যেতিয়া মোৰ মৃত্যু হব

​আজি তুমি মোক কান্দুৱাই সুখী হৈছা,

চোৱা, এদিন মোক বিচাৰি তুমি কান্দিবা।

যেতিয়া কৈছিলোঁ, “তোমাৰ অবিহনে মৰি যাম,”

তুমি ধেমালি ভাবি হাঁহি দিছিলা।

মোৰ মৰা শটো যেতিয়া তোমাৰ কাষেদি ওলাব,

মোৰ কথাবোৰ মনত পেলাই তুমি কান্দিবা।

​মানিছোঁ, আজি সময়ে মোৰ লগত লুকাভাকু খেলিছে,

সময় নৌহওঁতেই সকলো এৰি গুচি যাম, চোৱা।

সৰু কাৰণত যেতিয়া কোনোবাই এৰি যাব,

মোলৈ কৰা অভিমান মনত পৰি তুমি কান্দিবা।

তোমাৰ প্ৰশ্নৰ উত্তৰত যেতিয়া মিছা শুনিবা,

মোৰ লগত কৰা চালাকি তোমাৰ মনত পৰিব।

​খং কৰি কোনোবাই দূৰলৈ গ’লে নাহিব,

বাৰে বাৰে মনত পৰি মই তোমাক মাতিম।

শ্মশানত চাকি জ্বলাবলৈ তুমি নাথাকিবা,

দুখে তোমাক আৱৰি কেতিয়াও এৰি নাযাব।

যেতিয়া তুমি বুজিবা মোৰ প্ৰেমৰ গভীৰতা,

দুচকুত বিৰহৰ চকুলোৰে মুখ মচিবা।

​যদি পাৰা, মোৰ এটা কাম কৰি দিবা—

মোৰ মৰা শটো দেখি যেতিয়া মায়ে কান্দিব,

তেওঁক সাৱটি অলপ সান্ত্বনা দিবা।

কেতিয়াও নক’বা, “তোমাৰ প্ৰেমে মোক মাৰিলে,”

নহ’লে মোৰ মাৰ অসীম মৰমলৈ চাই তুমি কান্দিবা।

​মোক হেৰুৱাই নাকান্দিবা দুখত,

মোৰ মৃতদেহ ব্যাকুল হৈ উঠিব।

প্ৰতিশ্ৰুতি দিছিলোঁ তোমাক সুখত ৰাখিম বুলি,

চকুলো দেখি মোৰ আত্মাও শান্তি নাপাব।

মোৰ মৃত্যুৰ বাবে মই কাকো দোষ নিদিওঁ,

মাত্ৰ মোৰ মাৰ সেই পাগল পুতেক নাথাকিব।

​কিমান কষ্ট কৰি মায়ে মোক ডাঙৰ কৰিছিল,

মৰাৰ পিছতো তেওঁক কান্দুৱাই গৈ আছোঁ।

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা