ক্ৰীং ক্ৰীং .... ক্ৰীং ক্ৰীং...
ক্ৰীং ক্ৰীং .... ক্ৰীং ক্ৰীং...
.
: হেল্ল! তুমি এতিয়াই হোজাইত আহিব পাৰিবানে?
- কিয়?
: তোমাক চাবলৈ মন গৈছে।
- অলপ পিছত তো অফিচৰ পৰা ঘৰত যামেই।
: তোমাক ফ্ৰী দেখি মজা নালাগে, আগতে লুকাই লুকাই দেখিছিলো কি মজা লাগিছিল ৱাহ...।
- অঃ বুজিলো! মই পুৰণা হৈ গ'লো না?
: উফ... কামোৰ নিদিবা না! ওলাই আহা... ব্লু চিল্কী কলা মেখেলা চাদৰ যোৰ পিন্ধি আহিবা।
- এই গৰমত?
: তাতে কি হ'ল? আগতেচোন কৈছিলা মোক দেখিলে তোমাৰ সকলো শান্তি হৈ যায়।
- সেইটো কৈছিলো কেৱল তোমাৰ নিৰ্লজ্জ হাত দুয়োখনক বাধা দি ৰাখিবলৈ।
: বিশ্বাস কৰা, আজিও মোৰ হাত দুয়োখনে তোমাক সেই অন্ধকাৰ গলিটোত বহুত মিছ কৰে।
- জানো! মইও মিছ কৰো ঘামত লুতুৰি পুতুৰি খোৱা তোমাক।
: আজি সকলো আশা পূৰণ হ'ব।
- মই কিন্তু চুলি খুলি আহিম।
: মইও ৰঙা গোলাপ এপাহ লৈ অপেক্ষা কৰিম।
- তুমি কিন্তু চিগাৰেট হুপি থাকিবা।
: আৰু তুমি অহাৰ আগতেই লুকুৱাৰ ভাও জুৰিম।
- আৰু মই খঙতে উভতি যাব ধৰিম।
: আৰু মই ঠিক তেতিয়া পকেটৰ পৰা তোমাৰ কাৰণে অনা সোণৰ কাণফুলি উলিয়াই চনচন শব্দ কৰিম।
- তুমি কেনেকৈ জানিলা মোৰ কাণফুলি হেৰাল বুলি?
: যেনেকৈ তুমি জানা মই লুকাই লুকাই চিগাৰেট খাওঁ।
- মই আৰু বহুত কিবাকিবি জানোঁ।
: মই বেছি জানোঁ।
- বাঃ বাঃ! কি জানা তুমি।
: মই জানো যে- আমাৰ পৰিয়ালত নতুন কোনোবা আহি আছে।
- নাম ঠিক নকৰা?
: দহ মাহ দহ দিনলৈকে তুমি কষ্ট কৰিবা, সেইটো তোমাৰ অধিকাৰ।
- মই কথা এটা ক'ব বিচাৰোঁ।
: কি ?
- মই গোটেই জীৱন তোমাৰ সতে এনেকৈ থাকিব বিচাৰো।
: মই এতিয়া কেৱল তোমাক আৰু আমাৰ সন্তানক সুস্থ থকাটোকে বিচাৰো।
- ফোন ৰাখা।
: কিয়? কান্দিবা?
- হুম।
: ঠিক আছে...! ভালকৈ কান্দি চকুত ধুনীয়াকৈ কাজল লগাই আহিবা। মই অপেক্ষা কৰি আছোঁ....
.
ছাবিৰ আহমেদ
Comments
Post a Comment
ধন্যবাদ