সপোনবোৰৰ বাবেই আমি জীয়াই থাকো,
সপোনবোৰৰ বাবেই আমি জীয়াই থাকো,
আৰু যেতিয়া সপোনবোৰ ভাগি যায়
থুনুকা কাঁচৰ দৰে,
আমাৰ বাবে অপ্ৰিয় হৈ পৰে সপোনতো
বাস্তৱৰ প্ৰৰোচনাত।
:
কাঁচ এটুকুৰা ভাগিলে শব্দ হয়,
কষ্ট কম হয়।
কিন্তু যেতিয়া সপোন ভাগি যায়
শব্দ নহয়,
কিন্তু অবৰ্ণনীয় কষ্ট হয়।
সেইবাবেই হয়তো সপোনবোৰক মাজে মাজে অৱহেলা কৰো।
স্বাৰ্থপৰ আমিবোৰ,
পূৰ নোহোৱা সপোনবোৰ মনৰ মাজত আলফুলে ৰাখিবলৈও
আমাৰ আহৰি নাই।
সপোন দেখো বাবেই জীৱনতো
ইমান ধুনীয়া আমাৰ।
সপোনে আমাক প্ৰেৰণা দিয়ে।
মৰূৰ মাজত
এটিপাল পানীৰ দৰে সপোনবোৰ।
জীৱনৰ হতাশাৰ সময়বোৰত সঞ্জীৱনী সপোন।
সপোন আছে বাবেই আমি হাঁহিবলৈ পাহৰা নাই।
:
সপোন পূৰ্ণ নোহোৱাৰ আক্ষেপত
সময়ৰ সমাধিক্ষেত্ৰত সমাধিস্হ কৰিলে
কষ্ট পায় হেৰাই যোৱা সপোনবোৰে।
পূৰ্ণ ন'হলেও সপোনবোৰক
আমি সপোন কৰিয়েই মনৰ
কোনোবা ৰিক্ত কোণত
সপোনবোৰ সযতনে ৰাখিলে
সপোনবোৰে উচুপিবলগা নহয়।
সপোন সপোনেই,
অপূৰণীয় সপোনতোক সমল কৰিলে
ই সঁহাৰি দিব নতুন সপোন দেখিবলৈ,
জীয়াই থাকিবলৈ,
নতুন সপোন পূৰাবলৈ।
অপূৰ্ণ সপোনবোৰ
অৱহেলাৰ ডাষ্টবিনত দলিয়াই দিলে,
জীৱনৰ বিয়লি বেলাত
যেতিয়া সেইবোৰৰ বিননি শুনিম,
তেতিয়া হয়তো অনুভৱ কৰিম-
"সপোনক অৱহেলা কৰি একোৱেই নাপালো জীৱনত।"
# ৰ 'দ
Comments
Post a Comment
ধন্যবাদ