দুখবোৰক মাথো সুবিধা লাগে যিবোৰ দুখৰ পৃষ্ঠা বন্ধ কৰা
দুখবোৰক মাথো সুবিধা লাগে…………যিবোৰ দুখৰ পৃষ্ঠা বন্ধ কৰা
হৈছিল,সেইবোৰো কোনোবা অাপোনজনৰ দুখৰ মুহূৰ্তৰ লগত লগ হৈ বুকুখনক
অাকৌ দুখ পাবলৈ বাধ্য কৰা যায়।।……
সচাকৈ……অতিতৰ দুখবোৰ পুৰণি বেমাৰৰ দৰে………কেতিয়া অাহি অাকৌ
হেচা মাৰি ধৰে গ'মেই পোৱা নাযায়।।
সকলোৱে জানে…………সেইবোৰ দুখ মনত পেলাই কোনো লাভ নাই………
সেইবোৰে মাথো মনক কষ্টহে দিয়ে……।
কিন্তু,মই ভাবো জীৱনত প্ৰতিটো মুহূৰ্তত লাভ অাৰু লোকচান হিচাব কৰিবলৈ
জীৱন কোনো ব্যৱসায় নহয়………তেনে যদি হ'লহেতেন মানুহে কেতিয়াও
ভালপাব নিশিকিলে হেতেন………বিশ্বাস কৰিব নিশিকিলে হেতেন অাৰু
অপেক্ষা নকৰিলে হেতেন।।
যদিও জীৱনত তেনেধৰণৰ মানসিকতা থকা মানুহক লগ পোৱা যায়………
যিসকলে মাথো নিজৰ লাভক লৈয়ে জড়িত………যিসকলে তেওলোকৰ
প্ৰয়োজনতহে তোমাক বিচাৰে………যি সকলৰ বাবে তুমি মাথো ব্যৱহাৰ হৈ
অাহিছা তেওলোকৰ বাবে হয়টো জীৱন,বিশ্বাস,ভালপোৱা একো একোটা
ব্যৱসায়।……………
সেই ব্যৱসায়ৰ মাজেৰেই তেওলোকৰ চিনাকী একো একোজন বেশ্যা।
……………তেওলোক দেহ ব্যৱসায়ীত কৈয়ো ভয়ানক…………কাৰণ তেওলোকে
অাঘাত কৰে মনক………অাত্মাত।।
………
……………তেওলোকেও মনত ৰখা উচিত যে ইচ্ছাৰ বিৰুদ্ধে নিজৰ লাভৰ বাবে
কৰা কাৰ্য্যই হ'ল বেশ্যা।।………………
সময়ে যেতিয়া সেইসকলৰ জীৱনক লৈ ব্যৱসায় কৰিব তেতিয়া অনুভৱ হ'ব যে
জীৱনত লাভ কিমান অাৰু লোকচানৰ সোৱাদ কিমান।।…………গোলাকাৰ
পৃথিবী…………ভাল কৰ্মৰ ভাল ফল,বেয়া কৰ্মৰ বেয়া ফল অাৰু সেই ফলবোৰ
ঘূৰি ঘূৰি এদিন তোমাকেই হেচা মাৰি ধৰিব।।………ধন্যবাদ।
Comments
Post a Comment
ধন্যবাদ