ভালপোৱা বা প্ৰেম হৈ যায়
ভালপোৱা বা প্ৰেম হৈ যায় , প্ৰথম অৱস্থাত হয়টো কোনেও ধৰিবই নোৱাৰে ,
কিহৰ বাবে , কিয় , কেনেকৈ এইবোৰ হল , মাথোঁ জনা যায় বা অনুভূতি হয় ,
" হয়টো কিম্বা মই কাৰোবাক ভাল পাই পেলাইছো "
এটা সম্পৰ্ক বজাই ৰাখিবলৈ হয়টো সকলোৱেই চেষ্টা কৰে ,
আৰু এনেকুৱা নিশ্চয়কৈ এটা সময়ত হৈ উঠে , এজনৰ বাহিৰে আনজন যেন থাকিব নোৱাৰে ,
সকলোবোৰটো ঠিকেই থাকে ,
তেনেস্থলত " মোক তুমি পাহৰি যাবা " এই শব্দটি বাৰু কিয় আহি পৰে ...?
এক - দুই বছৰৰ সম্পৰ্ক এটা কি মাথোঁ চাৰি শব্দৰ মাজতেই সীমাবদ্ধ নেকি ...?
সেইবোৰৰ বাবে মোৰ ফালৰ পৰা এটা অনুৰোধ , যি সকলে খুব সহজেই কৈ পেলাই " মোক তুমি পাহৰি যাবা ",
যদি পাৰা মোৰ মৰমবোৰ উভটাই দিয়া ,
যদি পাৰা মোৰ তোমাৰ ওপৰত থকা বিশ্বাস বোৰ উভটাই দিয়া ,
যদি পাৰা , তোমাৰ বাবে সৰি পৰা এটুপি অশ্ৰু উভটাই দিয়া .......
যদি দিব পাৰা তেন্তে মই নিশ্চয় তোমাক পাহৰি যাম ...!
>> প্ৰীতম আৰ ডেকা
Comments
Post a Comment
ধন্যবাদ