জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা

সকলোৰে জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা কোনোবা নহয় কোনোবা এজন থাকে ! যাক আমি অধিক বিশ্বাস কৰো , অধিক মৰম কৰো আৰু ভালপাওঁ ❤ যাৰ বাবে আমি সকলোবোৰেই কৰিব পাৰোঁ , তেওঁৰ সুখৰ বাবে যিকোনো কৰ্মই হাতত তুলি লওঁ , দুখত সান্তনা আৰু সুখত সাৰথি হিচাপে ৰৈ পৰোঁ !! কিন্তু সেই মানুহজনে যেতিয়া তোমাৰ ওপৰত সন্দেহ জনক দৃষ্টিৰে চাব , তোমাৰ ওপৰত খং কৰিব , অযথা কাৰণত কোহাল কৰিব , হয়টো অত্যন্ত কষ্ট হয় সেইসময়ত !! যেতিয়া তেওঁৰ ভালপোৱাক কোনোবা দোকানৰ বস্তুৰ সৈতে উদাহৰণ দি ডাজবিনৰ অলাগতিয়াল বোৰৰ সৈতে পেলাই দিয়া হয় ! খুব সহজতেই আমি প্ৰিয় জনৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰি পেলাওঁ , নাজানোঁ কিন্তু কিয় কৰো হয়টো এই প্ৰশ্নৰ উত্তৰত তুমি নিমাত হৈ ৰবা , কাৰণ তুমি নিজেই নাজানা , আনৰ অনুভব বোৰক সন্মান কৰিব নাজানা , ভালপোৱাক মাত্ৰ এটা খেল বুলিহে গণ্য কৰা ! বন্ধুৰ আগত লেবেল দি ভাল পোৱা " এইজনী মোৰ ex girlfrnd আছিল , শেষত কৈ দিবা , একদম ফাল্টু !! এতিয়া প্ৰশ্ন হয় যে ," যদি গমেই পাইছিলা তাই ফাল্টু বুলি তেন্তে তাইক এটা সময়ত ভাল পাইছিলা নো কিয় .?" অনুগ্ৰহ কৰি ইমান নিষ্ঠুৰ নহবা , আনৰ অনুভৱৰ সৈতে খেলা নকৰিবা , যদি কাৰোবাৰ বাবে তোমাৰ অন্তৰত সিমানকণ অনুভব নাজাগে তেন্তে অনুগ্ৰহ কৰি সম্পৰ্ক এটাত সোমাই পৰাৰ সপোন নেদেখিবা ...! কাৰণ তোমাৰ এটা ভূলে আনক জীৱনটোৰ বাবে কষ্ট দিবও পাৰে !! ✍ প্ৰীতম আৰ ডেকা

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে