সেই বতাহজাক অাকৌ অাহিব প্ৰেমৰ বতাহ জাক

​সেই বতাহজাক আকৌ আহিব... প্ৰেমৰ বতাহজাক...

বছৰ বছৰ ধৰি বন্ধ কৰি থোৱা হৃদয়ৰ দুৱাৰখনত আকৌ আহি কোনোবাই টুকুৰিয়াব।।

বাৰে বাৰে কষ্ট লৈ ধপধপাই থকা বুকুখন সেউজীয়া হৈ পৰিব... তেওঁ নহ’লেও, তেওঁতকৈও ভাল কোনোবাই আহি আকৌ হাতে হাত ধৰি ক’ব... ঐ কি ভাবি আছা, সকলোবোৰ এৰি মোক এবাৰ ভাল পাই চাবি নেকি?...

​চিন্তা আজিৰ দৰে সেই সময়তো হ’ব... কষ্ট আজিৰ দৰে সেই সময়তো হ’ব... কিন্তু সময়ৰ সতে সেইবোৰৰ পাৰ্থক্যবোৰো সলনি হ’ব... চিন্তা নতুন হ’ব... কষ্টবোৰৰ মাজত কিছুমান নতুন আশাই ঠণ ধৰি উঠিব... হাঁহিব পাহৰা ওঁঠ দুটাই আকৌ অলপ অলপ কৈ হাঁহিব আৰম্ভ কৰিব।।

​জীৱনত একো কৰিব নোৱাৰা দুখবোৰৰ মাজত লাহে লাহে কোনোবাজনৰ সহাৰিত সেইবোৰেও নতুন পথত দিশ সলাব।।... জীয়াইতো একেদৰেই থাকিব লাগিব... সুখেই হওক বা দুখেই হওক, কিন্তু জীয়াই থকাৰ মজা ক’ত হয় য’ত দুখবোৰক সুখলৈ টানি আনি কান্দোনবোৰক হাঁহিৰ খিলখিলনিলৈ পৰিৱৰ্তন কৰা।।

​সুখী হ’ব পৰাটো এক প্ৰকাৰৰ কলা... নাই বুলিও, সকলোৱে বেয়া পায় যদিও, কাৰোবাক বিচৰা ধৰণে পাব নোৱাৰিলেও আৰু যদিহে তুমি সেইটো নাজানা তেনেহ’লে... তুমি সকলো থাকিও দুখিয়েই হ’বা... কাৰণ মানুহে বিচৰা ধৰণে পোৱা বস্তুবোৰতো থাকে যে দাগ... বদনাম... কিছুমান নেদেখা সত্য... য’ত লাহে লাহে সময়ে সেইবোৰক চকুৰ আগত থিয় কৰায়।।...

​আমি ধুমুহাজাকত ভাগি পৰা আহত গছজোপালৈ চাই দুখ কৰো... কিন্তু তলত থকা বেকা হৈ আকৌ লাহে লাহে পোন হৈ অহা দুবৰি বনকেইডালক লক্ষ্য নকৰো।।

​চশমা... দুখ আৰু অসফলতাৰ চশমা... য’ত সুখবোৰক দেখিব পৰা নাই যাৰ বাবে সফল হোৱাৰ ৰংবোৰক চুব পৰা নাই... নিজক ধিক্কাৰ দি দি নিজেও নিজৰ বাবে ঘৃণাৰ পাত্ৰ... পাহৰি গ’লো যে... মোৰো কিবা এটা যে আছে... মনত পেলোৱা সৰুৰ দিনৰ সেই হাত চাপৰিবোৰ, যাৰ বাবে মাত্ৰ তুমিয়েই যোগ্য... অতীতৰ দুখ লৈ জীয়াই থকাতকৈ অতীতৰ সুখবোৰক মনত পেলাই হাঁহি থকা বহুগুণেই ভাল।।...

​তেনেকৈয়ে এদিন সেই বতাহজাক আকৌ আহিব... প্ৰেমৰ বতাহজাক... সুখৰ বতাহজাক... মাত্ৰ বন্ধুত্ব হ’ব লাগিব আশা আৰু বিশ্বাসৰ সৈতে।।... ধন্যবাদ।।

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা