বেশ্যাৰ আৰ্তনাদ"
বেশ্যাৰ আৰ্তনাদ"
.
জানা, মই না বহুত সাজিব লাগে
মোৰ গোটেই চেহেৰাত পিঠিত বহুত জ্বলে
তথাপিও শৰীৰত সস্তীয়া পাউডাৰ সানিব লাগে।
জানা, গৰমত মোৰ উশাহ বন্ধ হৈ যায়
তথাপিও চকমকীয়া শাৰীখন পিন্ধিব লাগে।
সেয়া নকৰিলে কোনেও মোৰফালে ঘুৰি নাচায়!
অনিচ্ছা সত্ত্বেও মই মোৰ ব্ৰা দেখুৱাব লাগে
শাৰীৰ আচল সচলা কৰি ৰাখিব লাগে
নহলে কোনোমতেই বিক্ৰী নহওঁ মই।
জানা, মোৰ গাত অসংখ্য চিগাৰেটৰ পুৰা দাগ
সুখৰ সাগৰত ডুবালেও মই লাথ খাবলগীয়া হয়!
সেয়া নকৰিলে যে সিহঁতে তৃপ্তি নাপায়!
জানা, আজিৰ পৰা ১১ বছৰ আগত এখন উপন্যাসত মই মোৰ নিচিনা এজনী বেশ্যাৰ কাহিনী পঢ়ি কান্দি দিছিলো
এতিয়া তোমালোকৰ সেই উপন্যাসবোৰ পঢ়িবলৈ মোৰ বিৰক্তি লাগে! বেশ্যাৰ বিৰক্তি। কি হাস্যকৰ নহয় না।
চিনেমা আৰু উপন্যাসত তোমালোকে বেশ্যাৰ প্ৰতি যিমানখিনি দয়া দেখুওৱা
তাৰে এক শতাংশ দয়া বাস্তৱত কৰিলে মই কিন্তু মাহেকত এবাৰো সস্তীয়া ক্লিনিকত যাবলগীয়া নহল হেতেন।
ৰাতি তোমালোকে মোক যিমানখিনি মৰম কৰা
তাৰে অলপ শ্ৰদ্ধা দিনত কৰিবা
মোৰ কাৰণে নহয়...
মোৰ বৃদ্ধ দেউতা আৰু সৰু বাবুটোৱে নাখাই থাকিলে মোৰ বহুত কষ্ট হয়।
মোক বাইদেউ অথবা ভন্টি বুলি মাতিব নালাগে
নাৰী কিম্বা মানুহ বুলিও ভাবিব নালাগে
মই যে বেশ্যা!
মোক অলপ অধিকাৰ দিবা যাতে মই সেইসকলক ঘৃণা কৰিব পাৰোঁ
যিসকলে মানৱ অধিকাৰৰ নামত মোৰ গাত হাত দিয়ে।
ৰেড এলাৰ্টৰ নামত বেশ্যাৰ ধৰ্ম বিনাশ কৰাবোৰক ঘৃণা কৰাৰ অধিকাৰটো মোক দিবা।
জানা, মোৰ জীয়াই থাকিবলৈ বহুত মন যায়
খোপাত কাৰোবাৰ দিয়া বেলি ফুল বান্ধিবৰ মন যায়
কাৰোবাৰ কাৰণে কাৱৈ মাছৰ তৰকাৰী ৰান্ধিবলৈ মন যায়।
বেশ্যাৰো অলপ অভিমান কৰিবলৈ মন যায়
যদি কেতিয়াবা মোৰ কাৰণে অলপ সপোন কিম্বা অভিমান বিচাৰি আনি দিব পাৰা
মোক পাবা ভিক্টোৰিয়াৰ ওচৰে পাজৰে
বেছি দেৰি কৰিলে কিন্তু কেতিয়াও নোপোৱা
কাৰণ, বেশ্যাৰ মৃত্যু বহুত সোনকালে হৈ যায়।
বেশ্যা তোমালোকতকৈ কম পুণ্যবান যে সেয়ে।
.
ছাবিৰ আহমেদ

Comments
Post a Comment
ধন্যবাদ