Posts

Showing posts from February, 2026

সেই বতাহজাক অাকৌ অাহিব প্ৰেমৰ বতাহ জাক

​সেই বতাহজাক আকৌ আহিব... প্ৰেমৰ বতাহজাক... বছৰ বছৰ ধৰি বন্ধ কৰি থোৱা হৃদয়ৰ দুৱাৰখনত আকৌ আহি কোনোবাই টুকুৰিয়াব।। বাৰে বাৰে কষ্ট লৈ ধপধপাই থকা বুকুখন সেউজীয়া হৈ পৰিব... তেওঁ নহ’লেও, তেওঁতকৈও ভাল কোনোবাই আহি আকৌ হাতে হাত ধৰি ক’ব... ঐ কি ভাবি আছা, সকলোবোৰ এৰি মোক এবাৰ ভাল পাই চাবি নেকি?... ​চিন্তা আজিৰ দৰে সেই সময়তো হ’ব... কষ্ট আজিৰ দৰে সেই সময়তো হ’ব... কিন্তু সময়ৰ সতে সেইবোৰৰ পাৰ্থক্যবোৰো সলনি হ’ব... চিন্তা নতুন হ’ব... কষ্টবোৰৰ মাজত কিছুমান নতুন আশাই ঠণ ধৰি উঠিব... হাঁহিব পাহৰা ওঁঠ দুটাই আকৌ অলপ অলপ কৈ হাঁহিব আৰম্ভ কৰিব।। ​জীৱনত একো কৰিব নোৱাৰা দুখবোৰৰ মাজত লাহে লাহে কোনোবাজনৰ সহাৰিত সেইবোৰেও নতুন পথত দিশ সলাব।।... জীয়াইতো একেদৰেই থাকিব লাগিব... সুখেই হওক বা দুখেই হওক, কিন্তু জীয়াই থকাৰ মজা ক’ত হয় য’ত দুখবোৰক সুখলৈ টানি আনি কান্দোনবোৰক হাঁহিৰ খিলখিলনিলৈ পৰিৱৰ্তন কৰা।। ​সুখী হ’ব পৰাটো এক প্ৰকাৰৰ কলা... নাই বুলিও, সকলোৱে বেয়া পায় যদিও, কাৰোবাক বিচৰা ধৰণে পাব নোৱাৰিলেও আৰু যদিহে তুমি সেইটো নাজানা তেনেহ’লে... তুমি সকলো থাকিও দুখিয়েই হ’বা... কাৰণ মানুহে বিচৰা ধৰণে পোৱা বস্তুবোৰতো থাকে যে দাগ.....