এক মিটা স্মৃতি
সঁচাকৈ ক'বলৈ গ'লে,
মই জীৱনত বহুত অকলশৰীয়া হৈ পৰিছিলোঁ।
নিজকে ব্যস্ত ৰাখিবলৈকে হোৱাটছএপ ব্যৱহাৰ কৰিছিলোঁ।
আৰু তাতেই...
তাতেই এদিন চিনাকি হ'ল তাইৰ লগত—
কৰিশ্মা গৌতম।
প্ৰথমে “গৌতম” উপাধিটোৱে মোক বিমোৰত পেলাইছিল।
ল’ৰা নে ছোৱালী? নে বিয়া হোৱা তিৰোতা?
জানিবলৈ বৰ মন গ'ল।
পিছত গম পালোঁ, তাই এজনী শৰ্মা বামুণ ছোৱালী,
তাইৰ গোত্ৰহে 'গৌতম'।
তাইৰ কথা-বতৰাত এনে লাগিছিল,
যেন তাইও মোৰ দৰেই... বৰ অকলশৰীয়া।
মন খুলি কথা পাতিবলৈ তাইকো এজন বন্ধুৰ খুব দৰকাৰ।
সেই সময়ত মই প্ৰেমৰ লিখনি লিখিছিলোঁ।
ভগ্ন হৃদয়ৰ কথাবোৰ...
মই জানিছিলোঁ তাই সেইবোৰ নপঢ়ে।
কিন্তু কেনেকৈ যে তাই
মোৰ সেই ভগা হৃদয়ৰ এটা চুক বিচাৰি উলিয়াই ল’লে,
মই নিজেও নাজানোঁ।
বন্ধুত্বৰ পৰা আমি কেতিয়া প্ৰেমত পিছলি পৰিলোঁ,
দুয়োটাই বুজা নাছিলোঁ।
মই মাথোঁ এটা কথাই জানিছিলোঁ—
তাই বহুত চঞ্চল মনৰ ছোৱালী,
আৰু মই... মই এটা দুখীয়া ঘৰৰ ল’ৰা।
তাই যি সুখ বিচাৰে,
সেই সুখ মই তাইক কেতিয়াও দিব নোৱাৰোঁ।
তথাপিও মই মোৰ মাক সকলো কথা ক’লোঁ।
মায়ে ক’লে, “তাইক বুজা।
যদি তাই পৰিস্থিতির লগত তাল মিলাই চলিব পাৰে,
তেন্তে বিয়া পাত।
কিন্তু এটা কথা মনত ৰাখিবি,
তাইৰ মনৰ লগত খেলা নকৰিবি।
ছোৱালীৰ দিয়া শাও বৰ বেয়াকৈ লাগে।”
মই তাইক বুজাবলৈ বহুত চেষ্টা কৰিলোঁ,
কিন্তু তাই বুজিব নিবিচাৰিলে।
তাৰ পিছত মই তাইৰ পৰা দূৰ হোৱাৰ পৰিকল্পনা (Plan) কৰিলোঁ।
কাৰণ জীৱনটো তিনি ঘণ্টীয়া চিনেমা নহয়।
কাইলৈ বেছিকৈ কন্দাতকৈ আজিয়েই শেষ কৰাটো ভাল বুলি ভাবিলোঁ।
তেনেতে, তাই এজন ডেকা ল’ৰাৰ লগ পালে।
মোৰ কষ্ট হৈছিল,
কিন্তু সময়ৰ লগত মোৰো শত্ৰুতা আছিল।
মই তাইক বাধা নিদিলোঁ।
মাজে মাজে কথা পাতি মন পাতল কৰিছিলোঁ,
কিন্তু আমাৰ প্ৰেমৰ গছজোপাৰ যত্ন লোৱা বাদ দিছিলোঁ।
...আৰু এদিন,
এদিন তাই কান্দি কান্দি মোক ফোন কৰিলে।
সেই ডেকাজনে তাইক ঠগিছে।
তাই সম্পূৰ্ণৰূপে তাৰ হৈ পৰিছিল।
কথাটো শুনি মোৰ বহুত কষ্ট হ'ল।
কাৰণ... তাইৰ কান্দোনৰ সুৰ মই সহিব নোৱাৰোঁ।
তেনেকৈয়ে, আমাৰ ভগা সম্পৰ্কটোৱে আকৌ গতি পালে।
আমাৰ মাজত ইমান সমস্যা আহিল যে, ক'ব নোৱাৰিম।
মই তাইৰ পৰা আকৌ দূৰত্ব ৰাখিবলৈ চেষ্টা কৰিলোঁ।
দিন গ’ল, মাহ গ’ল...
এনেকৈ দুটাকৈ বছৰ পাৰ হ’ল।
আকৌ এদিন তাইৰ আৱেগিক কণ্ঠৰে ফোন আহিল—
তাইক সহায় লাগে।
তাই বেংগালুৰুলৈ কাম কৰিবলৈ আহিব।
মই “নোৱাৰোঁ” বুলি ক’ব নোৱাৰিলোঁ,
কাৰণ কেতিয়াবাই তাইক সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ।
সময় গ’ল। তাইৰ অহাৰ দিনটো চাপি আহিল।
মোৰ মনত ইমান আনন্দ...
এনে লাগিল, তাই বেংগালুৰুলৈ নহয়,
মোৰ জীৱনলৈ পুনৰ ঘূৰি আহিছে।
মই আত্মীয়-স্বজনক কৈ দিলোঁ,
“কাইলৈৰ পৰা মই আৰু ছিঙ্গল নহয়,
মই বিয়া পাতিবলৈ ওলাইছোঁ।”
...মই তাইক কেতিয়াও দেখা নাই।
কিন্তু প্ৰেমিকৰ এটা পাগলামি থাকে নহয়, মনতে তাইৰ এটা ছবি বনাই ৰাখিছিলোঁ।
মই ঠিক কৰিলোঁ,
এইবাৰ তাইক মোৰ জীৱনৰ পৰা আৰু যাব নিদিওঁ।
দিনটো আছিল ০৫/০৯/২০১৮।
তাইৰ ফ্লাইট লেণ্ড কৰিব।
কিন্তু সেইদিনা মই অফিচৰ কামত ইমানেই ব্যস্ত আছিলোঁ,
যে মই তাইক আনিবলৈ এয়াৰপ’ৰ্টলৈ যাব নোৱাৰিলোঁ।
...এফালে, প্ৰথমবাৰ তাইক লগ পোৱাৰ অপেক্ষা।
আনফালে, কামৰ ভীষণ ব্যস্ততা।
আৰু তাৰ মাজতে...
ফ্লাইট লেণ্ড কৰাৰ ১০ মিনিটৰ পিছত যেতিয়া
তাইৰ ফোনটো Not Reachable কোৱাৰ সেই মুহূৰ্তবোৰ...
এক মিনিটো তাই ফোন কৰিব বুলি অপেক্ষা নকৰি, বাৰে বাৰে তাইলৈ ফোন কৰা সেই মুহূৰ্তবোৰৰ কথা আন এটা পৃষ্ঠাত লিখি কম।
এতিয়া বিদায় মাগিছোঁ।
Comments
Post a Comment
ধন্যবাদ