মঞ্জুলা.এচ

আজিও আগৰ দৰেই ডিউটি লৈ অহা আধাঘন্টা লেট , তাতে চিগাৰেট এটা হুপি নোলোৱাকৈ কেনেকৈ কাম আৰম্ভ কৰিম। কেবিনত সোমোৱাৰ লগে-লগে সহ-কৰ্মীয়ে গুড আফটাৰনোন কৈ ডে ৰিৰ্পটৰ লগত এটা ৰিজুম আনি টেবোলত থলে আৰু কলে ছোৱালীজনী পুৱাৰ পৰা বহি আছে তাইৰ ৰিজুমটো চাই লোৱা চোন । বেচেৰী বৰ মৰম লগা বিধৰ ছোৱালী। মই তাইৰ ফালে চাও মানেই  তাই বাহিৰলৈ ওলাই গ'ল। কিবা কোৱাৰ আগত তাইৰ ৰিজুমত চকু পৰিল। (ছোৱালী না,,,, তাতে মৰম লগা বুলি কমেন্ট এটা পাইছো নহয়, দিনৰ আৰাম্ভনী ভালে যেন পালো) ৰিজুমত তাইৰ পাচপৰ্ট ফটো চালো, সছাকৈ ব'ৰ মৰম লগা ছোৱালী নাম মঞ্জুলা.এচ। (নামটো অলপ বেলেগ ন , চাওথৰ নাম তেনেকোৱাই হয়)  বেচি বয়সৰ ছোৱালী নহয় পি-ইউ-চি ৰ লগতে হোটেল মেনেজমেন্ট কৰি আছে। ভিতৰলৈ মাতি পঠালো, ফ্ৰেচ'আপ কামৰ একো এক্সপিৰেঞ্চ নাই  কিন্তু বৰ বুধিয়ক ছোৱালী। আমি অসমীয়াই কাম কৰিবলৈ লাজ কৰো কিন্তু তাইৰ দেউতা ট্ৰেফিক পুলিচ মাকেও কিবা কম্পেনীত চাকৰি কৰে । এতিয়া তাইও পাৰ্ট-টাইম কাম বিছাৰি ৰিজুম দিছে। কিয় বোলি নোশুধিলো। মই মাত্ৰ তাইৰ ফালে এপলক চাই মনে-মনে ৰৈ গলো। তাই চাপৰকৈ, চকু দুটা অলপ ডাঙৰ,উঠ সৰু-সৰু, চুলি বহুত দীঘল ধুনিয়াকৈ দুডাল মান চুলিয়ে তাইৰ এটা চকুক আমনি কৰিছে।মই তাইক বহিব কলো আৰু অলপ কিবা-কিবি শুধি হিন্দীত কিবা পঢ়িব দিলো। তাই কি পঢ়িছে নাজানো মই মাত্ৰ তাইলৈ চাইহে থাকিলো।তাইক দেখি মোৰ মনে কিবা বেয়া কথা ভাৱিবলৈ ধৰিলে(মই তেতিয়া জুনালীক ভাল পাই আছিলো) ভাৱিলো জ'ব দিদিও বেটীক পটাব পাৰিম হি হি। কিটছেন (kitchen) চুপাৰ ভাইজাৰৰ পষ্ট খালী আছিল, তাইক তাতে এপয়ন্ট কৰি আ'ফাৰ লেটাৰ জয়নিং লেটাৰ দিবলৈ মোৰ সহ-কৰ্মীক কলো আৰু তাইক কালিৰ পৰা জইন কৰিবলৈ কলো। মই সকলো ষ্টাফৰ (staff)  লগত বন্ধু হিছাপে ব্যৱহাৰ কৰো। ধেমালী কৰো, ডাইলগ কও, ছোৱালী বিলাকক জোকাউ(ভাল ভাবে) সকলোৱে মোক মোৰ নাম কাঢ়ি মাতে.... । মঞ্জুলাৰ প্ৰথম দিন,  মোৰ অহা দেৰি। মই কেনেকোৱা পাগল লৰা তাই  নাজানে। কেবিনত বহি তাই কামৰ বিষয়ে পঢ়ি আছে 2:20পি এম'অত মোৰ এন্টি (entry)  হাই, হে'ল্ল তে এটা হাল্লা লাগিল । তাই আচৰিত, মই কেনেকৈ সকলোকে জোকাই হাহিঁ-হাহিঁ  আহি আছো।তাই "good afternoon ছাৰ, মই পিছলৈ ঘুৰি "ঐ  ইয়াত ছাৰ কোন অ ;  মঞ্জুলাই afternoon কৈছে। চবে হাহোঁতে তাই লাজ পালে , মই চৰী কৈ মোৰ কেবিনলৈ মাতিলো। কামৰ বিষয়ে বোজাই, আমি নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিলো। বহুত সোনকালে আমি ভাল বন্ধু হৈ পৰিলো। (অসমৰ ল'ৰা চেনি দিব ভালকৈ জানো হিঃ হিঃ) তাইক মোৰ লা'ভ ষ্টৰি কলো আৰু কথাও পতাই দিলো। কিন্তু তাই মোক লাইক কৰিবলৈ লৈছে। তাই জানে মই 12:00পি.এম. লৈ শুই থাকো, তাই 11:59এ.এম'অত সুপ্ৰভাত মেছেজ সদাই দিব। লকাৰৰ্ পৰা চিগাৰেট লোকোৱাই দিনে এটা-দুটা কৰি এপেকেট চিগাৰেট খোৱা লৰাক তিনিটা চিগাৰেটত লিমিট কৰি থলে। লান্স'অত (lunch) তাই নিজৰ বক্সত সদাই কিবা কিবি বনাই আনি দিয়ে। মোৰ পেপাৰ ৱাৰ্ক  তাই নিজে কৰি দিয়ে।  ইমান ভালকৈ ৰিক্সলৈ কাম কৰিছিল যে মই আচৰিত হৈছিলো । তাই মোৰ লিখনী,কবিতা বহুত ভাল পাইছিল হয় তাই অসমীয়া বোজা নাছিল। কিন্তু মোৰ ব্লগাৰ লিংক অপেন কৰি কাৰোৱাক কৈ  পঢ়োৱাই তাৰ অৰ্থ বুজিব চেষ্ঠা কৰিছিল। আৰু মোক ডাইলগৰ ৰূপত মোৰ লিখনি শাৰং কৈছিল। তাই কেতিয়াও নকলে কোনে ট্ৰান্ছেলেট   কৰি দিছিলে তাইক, অসমীয়াৰ পৰা কান্নাড়া ভাষালৈ। মই জুনালীৰ লগত ফোনত কথা পাতিলে তাই মনে মনে মোৰ মুখলৈ চাই হাহিঁ থাকে । কি চাই আছা বুলি শোধুতে উত্তৰ আহে তাইক ইমান মৰম কৰা নে, আৰু মিচিকি হাহিঁ এটা মাৰি আৰু কথা পাতা বুলি সংকেত দিয়ে।  আমাৰ বন্ধুত্ব ইমান বাহি গৈছিল যে কামৰ প্ৰেচাৰ গমে পুৱা নাছিলো। তাই কামৰ পৰা ঘৰলৈ যাবলৈকে  পাহৰি গৈছিল। সদাই মই তাইক ঘৰলৈ নোযোৱা নেকি বুলি মনত পেলাই দিব লগা হৈছিল। প্ৰ'পজ ডে'ত তাই হাতৰ তলোৱাত মায়ক্ৰ আৰ্টিচ'ৰ দৰে হাৰ্টৰ চিম্বল বনাই "না'ন্ নিনগে প্ৰিতিচ্'তা ইদিনি; ( মই তুমাক ভাল পাও) বুলি আকি মোক কৈছিল "কেনে আছে , মই এজন লৰাক ভাল পাওঁ তাৰ বাবে বনাইছো ভালে আছেনে; মই কামৰ প্ৰেচাৰত কিবা টেনচনত আছিলো। তাইক কলো তুমি ইয়াৰ পৰা যোৱা, প্লিজ। তাই মোৰ লেপটপটো লৈ মোৰ কেবিনৰ পৰা বাহিৰ ওলাই গ'ল। (মই প্ৰ'পজ ডে বুলি পাহৰি গৈছিলো । মই এইবোৰ নামানো যে) মাৰ্ছৰ 5 তাৰিখ তাইৰ জন্মদিন। তাই মোক ঘৰলৈ মাতিলে ঘৰত পাৰ্টি আছে বুলি। মই শুধিলো কি গিফ্ট লাগিব তাই ক'লে তুমি অহাটোৱে মোৰ বাবে ডাঙৰ গিফ্ট হ'ব। নাজাও বুলি কৈছিলো কিন্তু তাই চকু চল-চলিয়া কৰি ৰিকুৱেষ্ট কৰাৰ বাবে মিছাতে অ বুলি কলো। শনিবাৰত তাইৰ জন্মদিন পৰিল মই ব্যস্ত থকা দিন। সময় ওলিয়াব পাৰিলো হয় কিন্তু চৰী কম বুলি নগলো। পিছ দিনা তাই কামলৈ নাহিলে ফোন অ'ফ ভাবিলো কিবা কাৰনত চাগৈ...।  10 মাৰ্ছলৈকে তাইৰ খবৰ নোপোৱা দেখি তাইৰ duty report বিছাৰি time office অলৈ ই-মেল পঠালো,  আধাঘন্টাৰ ভিতৰত G.M. এ এটা মেল ফৰৰ্ৱাড কৰিলে । "মঞ্জুলাৰ ৰ resignation letter,  কিবা ব্যক্তিগত অসুবিধাৰ বাবে তাই job quite কৰিলে। দুখ পালো। মই তাইক ভাল পোৱা নাছিলো কিন্তু মই জানিছিলো যে তাই মোক ভাল পাই, মই তাইক ফোনএটা কৰি শুভেশচ্ছা দিবও সময় নোলিয়ালো। এদিন তাইৰ ঘৰ ওচৰলৈকে গলো , ভিতৰ কেনেকৈ সোমাম বাপেৰে ডি.এল থাকিলেও পেনেলেটি লগায় । বিনা পাৰমিচনত গলে কি যে কৰে। ফাইনেলি মই তাইক হেৰুৱালো চছিৱেল নেটৱাৰ্ক (social network)অৰতাই নিজৰ প্ৰফাইল ডিলেট কৰি দিলে। এনে একো  পদ্ধতি নথলে য'ত মই তাইক বিছাৰি পাও। বহুত মানুহক মই লগ পালো কিন্তু তাইৰ দৰে নিৰবে ভাল পোৱা silent lover মই কতো নাপালো। তাই মোৰ জীৱনলৈ আহিল,মোক  ভাল পালে আৰু মনে মনে গুছি গ'ল।কি  লৈগ'ল নাজানো কিন্তু দি গ'ল good memory। মই জানো তুমি কৰবাত এই লিখনিৰ কান্নাড়া (kannada) অনুবাদ কৰি শুনি আছা। মই জানো মোৰ ব্যক্তিগত নম্বৰত তুমিয়ে ব্লেন কল কৰা মোৰ মাত শুনিবলৈ। কাৰন সেই নম্বৰ গনিব পৰা মানুহৰ লগত হে আছে। ঐ তুমালৈ কেতিয়াবা বহুত মনত পৰে জানা। এটা ভাল খবৰ আছে তুমি মোৰ চিগাৰেট খোৱা এৰুৱাই দিলা। তুমি যোৱাৰ পৰা মই স্মকিং ( smoking) কৰিৱলৈ বাদ দিলো। তোমাক চৰী কব মনগৈছে অ। এইবছৰ জন্মদিনত নামাতিবা একে উত্তৰ হব। কিন্তু তোমাৰ বিয়াত মাতিবা হা, নিশ্চয় যাম কোন তপা আংকলৰ লগত নো বিয়া হবা চাৱলৈ হিঃ হিঃ। 
তোমাৰ দৰে দ্বীতিয় জনী নাপালো অ। যিকিনহওক জন্মদিনৰ আগতিয়াকৈ হিয়া ভৰা শুভেশচ্ছাৰ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
(🗣Onde Ondu Sari,Kanmunde Baare Kannatumba Ninnannu Na Tumbikondehenu
Ninninda Nannannu Na Kandu Kondenu
Nee Yaaro Kanenu Nannolle Neenu.)

✍ Gobinda satnami

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা