ভালপোৱা মানুহজনে যদি তোমাৰ ওপৰত খং কৰে
অনেক ভালপোৱা মানুহজনে যদি তোমাৰ ওপৰত খং কৰে ,
নাভাবিবা সেয়া তেওঁৰ আতৰি যোৱাৰ কোনোটো অজুহাত !!
আচলতে সেয়া হৈছে তোমাৰ প্ৰতি থকা অজস্ৰ ভালপোৱা, শত আকৰ্ষণ ,
কাৰণ যিজনে তোমাৰ ওপৰত খং কৰিব বা অভিমান কৰিব ,
বুজিবা তেওঁৰ অন্তৰখন তেনেই কোমল !!
খুব সহজতেই যেতিয়া তেওঁ অভিমান কৰিব , প্ৰশ্নৰ ওপৰত প্ৰশ্ন কৰিব , আৰু হৰ্ঠাৎ তোমাৰ চকুৰে অশ্ৰু নিগৰিব ,
তেতিয়া কিন্তু মৰমী সুৰেৰে সম্বোধন কৰি তেৱেই আকৌ বুকুৰ সোঁ মাজত তোমাক আকোঁৱালি লব ...!!
আৰু বিনম্ৰ ভংগীৰে তোমাক কৈ পৰিব " হেই পাগলী জনী মই তোমাক বহুত ভাল পাওঁ অ !""
>> প্ৰীতম আৰ ডেকা
Comments
Post a Comment
ধন্যবাদ