Posts

Featured post

মুৰ অসীম প্ৰেমৰ বিনিময়ত

মোৰ অসীম প্ৰেমৰ বিনিময়ত, মই তোমাৰ পৰা একোৱেইটো বিচৰা নাছিলো........., বিচাৰিছিলো মাথোঁ তোমাৰ হাঁহি, হাঁহি আৰু হাঁহি......., ভুল ক'ত হল........? হয়টোবা বেছি মৰম পাই আমুৱাই গ'লা নেকি........? নে মোতকৈও ব...

সেই বতাহজাক অাকৌ অাহিব প্ৰেমৰ বতাহ জাক

​সেই বতাহজাক আকৌ আহিব... প্ৰেমৰ বতাহজাক... বছৰ বছৰ ধৰি বন্ধ কৰি থোৱা হৃদয়ৰ দুৱাৰখনত আকৌ আহি কোনোবাই টুকুৰিয়াব।। বাৰে বাৰে কষ্ট লৈ ধপধপাই থকা বুকুখন সেউজীয়া হৈ পৰিব... তেওঁ নহ’লেও, তেওঁতকৈও ভাল কোনোবাই আহি আকৌ হাতে হাত ধৰি ক’ব... ঐ কি ভাবি আছা, সকলোবোৰ এৰি মোক এবাৰ ভাল পাই চাবি নেকি?... ​চিন্তা আজিৰ দৰে সেই সময়তো হ’ব... কষ্ট আজিৰ দৰে সেই সময়তো হ’ব... কিন্তু সময়ৰ সতে সেইবোৰৰ পাৰ্থক্যবোৰো সলনি হ’ব... চিন্তা নতুন হ’ব... কষ্টবোৰৰ মাজত কিছুমান নতুন আশাই ঠণ ধৰি উঠিব... হাঁহিব পাহৰা ওঁঠ দুটাই আকৌ অলপ অলপ কৈ হাঁহিব আৰম্ভ কৰিব।। ​জীৱনত একো কৰিব নোৱাৰা দুখবোৰৰ মাজত লাহে লাহে কোনোবাজনৰ সহাৰিত সেইবোৰেও নতুন পথত দিশ সলাব।।... জীয়াইতো একেদৰেই থাকিব লাগিব... সুখেই হওক বা দুখেই হওক, কিন্তু জীয়াই থকাৰ মজা ক’ত হয় য’ত দুখবোৰক সুখলৈ টানি আনি কান্দোনবোৰক হাঁহিৰ খিলখিলনিলৈ পৰিৱৰ্তন কৰা।। ​সুখী হ’ব পৰাটো এক প্ৰকাৰৰ কলা... নাই বুলিও, সকলোৱে বেয়া পায় যদিও, কাৰোবাক বিচৰা ধৰণে পাব নোৱাৰিলেও আৰু যদিহে তুমি সেইটো নাজানা তেনেহ’লে... তুমি সকলো থাকিও দুখিয়েই হ’বা... কাৰণ মানুহে বিচৰা ধৰণে পোৱা বস্তুবোৰতো থাকে যে দাগ.....

জুনালী আৰু গোবিন্দৰ প্ৰেম

​এবছৰৰ পিছত গাঁৱলৈ যাবলৈ ছুটি পালোঁ। প্ৰাইভেট চাকৰি, কওঁতেহে কওঁ মাহত ছয়টা ছুটি পাওঁ; বছৰৰ অন্তত এমাহৰ। কিন্তু যিকিজন বন্ধুৱে প্ৰাইভেট কোম্পানীত কাম কৰে, তেওঁলোকে ভালকৈ বুজি পায় যে ছুটি মানে কিমান কষ্টত তেল লগাইহে পোৱা যায়। যি নহওক, মই মোৰ বন্ধু পূৰ্ণ আৰু দেৱব্ৰতৰ সৈতে ঘৰলৈ বুলি ওলালোঁ। ত্ৰিছ দিনতে ষাঠি দিনৰ পৰিকল্পনা— তাতে ক’ৰবাত ছোৱালী পটাবওতো লাগিব! কিমান দিন আৰু ছিঙ্গল থাকিবা হে! ​ঘৰ পালোহি, বহুত ভাল লাগিল। যিমান পৰিকল্পনা আছিল সকলো বাদ দি ছোৱালী চোৱাৰ ধান্দাত লাগিলোঁ। কিন্তু পচন্দহে নহয়... তাতে ছিঙ্গল ছোৱালী ভাগ্য থকা জনেহে পায়। বন্ধুহঁতে ক’লে, “জুনালী ভাল ছোৱালী, তোৰ লগত ভাল মিলিব। তাইক এবাৰ চাবিচোন, যদি পচন্দ হয় আমি আছোঁ নহয়।” এদিন তাইৰ ঘৰলৈ গ’লোঁ। বৰ সুন্দৰ বগা ছোৱালী, মুখখন দেখিলেই মৰম লাগে। মোৰ তাইক বহুত ভাল লাগিল। দুদিনমানৰ ভিতৰতে বন্ধুত্ব হ’ল, নম্বৰো ল’লোঁ। লাহে লাহে আমাৰ ফোনত কথা পতা বাঢ়িবলৈ ধৰিলে আৰু এদিন মই তাইৰ প্ৰেমত পৰি গ’লোঁ। ​মই ভাল পাওঁ বুলি কোৱাৰ আগতেই এজন বন্ধুৱে তাইৰ ঘৰত আমাৰ কথা লগাই দিলে। মই একো গম পোৱা নাছিলোঁ। (হয়তো তেওঁ ভালেই কৰিছিল, আজি অন্তত মই নাকান্দিলো...

যেতিয়া মোৰ মৃত্যু হব

​আজি তুমি মোক কান্দুৱাই সুখী হৈছা, চোৱা, এদিন মোক বিচাৰি তুমি কান্দিবা। যেতিয়া কৈছিলোঁ, “তোমাৰ অবিহনে মৰি যাম,” তুমি ধেমালি ভাবি হাঁহি দিছিলা। মোৰ মৰা শটো যেতিয়া তোমাৰ কাষেদি ওলাব, মোৰ কথাবোৰ মনত পেলাই তুমি কান্দিবা। ​মানিছোঁ, আজি সময়ে মোৰ লগত লুকাভাকু খেলিছে, সময় নৌহওঁতেই সকলো এৰি গুচি যাম, চোৱা। সৰু কাৰণত যেতিয়া কোনোবাই এৰি যাব, মোলৈ কৰা অভিমান মনত পৰি তুমি কান্দিবা। তোমাৰ প্ৰশ্নৰ উত্তৰত যেতিয়া মিছা শুনিবা, মোৰ লগত কৰা চালাকি তোমাৰ মনত পৰিব। ​খং কৰি কোনোবাই দূৰলৈ গ’লে নাহিব, বাৰে বাৰে মনত পৰি মই তোমাক মাতিম। শ্মশানত চাকি জ্বলাবলৈ তুমি নাথাকিবা, দুখে তোমাক আৱৰি কেতিয়াও এৰি নাযাব। যেতিয়া তুমি বুজিবা মোৰ প্ৰেমৰ গভীৰতা, দুচকুত বিৰহৰ চকুলোৰে মুখ মচিবা। ​যদি পাৰা, মোৰ এটা কাম কৰি দিবা— মোৰ মৰা শটো দেখি যেতিয়া মায়ে কান্দিব, তেওঁক সাৱটি অলপ সান্ত্বনা দিবা। কেতিয়াও নক’বা, “তোমাৰ প্ৰেমে মোক মাৰিলে,” নহ’লে মোৰ মাৰ অসীম মৰমলৈ চাই তুমি কান্দিবা। ​মোক হেৰুৱাই নাকান্দিবা দুখত, মোৰ মৃতদেহ ব্যাকুল হৈ উঠিব। প্ৰতিশ্ৰুতি দিছিলোঁ তোমাক সুখত ৰাখিম বুলি, চকুলো দেখি মোৰ আত্মাও শান্তি নাপাব। মোৰ মৃত্...

এক মিটা স্মৃতি

সঁচাকৈ ক'বলৈ গ'লে, মই জীৱনত বহুত অকলশৰীয়া হৈ পৰিছিলোঁ। নিজকে ব্যস্ত ৰাখিবলৈকে হোৱাটছএপ ব্যৱহাৰ কৰিছিলোঁ। আৰু তাতেই... তাতেই এদিন চিনাকি হ'ল তাইৰ লগত— কৰিশ্মা গৌতম । ​প্ৰথমে “গৌতম” উপাধিটোৱে মোক বিমোৰত পেলাইছিল। ল’ৰা নে ছোৱালী? নে বিয়া হোৱা তিৰোতা? জানিবলৈ বৰ মন গ'ল। পিছত গম পালোঁ, তাই এজনী শৰ্মা বামুণ ছোৱালী, তাইৰ গোত্ৰহে 'গৌতম'। ​তাইৰ কথা-বতৰাত এনে লাগিছিল, যেন তাইও মোৰ দৰেই... বৰ অকলশৰীয়া। মন খুলি কথা পাতিবলৈ তাইকো এজন বন্ধুৰ খুব দৰকাৰ। সেই সময়ত মই প্ৰেমৰ লিখনি লিখিছিলোঁ। ভগ্ন হৃদয়ৰ কথাবোৰ... মই জানিছিলোঁ তাই সেইবোৰ নপঢ়ে। কিন্তু কেনেকৈ যে তাই মোৰ সেই ভগা হৃদয়ৰ এটা চুক বিচাৰি উলিয়াই ল’লে, মই নিজেও নাজানোঁ। ​বন্ধুত্বৰ পৰা আমি কেতিয়া প্ৰেমত পিছলি পৰিলোঁ, দুয়োটাই বুজা নাছিলোঁ। মই মাথোঁ এটা কথাই জানিছিলোঁ— তাই বহুত চঞ্চল মনৰ ছোৱালী, আৰু মই... মই এটা দুখীয়া ঘৰৰ ল’ৰা। তাই যি সুখ বিচাৰে, সেই সুখ মই তাইক কেতিয়াও দিব নোৱাৰোঁ। ​তথাপিও মই মোৰ মাক সকলো কথা ক’লোঁ। মায়ে ক’লে, “তাইক বুজা। যদি তাই পৰিস্থিতির লগত তাল মিলাই চলিব পাৰে, তেন্তে বিয়া পাত। কিন্তু এটা কথ...

How to get rid of bed bugs

Image
How to get rid of bed bugs  bed bugs on mattress Introduction to Bedbugs: A brief description of bedbugs, their appearance and their habits. How do they infest mattresses and why is it a common problem. How to identify bed bugs:         Appearance: A description of the bedbug's physical characteristics, including its small size, flattened body, and reddish-brown color.         Lifecycle: They hatch from eggs, and are adept at breeding rapidly and attacking. Habits and Behavior:         Nocturnal: Bedbugs are mainly active at night, and they are attracted to the heat and carbon dioxide exhaled by sleeping humans.     Hiding Places: Bed bugs have common hiding places, such as mattress seams, crevices in furniture and electrical outlets, as well as their ability to travel and infiltrate adjacent rooms. Transport Where it comes from:  Mattresses are ideal hiding places for bed bugs, if the hams sit on...

মোৰ জন্ম দিনৰ অনুভৱ

তুমি বেংগালুৰুলৈ নোযোৱাৰ আগতে আমি এদিন আমাৰ জন্মদিন কেনেকৈ পালন কৰিম তাৰ প্লেন বনাইছিলোঁ। তুমি কৈছিলা, “এইবাৰ মই তোমাৰ কাষত থাকি তোমাৰ জন্মদিন পালন কৰিম।” কি কি মিছা সপোন দেখুৱাইছিলা! কিন্তু আজি মোৰ জন্মদিন আহিল, তুমি মোক এটা ফোনো নকৰিলা। হাত চৰিবলৈ আগতীয়াকৈ শুভেচ্ছা জনাই আঁতৰি গ’লা। হয়, মই দুদিন ধৰি তোমাক সময় দিয়া নাই। মই জানিব বিচাৰিছিলোঁ—যদি কেতিয়াবা সৰু কথাত কাজিয়া হৈ অভিমান কৰোঁ, তুমি তাক কেনেকৈ চম্ভালিবা। তুমি আঁতৰি গ’লা।  চাৰি বছৰত আমাৰ কিমান কাজিয়া হৈছে, ব্লক-আনব্লকৰ খেল কিমান পাৰ হৈছে। কিন্তু মই তোমাক কেতিয়াও শুভেচ্ছা জনাবলৈ পাহৰা নাই। জানিব বিচাৰিলে শুনা—প্ৰতি ২৩ ডিচেম্বৰ, ১১:৫৯ বজাত মই তোমালৈ ফোন বা মেছেজ পঠিয়াবলৈ চেষ্টা কৰি আহিছোঁ। সকলো অভিমান সামৰি সেই ৰাতি তোমাৰ নামত কবিতা লিখি পাৰ কৰিছোঁ। কিন্তু তোমাৰ লগত মোৰ বাবে এটা মিনিটো নাই। তুমি মোক দৰকাৰ পৰিলেহে মনত পেলোৱা, নহ’লে ভাৰমে যোৱা নেকি জানো।  তোমাৰ পৰা মোক কোনো উপহাৰ নালাগে, মাত্ৰ তোমাৰ প্ৰেমৰ প্ৰয়োজন আছিল। হা হা, মই পাহৰি গৈছিলোঁ—তুমি ৪জি ছোৱালী। তোমাৰ ভাষাত প্ৰেম মানে বিচনাত লগা মাথোঁ। মাফ কৰা মেডাম,...

মই ইংৰাজীত বেয়া কিন্তু

 মই ইংৰাজীত বেয়া কিন্তু তোমাক I love you বুলি ক'ব পাৰো । মই জিয়'গ্ৰাফীত বেয়া কিন্তু তুমি যে মোৰ অন্তৰত বাস কৰা সেইটো মই ক'ব পাৰো । মই হিষ্ট্ৰীত বেয়া কিন্তু তোমাক দেখা প্ৰথম দিনট...