এক মিটা স্মৃতি
সঁচাই ক’বলৈ, মই জীৱনত বহুত অকলশৰীয়া হৈ পৰিছোঁ। হোৱাটছএপ ব্যৱহাৰ কৰি নিজকে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰিছোঁ। তাতেই চিনাকি হ’ল কৰিশ্মা গৌতম নামৰ এজনীৰ লগত। প্ৰথমে “গৌতম” উপাধিটোৱে মোক বিমোৰত পেলালে—ল’ৰা নে ছোৱালী? বিয়া হোৱা তিৰোতা নেকি? জানিবলৈ মন গ’ল। পিছত গম পালোঁ, তাই এজনী শৰ্মা বামুণ ছোৱালী, তাইৰ গোত্ৰই গৌতম। তাইৰ কথা-বতৰাত লাগিল, তাইও যেন বৰ অকলশৰীয়া। এজন ভাল বন্ধুৰ তাইৰ খুব দৰকাৰ আছে বুলি মোৰ মনত হ’ল।
সেই সময়ত মই প্ৰেমৰ লিখনি লিখিছিলোঁ। তাই নপঢ়ে বুলি জানো, কিন্তু কেনেকৈ যে তাই মোৰ ভগ্ন হৃদয়ৰ এটা চুক বিচাৰি উলিয়াই ল’লে, নিজেও নাজানোঁ। বন্ধুত্বৰ পৰা আমি কেতিয়া প্ৰেমত পিছলি পৰিলোঁ, বুজা নাই। মাথোঁ জানো, তাই বহুত চঞ্চল মনৰ ছোৱালী, আৰু মই দুখীয়া ঘৰৰ ল’ৰা। তাই যি সুখ বিচাৰে, মই তাক কেতিয়াও দিব নোৱাৰোঁ। তথাপিও মোৰ মাক সকলো কথা ক’লোঁ। মায়ে ক’লে, “তাইক বুজা, যদি তাই পৰিস্থিতিৰ লগত তাল মিলাই চলিব পাৰে, তেন্তে বিয়া পাত। কিন্তু তাইৰ মনৰ লগত খেলা নকৰিবি। ছোৱালীৰ দিয়া শাও বহুত বেয়া লাগে।” মই তাইক বুজাবলৈ চেষ্টা কৰিলোঁ, কিন্তু তাই বুজিব নিবিচাৰিলে।
তাৰ পিছত মই তাইৰ পৰা দূৰ হোৱাৰ প্লেন কৰিলোঁ। জীৱন তিনি ঘণ্টীয়া চিনেমা নহয়। কাইলৈ বেছি কান্দতকৈ আজিয়েই শেষ কৰাটো ভাল বুলি ভাবিলোঁ। তেনেতে তাই এজন ডেকা ল’ৰাৰ লগ পালে। মোৰ কষ্ট হ’ল, কিন্তু সময়ৰ লগত মোৰ শত্ৰুতা আছে। তাইক বাধা নিদিলোঁ। মাজে মাজে কথা পাতি মন পাতল কৰিছিলোঁ, কিন্তু প্ৰেমৰ গছজোপাৰ যত্ন লোৱা বাদ দিলোঁ। এদিন তাই কান্দি কান্দি ফোন কৰিলে—সেই ডেকাই তাইক ঠগিছে, তাই সম্পূৰ্ণৰূপে তাৰ হৈ পৰিছে। শুনি বহুত কষ্ট পালোঁ। তাইৰ কান্দোনৰ সুৰ মই সহিব নোৱাৰোঁ। তেনেকৈ আমাৰ সম্পৰ্ক আকৌ গতি পালে।
মোৰ জীৱনত বহুত সমস্যাৰ মুখামুখি হৈছোঁ, তাৰ বাবে তাইৰ পৰা দূৰত্ব ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। দিন গ’ল, মাহ গ’ল, দুটা বছৰ পাৰ হ’ল। আকৌ এদিন তাইৰ আৱেগিক কণ্ঠৰে ফোন আহিল—তাইক সহায় লাগে, তাই বেংগালুৰলৈ কাম কৰিবলৈ আহিব। মই “নোৱাৰোঁ” বুলি ক’বও নোৱাৰিলোঁ, কাৰণ আগতে সহায়ৰ প্ৰতিশ্ৰুতি দিছিলোঁ। সময় গড়িল, তাইৰ অহাৰ দিন চাপি আহিল। মনত ইমান আনন্দ—তাই বেংগালুৰলৈ নহয়, মোৰ জীৱনলৈ পুনৰ ঘূৰি আহিছে যেন লাগিল। সকলো আত্মীয়ক কৈ দিলোঁ, “কাইলৈৰ পৰা মই ছিঙল নহয়, বিয়া পাতিবলৈ ওলাইছোঁ।”
মই তাইক দেখা নাই, কিন্তু ভালপোৱাৰ বাবে মনত তাইৰ এটা ছবি বনাই ৰাখিছোঁ। যি হওক, এইবাৰ তাইক মোৰ জীৱনৰ পৰা যাব নিদিওঁ বুলি ঠিক কৰিছোঁ। তাইৰ ফ্লাইট ০৫/০৯/২০১৮ তাৰিখে লেণ্ড কৰিব। কিন্তু সেইদিন মই বহুত ব্যস্ত আছিলোঁ। তাইক আনিবলৈ বিমানবন্দৰলৈ যাব নোৱাৰিলোঁ। প্ৰথমবাৰ তাইক লগ পোৱাৰ অপেক্ষা আৰু কামৰ ব্যস্ততাৰ মাজত ফ্লাইট লেণ্ড কৰাৰ ১০ মিনিট পিছতো ফোন নলগাৰ মুহূৰ্তবোৰ এটা পৃষ্ঠাত লিখিলেও কম পৰিব। তাৰ বাবে কাহিনীটো ইয়াতেই ঘূৰি যাওঁ।
Comments
Post a Comment
ধন্যবাদ