প্ৰেমত বলি হলে সবেই কান্দে,,,,

প্ৰতাৰনাৰ বলি হ'লে সবেই কান্দে, কিন্তু প্ৰেম কৰোতে প্ৰেমৰ আদৰ খুউব কম  হয়। কিয় বাৰু  সবেই এটা বেটাৰ অপ্চন বিচাৰি ফুৰে । পোৱাতে সুখী হৱ নোৱাৰে জানো?
মানুহে কয় প্ৰেমত ধনি-দুখীয়া , জাত-পাত, দেখাত ধুনিয়া তেনে একো নালাগে।
কিন্তু সত্য এইয়া যে আজিৰ প্ৰেমত ধুনীয়া হৃদয়ৰ কোনো জেগা নাই, মাত্ৰ ভাল প্ৰফাইল,  দেখাত সুন্দৰ, প্ৰচুৰ পৰিমানে ধন ইত্যাদি ইত্যদি।
দুদিনৰ প্ৰেমৰ বাবে কোনোৱাই নিজৰ জীৱন ধ্বংস কৰি পেলাই আৰু হয় মাত্ৰ কাৰুৱাৰ অৱহেলাৰ পাত্ৰ।
তেওঁৰ কি ভুল আছিল , তেওঁ জানি বুজিতো দুখিয়া পৰিয়ালত জন্ম লোৱা নাই বা তেওঁ ইচ্ছা মতেতো ক'লা হোৱা নাই। তেওঁ দেখাত হেণ্ডছাম নহয় যদি তাত তেওঁৰ কি দুখ। যদি তুমি তেওঁৰ লগত সুখী হৱ নোৱাৰা কিয় তেওঁৰ প্ৰেমৰ প্ৰস্তাপ গ্ৰহন কৰিছিলা। নতুন জন পাই তুমি তেওঁৰ লগত প্ৰতাৰনা কৰিলা, কিন্তু এবাৰো ভাৱি চালানে তেওঁ কেনেকৈ জীয়াই থাকিব। কাৰ ভৰষাত তেওঁ সপোন ৰচি ঊৰে ৰাতি উজাগৰে কটাব। অ তেওঁ আজিৰ ৰাতিও নিদ্ৰাবিহীন কাৰন তোমাৰ দিয়া আঘাতে তেওক আজি শুৱ দিয়া নাই আমনি কৰিছে স্মৃতিয়ে। তেওঁ যেন নিজৰ মাজতে হেৰাই গৈছে, কিন্তু তোমাৰ ওপৰত তেওঁ কেতিয়াও আঙুলি দিয়া নাই, কাকো কোৱা নাই যে তুমি  তেওৰ জীৱন ধ্বংস কৰিলা বোলি। এইয়া হৈছে তোমাৰ প্ৰতি থকা তেওঁৰ নিঃস্বাৰ্থ প্ৰেম। তেওঁ জানে তুমি কেতিয়াও ঘুৰি নাহা তথাপিতো তোমালৈ বাট চাই সপোন ৰ'চে  । তোমাৰ ভালক'হে চিন্তা কৰে, হয়তো তুমি নাজানা যে তেওঁৰ লগত প্ৰতাৰনা কৰি কিমান ডাঙৰ ভুল কৰিলা। এদিন নিশ্চয় গ'ম পাৱা যেতিয়া তোমাৰ সেই চহকি হেণ্ডচাম জনে তুমাৰ লগত প্ৰতাৰনা কৰিব। হয় প্ৰতাৰনা কৰিব সেয়া ধ্ৰুৱ সত্য। কাৰন কাৰোৱাৰ মনক কষ্টদি তুমি সুখেৰে কেনেকৈ জীৱন কটাবা। তেওঁৰ কান্দুনে তোমাৰ বাবে ভীষম অভিসাপৰ ৰূপত তুমাৰ জীৱন এন্ধাৰ কৰি তুলিব । সেই তুমাৰ হেণ্ডচাম ল'ৰা জনৰ পিছত তোমাৰ দৰে বহুত ছোৱালী আছে যিয়ে নিজৰ ভৱিষ্যতৰ ৰাজকুমাৰ তেওঁৰ দৰে কল্পনা কৰি থৈছে। আৰু সময় মতে তেওঁৰো মন সলনি হ'ব। তেওঁ ওলাই  যাব এটা বেটাৰ অপ্চন বিচাৰি আৰু তুমি এই পৃথিৱীত অকল সৰে ৰৈ কান্দিবা ,  ভাৱিবা ক'ত কি ভুল কৰিলো যাৰ বাৱে মই এই দিন দেখিব লগা হৈছে। তোমাৰ সকলো কথা মনত পৰিব কিন্তু তেওঁলৈ কেতিয়াও মনত নপৰে যি জনে তোমাৰ   দিয়া আঘাতক লৈ  এতিয়াও এৰাতি ভালকৈ টোপনি যাব পৰা নাই। প্ৰতিটো চেকেণ্ড মাত্ৰ তুমাৰ ভাল'ক হে ভাবে , তোমাৰেই নামলৈ সময় পাৰ কৰি আছে। তেওঁতো তোমাক হেৰুৱাইছিলেই কিন্তু এইবাৰ তোমাৰ পাল, তুমি সকলোৰে লগত নিজকো হেৰুৱালা , তোমাৰ হাতত এতিয়া একো নাই না অতীত না বৰ্তমান। তুমি নিজে নিজৰ মাজত এনেকৈ হেৰাবা যে এই বিষাল পৃথিৱী তোমাক সৰু যেন অনুভৱ হ'ব,তুমাৰ দুখৰ বোজাতকৈ। যদি তুমি প্ৰথমে বেটাৰ অপ্চন বিছাৰি তেওঁৰ লগত সমন্ধ বিচ্ছেদ নকৰা হলে তেওঁ তোমাক পৃথিৱীৰ অটাইতকৈ মূল্যৱান ধনৰ দৰে চম্ভালি থলে হয়। কেতিয়াও তোমাৰ মুখত কান্দোনৰ সুৰ আহিব নিদিলে হয়। কেতিয়াও তোমাক অকলে এৰি নথ'লে হয় । তোমাৰ দুখত কান্দি হলেও তুমাক হহোঁৱাৰ প্ৰয়াস কৰিলে হয়। সময় মতে সত ব্যক্তিক চিনিবলৈ শিকা, সময় কাৰু বাৱে নৰয় । হয়তো তুমি যাক মক্কেল বুলি প্ৰতাৰনা কৰিছিলা তেও আজি বহুত সুখী আৰু তুমি আজিও নিঃসংগতাৰে নিজান ৰাতি  কান্দি-কান্দি পাৰ কৰিছা।

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা