জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই……………অাজি নিজকে এবাৰ লক্ষ্য কৰা……… তুমি কিমান কঠোৰ?……
লাহে লাহে তুমি নজনা কৈয়ে যে দুখবোৰ পাতল হ'ব অাৰম্ভ কৰিছে…………কি দিন অাছিল অাৰু অাজি কি দিনত খোজ পেলাইছা তাৰে সুখ দুখ বোৰৰ পৰিমাণ জুখি চোৱা……তেতিয়া তুমি নিজেই বুজিবা যে তোমাৰ সুখ বুলিবৰো একো নাই অাৰু দুখ বুলিবৰো একো নাই।।…………
মই জানো,ধূমুহাত বাগৰি পৰি থকা বৰগছ জোপা দেখি তোমাৰ অাজি অাৰু সেই বৰ গছ হোৱাৰ অহংকাৰ নাই……………কাৰণ তুমি বুজিব পাৰিছা যে তোমাত কৈয়ো শক্তিমান অাৰু কোনোবা অাছে,বুজিব পাৰিছা যে সময়ে যিকোনো মুহূৰ্তত অহংকাৰ চূৰ্ণ বিচূৰ্ণ কৰি ভাগি পেলাব পাৰে।।…………
অভিজ্ঞতাই অাজি তোমাকো বুজাই থৈ গ'ল যে………সৰু হ'লেও যে সেই বৰগছ জোপাৰ তলত থিয় হৈ থকা দূৱৰি বন কেইদাল যে বহু কষ্ট হ'লেও সজিব অাৰু চিধা হৈয়ে ৰৈ গ'ল।।…………
এদিন সকলোৱে বুজিব……………অাজি তুমি বুজাৰ দৰে………তোমাৰ শত্ৰুকো সময়ে শিকাই দিব যে তুমি যিমানেই শক্তিশালি নোহোৱা কিয়………সময় যে তোমাত কৈ বহু গুণে শক্তিশালি।।…………
মনত ৰাখিবা…………জীৱনত যদি কেতিয়াও ভুল কৰা নাই তেতিয়াহ'লে তোমাৰ কোনেও অনিষ্ট কৰিব নোৱাৰে………………।
তথাপি জীৱনত এনেবোৰ মানুহ কিছুমানৰ সংগ লাভ কৰিছো,যি সকলে ভুল নকৰা কৈয়ে কষ্ট লাভ কৰিছে…………যিসকলে অানৰ ভুলৰ শাস্তি লাভ কৰিছে………হয়টো তেনেবোৰ মানুহৰ বাবেই সময় বন্ধু য'ত বহু ডাঙৰ ধূমুহাতো তেওলোক সেই দুৱৰি বন কেইদালৰ দৰে অৱশেষত সজিব অাৰু চিধা হৈ ৰৈ যায় জীৱন যাত্ৰাত।।
ধন্যবাদ………

Comments

Popular posts from this blog

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা