প্ৰেমৰ কেন্সাৰ

প্ৰেমৰ কেন্সাৰ- . - ঐ.. তুমি যে সদায় মন বেয়া কৰি থাকা, মনৰ ওপৰত প্ৰচণ্ড চাপ পৰে সেইটো তুমি নুবুজা নেকি? - বুজি পাওঁ। - কি বুজা? - তুমি মোক মিছা শান্তনা দিয়া প্ৰতিদিন। মোক শান্তনা দিবলৈ আহি তোমাৰো মন বেয়া হয়..! দীৰ্ঘ শ্বাস এৰা মোৰ অনুপস্থিতিত। তোমাৰ চকুযোৰিতো মোৰ দৰে অশ্ৰু বয়। মোক শান্তনা দিবলৈ নাহিবা আৰু। - হাঃ হাঃ হা! মোৰ কি দুখ? মই তো তোমাৰ নিচিনাকৈ দুখৰ খেতি নকৰোঁ! বছৰ ধৰি তাত সাৰ পানী নিদিওঁ, দুখ খেতিডৰা পৰিস্কাৰ কৰি নাথাকো। যত্ন নলও দুখৰ। মোৰ কিয় চকুপানী ওলাব? - চুইটি! জানা? তুমি মিছা ক'লে মোৰ আগত ধৰা পৰি যোৱা! মোক লৈ তোমাৰ ইমান দুখ-কষ্ট! ময়েই তোমাৰ দুখৰ জন্মদাতা! তোমাৰ দুখ আৰু কষ্টক কেতিয়াও সুখলৈ ৰূপান্তৰিত কৰিব নোৱাৰিম কাৰণে মই নিজেও হতাশ... চুইটি মই যে নিৰূপায়। একে উশাহতে কথাকেইটা কৈ পিংকুৱে হুকহুকাই কান্দি দিলে.... - শুনা পিংকু! প্লীজ তুমি হতাশত ভোগী নিজকে কষ্ট দিয়া বন্ধ কৰা! ডাঙৰ হৈছা এতিয়া! এই দুখ কষ্টবোৰ পাহৰি শক্তিশালী হৈ উঠা। চাবা সুখে তোমালৈ বাট চাই আছে। তুমি হাত বঢ়ালে চুব পাৰিবা নীলা আকাশ! তুমি ইচ্ছা কৰিলে সমুদ্ৰৰ উত্তাল ঢেউৰ পৰা শান্ত নদী হ'ব পাৰিবা। - চুইটি! তুমি কেতিয়াবা সুখক চুই পাইছা? - হাঃ হাঃ হা! ইমান সহজ প্ৰশ্ন! হয় সদায় চুও। - কেনেকৈ? - চাওঁ তোমাৰ হাতখন দিয়া! এই যে মই তোমাৰ হাতত ধৰিলোঁ! মই তোমাক ধৰিলেই মোৰ সুখ চুৱা হৈ যায়। তুমি যেতিয়া হাঁহা মোৰ মনত সুখৰ টিউন বাজে। তেতিয়া মই উতলা হৈ যাও, লুকুৱাই ৰাখিবলৈ ঠাই বিচাৰি নাপাওঁ সেই অপৰিসীম ভালপোৱাৰ সুখ বিন্দু টো। - চুইটি! - পিংকু, মই এতিয়া যাওঁ! বহুত কাম পৰি আছে। - তুমি আকৌ মিছা কথা কৈছা। - মিছা কিয় ক'ম? - কাৰণ, যেতিয়া তুমি মোৰ ওচৰত কিবা লুকাব বিচৰা, তেতিয়া তললৈ চাই কথা কোৱা। তোমাৰ ওঁঠে কঁপে। - হ'ব বহুত জানা তুমি...! - চোৱা তোমাৰ চকু চলচলিয়া হৈ গ'ল। --------- দুয়োকাষে দুটা মানুহ যেন থমকি ৰ'ল। লগতে থমকি আছে গোটেই পৃথিৱীখনো। কেৱল হাস্পতালত ৰোগীৰ সতে অহা আত্মীয় মানুহৰ কোলাহল। বহুত দূৰ দূৰণিৰ মানুহৰ সমাৰোঁহ হয় এই হাস্পতালত। ২ মাহ আগতে পিংকুৰ ব্ৰেইন কেন্সাৰ ধৰা পৰিছিল। তাৰপিছৰ পৰাই এই হাস্পতালৰ বিচনাত তাৰ বসবাস। বগা চাদৰখনেই এতিয়া তাৰ সকলো। এইখনেই তাৰ সপোনৰ পৰিধি। চুইটিয়ে ৰাস্তাত থিয় হৈ ৰিক্সাৰ অপেক্ষা কৰি আছে। দুপৰীয়া গুচি আবেলি হ'ব ধৰিছে। সূৰ্য্যটো যেন নিজেই ক্লান্ত। কোনোমতে অন্ধকাৰ নমাব পাৰিলেই ৰক্ষা। যেন তাৰ কৰ্তব্য, দায়িত্ব পালন কৰিছে। ঠিক পিংকুৰ দৰেই। যিটো ল'ৰাৰ সপোনৰ কোনো শেষ নাছিল! যিটো ল'ৰাই নিতৌ অনায়াসে ঘুৰি ফুৰিছিল গোটেই চহৰখনিত। ঘৰত থাকিব বিচৰা নাছিল। ঘৰত থাকিব নিবিচৰাটো কোৱা ভুল হ'ব, সি তো থাকিবই নোৱাৰিছিল ঘৰত। বিজ্ঞান, সাহিত্য, চিনেমা, সমাজ, দেশ আৰু ৰাজনীতি সহ অসংখ্য বিষয়ত যাৰ আগ্ৰহ আছিল অপৰিসীম, সেই ল'ৰাটোৱে আজি হাস্পতালৰ বিচনাত নিজৰ জীৱনৰ শেষ দিনকেইটাৰ সৈতে যুঁজি আছে। কেন্সাৰৰ শেষ পৰ্যায়ত আহি ধৰা পৰিছে। অতিৰিক্ত দুঃচিন্তাৰ কাৰণে তাৰ ব্ৰেইনৰ কোষ সমূহ সংকুচিত হৈ পৰিছে। নিয়মীত মেডিচিন চলিছে। যোৱা দেৰ বছৰৰ পৰা ল'ৰাটোক মন বেয়া কৰি থকা দেখি দেখি চুইটিও ক্লান্ত হৈ পৰিছে। এতিয়াতো কেন্সাৰ। চুইটিৰ দুগালেদি অশ্ৰু বৈ আহিল। হঠাৎ ৰিক্সাৰ বেলৰ শব্দ শুনি তাই জাগ্ৰত হ'ল। দাদা, হাস্পতাল যাব? . চুইটিয়ে ভাবে, ভাবি আছে। কি কৰিলে ল'ৰাটো সুস্থ হ'ব? কি কৰিলে তাই তাইৰ জীৱনক বচাব পাৰিব? ল'ৰাটোক কোনো কাৰণত হেৰুৱাব নিবিচাৰে তাই। কেতিয়াও নহয়। পিংকুৰ মৃত্যুৰ আগতে নিজৰ মৃত্যু হোৱাটোকে কামনা কৰে তাই। কিন্তু... পিংকু....... . ছাবিৰ আহমেদ

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা