এয়াইটো জীৱন

এয়াইটো জীৱন…………………য'ত বহু যান্ত্ৰণাৰ মাজটো জীয়াই থকাৰ হেপাহ,,,
চকুপানীবোৰৰ মাজে মাজে হাহিৰ নিজৰা।।…………
কিবা এটা কৰাৰ সপোন……………কিবা এটা জনাৰ ইচ্ছা……………কাৰোবাক নিজৰ কৰি লোৱাৰ মনৰ মাজত কল্পনা।।………………
সেইবাবেইতো জীয়াই অাছো……………য'ত অাশা অাছে,য'ত অাপোনবোৰৰ বহু মৰমৰ মাজত নিজৰ চিনাকী অাছে।।
সহজ ভাবে ক'বলৈ গ'লে……জীৱন সুখ অাৰু দুখেৰে ভৰা………এটা যাত্ৰা…।।
সকলো সময়ৰ খেল অাৰু এদিন এই সময়ৰ ওচৰত নিজকে সমৰ্পণ কৰাৰ দিন সকলো মানুহৰে অাহি পৰে………………সেইদিনতোত কাৰোবাৰ বাবে সময় হৈ পৰে বন্ধু অাৰু কাৰোবাৰ শত্ৰু……………কিছুমানে সকলো পায় অাৰু কিছুমানে সকলো হেৰাই যাই।।
তথাপি যুজ,পোৱাবোৰে অাৰু বেছিকৈ পাবৰ বাবে অাৰু নোপোৱাবোৰে পাবৰ বাবে যুজ…………অৱশেষত সকলো মিলি মানুহৰ নতুন বন্ধুত্ব অভাবৰ সৈতে চিনাকী……''অভাব''………………অাৰু এই অভাবেই সলনি কৰে স্বভাব।।
সৃষ্টি খনত অভাবেই অাবিষ্কাৰৰ মুল…………যদিও কিছুসংখ্যকৰ স্বভাবৰ বাবেই অভাব হ'বলৈ অাৰম্ভ কৰে………………বহু পোৱাৰ অাশাত থকাবোৰো হেৰাই……………সেইবাবেইতো মহাত্মা জনে কৈছিল…………প্ৰয়োজনিয়তাৰ শেষ অাছে কিন্তু লোভৰ কোনো শেষ নাই।।………
তথাপি জীৱন…………খং,অভিমান,লোভ,মোহ থাকিবই…………কিন্তু প্ৰয়োজনতকৈ বেছি………কেতিয়াও নহয়।।………ধন্যবাদ………
<<বিকি কাশ্যপ>>

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা