অত্যন্ত কষ্ট দিলেও

অত্যন্ত কষ্ট দিলেও , অত্যন্ত দুখ দিলেও কিয় জানো অতীতত সেই হেৰাই যোৱা গৰাকীক পাহৰিবই পৰা নাযায় ? দুখটো বহুতেই লাগে , ভাব হয় কিয় জানো এই প্ৰেম - চেম বোৰৰ মাজত সোমাই পৰিছিলোঁ , মিছাতেই ..... চেহ্ !! মাথোঁ মোৰ লগতেই বাৰু এনে কিয় হয় , ঘৃণা উপজে সেই সময়ত তেওঁৰ বা তাইৰ ওপৰত , কেনেকৈ হব পাৰে ইমান নিৰ্দয় ...? কাৰোবাৰ ভালপোৱাক কেনেকৈ কৰিব পাৰে অপমান ? অত্যন্ত ঘৃণা উপজে সেই সময়ত নিজক লৈ অথবা তেওঁক লৈ , বিশ্বাসৰ এটা পৃষ্ঠা জ্বলি উঠাৰ বাবেই গোটেই জীৱনটোৱেই অন্ধকাৰ হৈ পৰিল নহয়নে ..? তথাপিও আমি পাহৰিব নোৱাৰো তেওঁক বা তাইক , যিমানেই ঘৃণা উপজক কিয় তথাপিও লাখ চেষ্টা কৰাৰ ফলটো তেওঁক যেন পাহৰিবই নোৱাৰো , কাৰণ কিয় জানানে ...? কাৰণ তেওঁৰ সৈতে তোমাৰ সেইবোৰ স্মৃতি জড়িত হৈ আছে যিবোৰ স্মৃতি হয়টো জীৱনত তুমি আৰু দ্বিতীয় বাৰ কেতিয়াও উপভোগ কৰিবলৈ নোপোৱা !! দুখ - সুখৰ মাজত সৰু সৰু ক্ষণ বোৰৰ কিছু মুহূৰ্ত , আৰু কিমান যে কি এই সকলোবোৰ তোমাৰেই কিছু স্মৃতি নহয় জানো ...? হব পাৰে তেওঁৰ ভালপোৱা মিছা আছিল , কিন্তু তোমাৰ অন্তৰেটো তেওঁক সচাকৈয়ে ভাল পাই পেলাইছিল ! হয়টো এইবোৰৰ বাবেই তেওঁক তুমি পাহৰিব নোৱাৰা !! তাতোকৈ অধিক শিক্ষা এইটোৱেই যে প্ৰেম জীৱনত এবাৰেই নহয় , অনেক বাৰ হয় , আৰু যেতিয়া যেতিয়া জীৱনলৈ প্ৰেম আহিব , তেওঁৰ কথা নিশ্চয়কৈ মনলৈ আহিব !! >> প্ৰীতম আৰ ডেকা

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা