সম্পৰ্কবোৰ বৰ জটিল

সম্পৰ্কবোৰ বৰ জটিল……………প্ৰথম চিনাকীয়েই জন্ম দিয়ে সন্দেহৰ………
মনৰ মাজত বহু ধৰণৰ প্ৰশ্নই জন্ম ল'ব অাৰম্ভ কৰে।…………
মনৰ মাজেৰে কাৰোবাক অাপোন বুলি ভাবিব অাৰম্ভ কৰিলেও বিবেকে তাক সহজে মানি ল'বলৈ অাগ ভেটি ধৰি ৰাখে।।……………
সেই সময়ত কোনো ধৰণৰ সীদ্ধান্ত ল'ব পৰা নাযাই………………কি ভাল,কি বেয়া………মাথো প্ৰশ্ন সেই মানুহজন সচাকৈ জীৱনৰ বাবে উপযুক্ত নে???
ভুল অাচলতে মনৰ মাজত নাইবা সন্দেহবোৰতো কোনো ভুল নাই…………জীৱনত অাপোন কোনোবাৰ বিশ্বাসঘাটকত পোৱা শিকনিতোৱে যে কাৰোবাক অতি সহজে অাকৌ বিশ্বাসত ল'বলৈ ভয় কৰে তাক অনুভব কৰা যাই।।………
সেইবাবেই মনক কেতিয়াও দুষ ধৰিব নোৱাৰো যে……""ঐ মন ইমান সন্দেহ কৰানে''??
তথাপি ৰামচন্দ্ৰৰ দৰে অগ্নীপৰীক্ষাতো ল'ব নোৱাৰো………………কোনো অাপোন এজনক জীবনৰ বাবে বাচি উলিয়াবলৈ।।……
অাচলতে মানুহ এজনক বুজি পোৱাটো বহু কঠিন…………নিজৰ ছাৰ দৰে লাগি থকা মানুহ জনক বুজি ল'বলৈও মানুহৰ এটা জীৱন কম হৈ যাই…………কাৰণ মানুহৰ মন সদায় একে নাথাকে,যেতিয়া বুজিবৰ সময় হয় অাকৌ তেওৰ মন সলনি হোৱাৰ সময় অাহি যাই………''সময়'' য'ত কাৰোবাৰ বাবে ভাল বন্ধু কাৰোবাৰ বাবে শত্ৰু।।
তথাপি অামি মানুহ……………জীয়াই থাকিবলৈ কাৰোবাৰ এখন সচা হৃদয়ৰ বহু প্ৰয়োজন…………তেওক বাচি উলিয়াবলৈ বহু বেছি নহয়,সৰু সৰু কিছুমান কথা লক্ষ্য কৰিলেই হৈ যাই,,তেওৰ ব্যৱহাৰ…………তোমাৰ প্ৰতি লগতে ঘৰখনৰ প্ৰতি থকা মৰম,সন্মান………………জীৱনৰ কিছু সংজ্ঞা…………কেনেকৈ অাৰু কি ধৰণে পৰিচালনা কৰিব পাৰিব তাক লৈ অালোচনা কৰিলেই তোমাৰ উপযুক্ত সংগী বাচিব সক্ষম হ'ব পাৰিবা।।
কোনোবাই ইয়াক লৈ যদি অভিনয়ও কৰে তথাপি তুমি জানিব পাৰিবা,কাৰণ সকলো সময়ত তেওৰ অভিনয়ৰ চৰিত্ৰ একেদৰে নাথাকেই…………………মাত্ৰ কিছুমান তেও দিয়া ইংগীত লক্ষ্য কৰিলেই হৈ যাই………………।।
সকলোৱে বিচাৰে নিজৰ সপোনৰ মানহজন/জনি ধূনীয়া,সৎ অাৰু ভাল অাচৰণৰ হওক…………যদি কোনোবাই তেনেকৈয়ে বিচাৰি পাই সেইটো তেওৰ ভাগ্য যদি নাই,তেন্তে তেও সেই মানহজনক নিজে বিচৰাধৰণে সজাই ল'ৱলৈ চেষ্টা কৰা উচিত…………মাত্ৰ হৃদয়খন ভাল হ'লেই হ'ল…………তেওৰ হৃদয় খনৰ প্ৰেমত পৰিব পাৰিলেই হ'ল…………তেও চাপৰ হওক বা ক'লাই হওক…………সেই উচ্চতাতেই তুমি তেওৰ হৃদয়ত অাকাশলংঘী সপোন ৰচিব পাৰিবা…………তেওৰ দেহৰ ক'লা ক'লা ৰঙটো তুমি ৰামধেনুৰ সাটো ৰঙত ৰঙীণ হৈ তেওৰ হৃদয়ত তোমাৰ জীৱনৰ যাত্ৰা সমাপ্ত কৰিব পাৰিবা।।
মাত্ৰ…………তেওৰ হৃদয় খন ভাল হ'লেই হ'ল………………………………তোমাৰ এটিয়াৰ,এই মিছিকিয়া হাহিটোৰ দৰে…………।ধন্যবাদ………সকলোৰে সুখ কামনা কৰিলো………
<<বিকি কাশ্যপ>>

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা