বনৰীয়া পখীৰ গীত
.
=:=:=:=:=:=:=:=:=:=:=:=:=:=:=:=:=
বনৰীয়া পখীৰ গীত
******************
চৰাইটিৰ অশ্লীলতাত মই ঠৰ ঠৰ কপিছোঁ
.
বুকুত বিষ আৰু ওঁঠৰ শুকুলা শব্দৰ ইকুৱেলাইজাৰ অহৰহ চলি আছে
চৰণৰ পৰা যেন ভাহি আহিছে চঞ্চল চঞ্চল লগা হাৰমনিকাৰ সুৰ
স্তব্ধ হৈ পৰিলো শৰীৰত লগা ভোকৰ দুখত
আৰু বৰফ যেন কঠিন সেই
ওজনৰ ভৰত
মাত্ৰ এটি চিনাকি দূৰত্বৰ ব্যৱধান
আৰু মই
এতিয়া যেন এডমাণ্ড হিলাৰীৰ দৰে অভিযান কাৰী
চৰাইটিৰ কাণ্ড
হিঃহিঃ
পণ্য দুচকুৰ তাণ্ডৱ
আৰু ঠোঁট হৈ পৰা ওঁঠৰ নগ্ন শব্দ ........
মইও ভেড়া ৰখীয়াৰ দৰেই
বনৰীয়া সুগন্ধিত বাঁহী বজালোঁ
হাৰমনিকা বাঁহীৰ যৌনতাৰ তালত পাহ পাহ কৈ ফুলিল
শৰীৰত বসন্তৰ ফুল .....
চৰাইজনী এতিয়া ব্যস্ত ...
জুৰি বৈ যোৱা শব্দৰ শিহৰণত ...
শুদ্ধ জলত চিঞৰি পাঠ কৰা কবিতাৰ আক্ৰোশত....
চৰাইটি এতিয়া ব্যস্ত
বনৰীয়া গীত গোৱাত !
...✍অনুপ অসমীয়া
তেজপুৰ ( গাভৰুপৰীয়া )
=:=:=:=:=:=:=:=:=:=:=:*:=:=:=:=:=:
Comments
Post a Comment
ধন্যবাদ