বহুবছৰৰ বিৰতিত আকৌ ক্ৰমশঃ......
বহুবছৰৰ বিৰতিত আকৌ ক্ৰমশঃ নীলাৰ সৈতে মোৰ আন্তৰিকতা বৃদ্ধি পাইছে । এটা মায়াময় সন্ধিয়াৰ অন্তৰংগ মূর্হুত্বত তিনিবছৰৰ আগতে কবলৈ থাকি যোৱা কথাষাৰ নীলাক ক'লো __"তোমাক ভাল পাওঁ নীলা"...
তাই মৌন হয় ৰৈছিল..
আকৌ ক'লো__"তোমাৰ মৌন ভাষা মই নুবুজো নীলা ।"
"প্লিজ অৰুণাভ,এনেবোৰ কথা কৈ মোক বিৰক্ত নকৰিবা..প্লিজ মোক ভাল নাপাবা । তুমি মোতকৈ বহুত ভাল ছোৱালী পাবা"__ সাংঘাতিক এটা ট্ৰেজেদিৰে তাই ক'লে..
মই সুধিলো,"কিয় নীলা কিয় নহয় আমাৰ মাজত ভালপোৱা !"
তাই ক'লে,"এইয়া অসম্ভৱ ! এইয়া পাপ । স্বামীয়ে বর্জন কৰা এগৰাকী নাৰীৰ এতিয়া আৰু ভালপোৱাৰ অধিকাৰ নাই ।"
মই ক'লো,"এইয়াতো পাপ নহয় নীলা । এইয়া সঁচা ভালপোৱা ।"
আৱেগত জর্জৰিত হৈ তাই কলে,"অৰুণাভ ,প্লিজ মোক শান্তিত থাকিব দিয়া । স্বামীবর্জিত নাৰীৰ আকৌ বেলেগক ভালপোৱাৰ অধিকাৰ নাই । আনকি আমাৰ এই বন্ধুত্বও পাপ । অৰুণাভ প্লিজ তুমি আঁতৰি যোৱা ।"
"কিয় নীলা কিয় ! কিয় আমাৰ মাজত এই বাধাৰ প্ৰাচীৰ ! কিয় কিয়"__একপ্ৰকাৰ উন্মাদ হৈ চিঞৰি উঠিলো ।
এইয়া অসম্ভৱ ! এইয়া পাপ । স্বামীয়ে বর্জন কৰা এগৰাকী নাৰীৰ এতিয়া আৰু ভালপোৱাৰ অধিকাৰ নাই । "চোৱা অৰুণাভ তোমাক মই ভাল পালেওঁ এই সমাজে কেতিয়াও গ্ৰহণ নকৰে । আমাৰ প্ৰেমক অবৈধ ঘোষণা কৰিব নোৱাৰো অৰুণাভ । তোমাক লৈ তোমাৰ পৰিয়ালৰ সপোন আছে ,তুমি সেই সপোনবোৰ পূৰণ কৰা অৰুণাভ । অযথা মোৰ দৰে বিধৱা এগৰাকীৰ বাবে নিজকে কলংকিত নকৰিবা অৰুণাভ ।"তাই মোক বুজাবলৈ চেষ্টা কৰিলে ।
"প্ৰেমৰ বৈধতা অবৈধতা মানুহৰহে সৃষ্টি । মই তোমাক সঁচা অন্তৰে ভালপাওঁ । এজন পুৰুষৰ এগৰাকী নাৰীক ভালপোৱাটো স্বাভাৱিক নীলা । ই অবৈধতো নহয় । তেন্তে কিয় আমাৰ মাজত এই বাধাৰ প্ৰাচীৰ ।"
"উস্ । অৰুণাভ,প্লিজ আৰু মোক দুখ নিদিবা..তোমাৰ দর্শন মই নুবুজো...অতীতৰ ভূলবোৰৰ শুধৰণি অসম্ভৱ ! তোমাক তেতিয়াও ভাল পাইছিলো আৰু আজিও পাওঁ ,কিন্তু আমাৰ মিলন অসম্ভৱ ! এইবোৰ তোমাক বুজাব নোৱাৰিম...বহু কথা অৰুণাভ । প্লিজ প্লিজ মোক আৰু আমনি নকৰিবা । প্লিজ,মোৰ জীৱনৰ পৰা আঁতৰি যোৱা ...প্লিজ প্লিজ" ___কাতৰ এটা অনুৰোধ জনাই নীলা আঁতৰি গলগৈ । সন্ধিয়াৰ ধূসৰতাবোৰৰ মাজত ৰঙা বেলিটি হৈ তাই হেৰাই গ'ল....
#ৰ'দৰ_বিলাপ
Comments
Post a Comment
ধন্যবাদ