অাত্মহত্যা………………
অাত্মহত্যা………………
মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো।………………কিয় নোৱাৰে তেও জীয়াই থাকিব?
উত্তৰ হয়টো মোতকৈ জীয়াই থাকিব নোৱাৰা জনে/জনিয়ে ভালদৰে অনুভব কৰিব পাৰিব।।
তথাপি…………অাত্মহত্যা কৰাটো কিমান যুক্তিসংগত?
কলেজৰ এজনি সুন্দৰীৰ প্ৰেমত অফলতা হোৱাৰ বাবেই নিজক শেষ কৰি দিয়াটো প্ৰেম কেতিয়াও হ'ব নোৱাৰে।।…………এজন ল'ৰাই এজনি ছোৱালীক বিশ্বাসঘাটকতা কৰি এৰি যোৱাৰ বাবে নিজক হত্যা কৰাটো প্ৰেম হ'ব নোৱাৰে………………এইটো এটা জেদ অাৰু মানসিক ৰোগ।।
জীৱনত বহু ভালপোৱা মানুহজনে হঠাৎ অকলশৰিয়া কৰি এৰি যোৱা বেদনা কিমান,মই অনুভব কৰিব পাৰো………বহু বিশ্বাসৰ পৰিণতিত পোৱা অৱহেলা অাৰু ঠগবোৰে কিমান যান্ত্ৰণা দিয়ে মই ও অনুভব কৰিব পাৰো।।…………
এইবোৰ দুখ,যান্ত্ৰণা অাৰু সমস্যাৰ সমাধান জানো অাত্মহত্যা হ'ব পাৰে……………কাৰ দুখ অাৰু সমস্যা নাই………………প্ৰত্যেকজন মানুহৰে জীৱনৰ অান এটা নাম সমস্যা।।যদি সকলোৱে সমস্যা বা দুখৰ বাবে অাত্মহত্যা কৰে পৃথিবীত মানুহ শেষ হওতে ছেকেণ্ড নালাগে।।
এই অাত্মহত্যা কৰা কেইজন সিমানেই জগৰীয়া নহয় নে যেনেদৰে বিশ্বাসঘাটক কৰিছিল সেইজন প্ৰতাৰকে ।প্ৰেমত তেও পৰিছিল,বিশ্বাসঘাটকতা তেও লাভ কৰিছিল কিন্তু ঘৰৰ মাক দেউতাকৰ গাত কি ভুল অাছিল?তেওৰ ভালপোৱাহে কি চিৰযুগমীয়া অাছিল,মাক দেউতাকৰ মৰম বোৰৰ কথা পাহৰি যে তেও নিজক হত্যা কৰিছিল।।
অাজিও হয়টো শোকত ভাগি পৰে তেওৰ পৰিয়াল………ভনীয়েক,ককায়েকে অাজিও হয়টো ভুলতে ডায়েল কৰে তেওৰ ম'বাইল অাৰু ম'বাইলৰ উত্তৰে অনুভব কৰাই সেইজন যে নাই এই পৃথিবীত।।
অাগতেও কইছো,
অাৰু অাজিও কও জীয়াই থকাৰ যদি কাৰণ নাই তথাপি জীয়াই থাকা…………অাপোন কোনোবাক নিজৰ কৰিব নোৱাৰিলেও,তোমাক অাপোন বুলি ভবা বোৰৰ হ'ব চেষ্টা কৰা।।দুখ সমানে হয় সকলোৰে,তোমাক অৱহেলা কৰাৰ বাবে তুমি যেনেকৈ দুখ পোৱা তেনেকৈ তোমাক অাপোন ভবাবোৰক অৱহেলা কৰিলে সিমানেই দুখ পাই।।………তোমাক বেয়া পোৱা বোৰৰ বাবে কিয় কান্দিছা,কিয় হাৰিছা……………শাস্তি দিয়া তেওলোকক,,মনত ৰাখিবা তোমাক বেয়া পোৱা বোৰক শাস্তি দিব তোমাৰ এটা হাহিয়েই বহুত।।…………সুখি হোৱা অাৰু তোমাক ভালপোৱাবোৰকো সুখি হ'ব দিয়া।।………অাত্মহত্যা নহয় প্ৰতাৰণাৰ বাবে পোৱা দুখ বোৰক হত্যা কৰা,,জানো কঠিন তথাপি চেষ্টা কৰা………এটি মিঠা হাহিৰে।।ধন্যবাদ………
<<বিকি কাশ্যপ>>
Comments
Post a Comment
ধন্যবাদ