জপাই থোৱা স্মৃতিৰ পাতবোৰ

জপাই থোৱা স্মৃতিৰ পাতবোৰ বন্ধ হৈ থকাই ভাল । খুলি দিলেই সময়ৰ নাৱেৰে ভটিয়াই আহে অতীতটো...অতীতৰ এসোপা সেমেকা স্মৃতিয়ে বর্তমানৰ ঊষ্ম বতাহজাকত বাৰুকৈয়ে চটফটায় । কিয় এনে হয়?...যি অতীতৰ বিভীষিকাৰ পৰা নিজকে স্বনির্বাসন দিয়া হৈছিল সময়ে যেন মানি লোৱা নাই...ভূল আছিল স্ব নির্বাসনৰ সিদ্ধান্ত । ভূল ভূল..সকলোবোৰেই ভূল আছিল । সময় আকৌ উভতি আহিছে...অতীতৰ লগত সংযোগ ঘটিছে বর্তমানৰ..কিন্তু চেষ্টা কৰি বন্ধ কৰি থব পাৰি জানো অতীতৰ এটা ধূসৰ পেৰা...
প্ৰেম ,ভালপোৱা,বন্ধুত্বৰে আৱৰা এটা মধুময় অতীতত সোমাই থকা বিষাক্ত বতাহজাক জানো এতিয়াও বিষাক্ত হৈ আছে ! এতিয়াও জানো সময় আছে ভূলবোৰৰ শুধৰণি । কিমান বছৰ ! কিমান বছৰ পুৰণি হল অতীতবোৰৰ সমাধিবোৰ ! কৰবাত যেন কিবা হৈছে....অতীতটো যেন বাৰে বাৰে উভতি আহিছে । এতিয়া যে সকলো শেষ...স্ব নির্বাসনৰ যন্ত্ৰণাজর্জৰ হৃদয়খন জানো এতিয়াও সবল হৈ আছে অতীতবোৰ গ্ৰহণ কৰিব পাৰিবলৈ! কিমান কষ্ট ! কি এক যন্ত্ৰণা । তথাপি যাব লাগিব..অতীতত বিচাৰিব লাগিব সকলো প্ৰশ্নৰ উত্তৰ...যন্ত্ৰণাজর্জৰ অতীতৰ সেই কলংকিত অধ্যায়তেই যেন আছে উত্‍সমুখ । অতীত আৰু বর্তমানৰ সংযোগ যেন খুবেই প্ৰয়োজনীয়...অতীত যেন সমাগত ।
#'দৰ_বিলাপ

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা