অতিতৰ সকলো স্মৃতিৰ পৃষ্ঠাবোৰ বন্ধ কৰি

অতিতৰ সকলো স্মৃতিৰ পৃষ্ঠাবোৰ বন্ধ কৰি কোনো অচিনাকী মানুহ এজনক অাকোৱালী লোৱাৰ সময় অাহি পৰিব।।
সেই দিনটোত তুমি একেবাৰে খাটাং হৈ পৰিবা যে,তুমি বিচৰা সেই অাপোনজনক চিৰদিনৰ বাবে হেৰোৱাই পেলাইছা।।………
মনৰ মাজত বহু চিন্তা,দুখ লৈ জীৱনৰ যাত্ৰাত অাগবাঢ়িবলৈ সেই দুদিনৰ মুখ চিনাকী,মনৰে অচিনাকী মানুহজনৰ হাতে হাত ধৰিবৰ সময় অাহি পৰিব।।……………
দিন বোৰ লাহে লাহে পাৰ হৈ যাব…………সুখি হ'ম নে দুখি হ'ম বুলি ভৱা প্ৰশ্নবোৰ লাহে লাহে যেন নজনাকৈয়ে নোহোৱা হ'বলৈ অাৰম্ভ কৰিছে………………অৰ্থাৎ লাহে লাহে তুমি তেওৰ সৈতে সুখি হ'ৱ অাৰম্ভ কৰিছা।।…………
হঠাৎ ভাব হ'বলৈ অাৰম্ভ কৰিব যে অাগৰ সেই ভালপোৱা জন/জনিৰ কথা মনলৈ অাহিলে দেখোন অাজিকালি বুকুৰ সেই যান্ত্ৰণাটোৱে অামনি নকৰে…………………যাৰ বাবে ইমান কান্দিলো,সেইবোৰ কথা মনত পৰিলে যেন হাহি উঠা হ'ল…………কি হ'ল??
অৰ্থাৎ তুমি সুখি হ'বলৈ ধৰিছা……………শেষবাৰৰ বাবে কন্দা সেইদিনটোতেই তোমাৰ চকুপানীয়ে সকলো স্মৃতি মছি নোহোৱা কৰি,জীৱনৰ সেইজন সংগীৰ প্ৰেমত পৰিব সময়ে তোমাক বাধ্য কৰাই গ'ল…………………সেই সময়ত তোমাৰ মনত অাকৌ অাগৰ দৰেই বিশ্বাস জন্মিব যে""ভগৱানে যি কৰে ভালৰ বাবেই কৰে''।।……………
তোমাৰ ভালপোৱা,অভিমান বোৰ অাকৌ অাগৰ দৰে ঠন ধৰি উঠিব………………তোমাৰ খং অভিমানবোৰ দেখি সেই সংগীজনৰো ভয় হ'ব অাৰম্ভ কৰিব…………তেও অভিমান ভাগিব নাজানি কৰা হাহাকাৰ বোৰ দেখি অাকৌ তুমি খিলখিলাই হাহিব অাৰম্ভ কৰিবা।।………………
যিবোৰ কাৰণত নিজৰ জীৱনতোৰ প্ৰতি ঘৃণা উপজিছিল,সেই সকলো কাৰণ নোহোৱা হৈ নিজক ভালপোৱাৰ অাকৌ সময় অাহি পৰিব………………কাৰণ সেই দিনটোত তুমি অাকৌ খাটাং হৈ পৰিবা যে তুমি অাকৌ প্ৰেমত পৰিছা অাকৌ তোমাক কোনোবাই প্ৰাণ ভৰি পাই।।……………জীৱন যাত্ৰাত এদিন তোমাৰো বহু সুখ হোৱাৰ সময় অাহি পৰিব…………।।………ধন্যবাদ……
<<বিকি কাশ্যপ>

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা