এবাৰ এখন মেডিকেল কলেজত অন্তিম বৰ্ষৰ দুটা ছাত্ৰ অৰুণ আৰু প্ৰবিনৰ মাজত তৰ্ক বিতৰ্কৰ সৃষ্টি হ'ল।
অৰুণ: তই আৰু তৃশা সদায় একেলগে বহ... একেলগে খাৱ... একেলগে ঘুৰা ফুৰা কৰ..! খুব লটি ঘটি চলি আছে না.. হা হা!
প্ৰবিন: অৰুণ! তাই মোৰ খুড়াৰ ছোৱালী! সম্বন্ধত আমি দুয়োটা ভাই-ভনী... ইয়াৰ বাহিৰে আমাৰ মাজত যদি কিবা আছে সেয়া হ'ল পৱিত্ৰ বন্ধুত্ব। এটা পৱিত্ৰ সম্পৰ্কৰ বিষয়ে এনেকুৱা ঘৃণনীয় কথা ক'বলৈ তোমাৰ লাজ নালাগিল?
অৰুণ: হাঃ হাঃ হা! তই এটা পাগল, গাধ,মূৰ্খ, যধা মূৰ্খ, কুকুৰ.. তহঁতৰ মাজত কি চলিছে মই নাজানো নেকি? ক'ম ক'ম আৰু বেছি ক'ম।
প্ৰবিনে তৃশাৰ কথা ভাবি মনে-মনে থাকিল। সি তো ল'ৰা হয়, তাৰ ওপৰত বদনাম লাগিলে দুদিন পিছত সেইবোৰ সকলোৱে পাহৰি যাব, কিন্তু! কিন্তু, তৃশা যে এজনী ছোৱালী! ছোৱালী এজনী কলংকিত হ'লে, সেই দাগ চিৰ জীৱনৰ কাৰণে থাকি যায়। কলংকিত ছোৱালীবোৰক জীৱনত কোনেও আপোন কৰি ন'লয়! এই মিছা বদনাম কি তাই সহ্য কৰিব পাৰিব? নাই নোৱাৰে! তাতকৈ ভাল মই নীৰৱ থাকো...!
১ম ছাত্ৰ: ঐ মূৰ্খ চাল্লা! দম থাকিলে মোৰ কথাৰ উত্তৰ দে.... হাঃ হাঃ হা তইনো কি ক'বি... ভয়ত কঁপি আছ!
প্ৰবিনে মিচিকিয়া হাঁহি এটা মাৰিলে...!
অৰুণ: ঐ কুকুৰ.. হাঁহিছ কেলেই? মই কি ইয়াত joke মাৰি আছোঁ? হাৰামী চাল্লা তৃশাৰ লগত নাজায়েজ সম্পৰ্ক ৰাখ...!
প্ৰবিন: অৰুণ... প্লীজ মুখ চম্ভালি কথা ক'বা নহ'লে...।
অৰুণ: নহ'লে কি... কি কৰিবি.. মাৰিবি নেকি... হাঃ হাঃ হা মোক দম দিয় চাল্লা হাৰামী, তৃশাৰ নাজায়েজ প্ৰেমিক। এইবুলি কৈ অৰুণে প্ৰবিনৰ গালত চৰ এটা মাৰি দিলে..! চৰ খাই প্ৰবিন মাটিত পৰি গ'ল..! এই সমস্ত দৃশ্য ক্লাছৰ বাকী ছাত্ৰ-ছাত্ৰীয়ে চাই আছিল..! অৰুণে প্ৰবিনৰ ওপৰত হাত উঠোৱা দেখি ক্লাছত হৈ চৈ আৰম্ভ হৈ গ'ল...! Principle অফিচত বহি আছিল! হঠাৎ চিঞৰ বাখৰ শুনি ক্লাছত সোমাই আহি দেখিলে, প্ৰবিন তলত পৰি আছে আৰু অৰুণে তাক মাৰিবলৈ উদ্বত, হাতত টাঙোন এটা লৈ বেয়া বেয়া গালি দি আছে...! মাৰিবলৈ লওঁতেই Principle এ ক'লে: Stop Arun.. What the hell is going on?
তেতিয়া ক্লাছৰ বাকী ছাত্ৰ-ছাত্ৰীবোৰে সমস্ত বিষয়টো Principle'ক ভাঙি পাতি কোৱাত.. Principle এ অৰুণ'ক মিছামিছি মেডিকেল কলেজৰ চৌহদত কাজিয়া কৰা, বেলেগৰ ওপৰত মিছা বদনাম দিয়া আৰু বেয়া ব্যৱহাৰ কৰাৰ অপৰাধত গোটেই জীৱনৰ কাৰণে Medical Studyৰ পৰা নিলম্বিত (Life Ban) কৰি দিলে..।
পাছত Principle এ প্ৰবিনৰ মাথাত হাত বুলাই ক'লে: কোনোবাই যদি তোমাক মূৰ্খ বুলি কয়, তুমি মূৰ্খ হৈ নোযোৱা! কোনোবাই যদি তোমাক পাগল বুলি কয়, তুমি পাগল হৈ নোযোৱা। কোনোবাই যদি তোমাক বেয়া বুলি কয়, তুমি বেয়া হৈ নোযোৱা! মূৰ্খ, পাগল আৰু বেয়া মানুহ সেইবোৰ, যিবোৰে অযতা বিতৰ্ক কৰে..., যিবোৰে নিজৰ দোষ বুজি নাপায়, যিবোৰে পৰ নিন্দা কৰে, যিবোৰে নিজকে মহান বুলি ভাবি বেলেগৰ মান-সন্মান আৰু জীৱনক লৈ খেলে। সেইবোৰ দানৱ।
তুমি জ্ঞানীৰ কাম কৰিছা, তোমাৰ ভৱিষ্যত উজ্জ্বল হওঁক।
.

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা