৰোবাৰ অাত্মাই উচুপি উঠে।।
তেনেবোৰ মনোভাব লোৱা সকলক কও……………… অাচলতে সেইবোৰ একো একোটা বেয়া মানসিকতা………যাৰ বাবে গোটেই সমাজ তথা দেশখনেই গেলি পচি যায়।।
মই ভাবো তেনেবোৰ অশ্লীল কাম কৰা মানুহে চুটি কাপোৰ কি বুৰ্খা পিন্ধাকো নেৰে।।
ৰাতি দেৰি কৈ উভতিলে ছোৱালীজনিক প্ৰশ্ন কৰাৰ লগে লগে নিজৰ ল'ৰাজনকো কোৱা বা শুধা প্ৰয়োজন………………তোৰ ইমান দেৰি কিয় হ'ল………তই কেতিয়াও যেন অকলশৰিয়া ছোৱালীৰ সুযোগ ল'ব চেষ্টা নকৰা……।।
এনেবোৰ অশ্লীল কাৰ্য্য কিমান জনিৰ লগত হৈছে কোনেও নাজানে…………কিমান জনিয়ে সাহষ কৰিব পাৰিছে অাৰু কিমান জনিয়ে নিৰবে নিজৰ অাত্মাত দাগ লৈ চতফটাইছে তাৰ হিচাব কোনেও দিব নোৱাৰে।।
সজাগ হ'বৰ হ'ল……………সচা কৈছো…………সজাগ হ'বৰ হ'ল………………
ধৰ্ণা কাৰ্য্যসুচীয়ে হয়টো কাৰোবাক ন্যায় দিব পাৰে………কিন্তু তাইৰ সতিত্ব,তাইৰ জীৱনৰ সেই ভয়ানক মুহূৰ্ত অাৰু দুখবোৰক কেতিয়াও মচিব নোৱাৰে।।
মনত ৰাখিব……………পুৰুষ প্ৰধান দেশ বা নিজকে পুৰুষ বুলি তেতিয়াহে ক'ব পৰিব যেতিয়া তাতে বাস কৰা প্ৰতি গৰাকী নাৰী সুৰক্ষিত হ'ব।।…………
ধন্যবাদ…………………
Comments
Post a Comment
ধন্যবাদ