Posts

Showing posts from January, 2026

জুনালী আৰু গোবিন্দৰ প্ৰেম

​এবছৰৰ পিছত গাঁৱলৈ যাবলৈ ছুটি পালোঁ। প্ৰাইভেট চাকৰি, কওঁতেহে কওঁ মাহত ছয়টা ছুটি পাওঁ; বছৰৰ অন্তত এমাহৰ। কিন্তু যিকিজন বন্ধুৱে প্ৰাইভেট কোম্পানীত কাম কৰে, তেওঁলোকে ভালকৈ বুজি পায় যে ছুটি মানে কিমান কষ্টত তেল লগাইহে পোৱা যায়। যি নহওক, মই মোৰ বন্ধু পূৰ্ণ আৰু দেৱব্ৰতৰ সৈতে ঘৰলৈ বুলি ওলালোঁ। ত্ৰিছ দিনতে ষাঠি দিনৰ পৰিকল্পনা— তাতে ক’ৰবাত ছোৱালী পটাবওতো লাগিব! কিমান দিন আৰু ছিঙ্গল থাকিবা হে! ​ঘৰ পালোহি, বহুত ভাল লাগিল। যিমান পৰিকল্পনা আছিল সকলো বাদ দি ছোৱালী চোৱাৰ ধান্দাত লাগিলোঁ। কিন্তু পচন্দহে নহয়... তাতে ছিঙ্গল ছোৱালী ভাগ্য থকা জনেহে পায়। বন্ধুহঁতে ক’লে, “জুনালী ভাল ছোৱালী, তোৰ লগত ভাল মিলিব। তাইক এবাৰ চাবিচোন, যদি পচন্দ হয় আমি আছোঁ নহয়।” এদিন তাইৰ ঘৰলৈ গ’লোঁ। বৰ সুন্দৰ বগা ছোৱালী, মুখখন দেখিলেই মৰম লাগে। মোৰ তাইক বহুত ভাল লাগিল। দুদিনমানৰ ভিতৰতে বন্ধুত্ব হ’ল, নম্বৰো ল’লোঁ। লাহে লাহে আমাৰ ফোনত কথা পতা বাঢ়িবলৈ ধৰিলে আৰু এদিন মই তাইৰ প্ৰেমত পৰি গ’লোঁ। ​মই ভাল পাওঁ বুলি কোৱাৰ আগতেই এজন বন্ধুৱে তাইৰ ঘৰত আমাৰ কথা লগাই দিলে। মই একো গম পোৱা নাছিলোঁ। (হয়তো তেওঁ ভালেই কৰিছিল, আজি অন্তত মই নাকান্দিলো...

যেতিয়া মোৰ মৃত্যু হব

​আজি তুমি মোক কান্দুৱাই সুখী হৈছা, চোৱা, এদিন মোক বিচাৰি তুমি কান্দিবা। যেতিয়া কৈছিলোঁ, “তোমাৰ অবিহনে মৰি যাম,” তুমি ধেমালি ভাবি হাঁহি দিছিলা। মোৰ মৰা শটো যেতিয়া তোমাৰ কাষেদি ওলাব, মোৰ কথাবোৰ মনত পেলাই তুমি কান্দিবা। ​মানিছোঁ, আজি সময়ে মোৰ লগত লুকাভাকু খেলিছে, সময় নৌহওঁতেই সকলো এৰি গুচি যাম, চোৱা। সৰু কাৰণত যেতিয়া কোনোবাই এৰি যাব, মোলৈ কৰা অভিমান মনত পৰি তুমি কান্দিবা। তোমাৰ প্ৰশ্নৰ উত্তৰত যেতিয়া মিছা শুনিবা, মোৰ লগত কৰা চালাকি তোমাৰ মনত পৰিব। ​খং কৰি কোনোবাই দূৰলৈ গ’লে নাহিব, বাৰে বাৰে মনত পৰি মই তোমাক মাতিম। শ্মশানত চাকি জ্বলাবলৈ তুমি নাথাকিবা, দুখে তোমাক আৱৰি কেতিয়াও এৰি নাযাব। যেতিয়া তুমি বুজিবা মোৰ প্ৰেমৰ গভীৰতা, দুচকুত বিৰহৰ চকুলোৰে মুখ মচিবা। ​যদি পাৰা, মোৰ এটা কাম কৰি দিবা— মোৰ মৰা শটো দেখি যেতিয়া মায়ে কান্দিব, তেওঁক সাৱটি অলপ সান্ত্বনা দিবা। কেতিয়াও নক’বা, “তোমাৰ প্ৰেমে মোক মাৰিলে,” নহ’লে মোৰ মাৰ অসীম মৰমলৈ চাই তুমি কান্দিবা। ​মোক হেৰুৱাই নাকান্দিবা দুখত, মোৰ মৃতদেহ ব্যাকুল হৈ উঠিব। প্ৰতিশ্ৰুতি দিছিলোঁ তোমাক সুখত ৰাখিম বুলি, চকুলো দেখি মোৰ আত্মাও শান্তি নাপাব। মোৰ মৃত্...

এক মিটা স্মৃতি

সঁচাকৈ ক'বলৈ গ'লে, মই জীৱনত বহুত অকলশৰীয়া হৈ পৰিছিলোঁ। নিজকে ব্যস্ত ৰাখিবলৈকে হোৱাটছএপ ব্যৱহাৰ কৰিছিলোঁ। আৰু তাতেই... তাতেই এদিন চিনাকি হ'ল তাইৰ লগত— কৰিশ্মা গৌতম । ​প্ৰথমে “গৌতম” উপাধিটোৱে মোক বিমোৰত পেলাইছিল। ল’ৰা নে ছোৱালী? নে বিয়া হোৱা তিৰোতা? জানিবলৈ বৰ মন গ'ল। পিছত গম পালোঁ, তাই এজনী শৰ্মা বামুণ ছোৱালী, তাইৰ গোত্ৰহে 'গৌতম'। ​তাইৰ কথা-বতৰাত এনে লাগিছিল, যেন তাইও মোৰ দৰেই... বৰ অকলশৰীয়া। মন খুলি কথা পাতিবলৈ তাইকো এজন বন্ধুৰ খুব দৰকাৰ। সেই সময়ত মই প্ৰেমৰ লিখনি লিখিছিলোঁ। ভগ্ন হৃদয়ৰ কথাবোৰ... মই জানিছিলোঁ তাই সেইবোৰ নপঢ়ে। কিন্তু কেনেকৈ যে তাই মোৰ সেই ভগা হৃদয়ৰ এটা চুক বিচাৰি উলিয়াই ল’লে, মই নিজেও নাজানোঁ। ​বন্ধুত্বৰ পৰা আমি কেতিয়া প্ৰেমত পিছলি পৰিলোঁ, দুয়োটাই বুজা নাছিলোঁ। মই মাথোঁ এটা কথাই জানিছিলোঁ— তাই বহুত চঞ্চল মনৰ ছোৱালী, আৰু মই... মই এটা দুখীয়া ঘৰৰ ল’ৰা। তাই যি সুখ বিচাৰে, সেই সুখ মই তাইক কেতিয়াও দিব নোৱাৰোঁ। ​তথাপিও মই মোৰ মাক সকলো কথা ক’লোঁ। মায়ে ক’লে, “তাইক বুজা। যদি তাই পৰিস্থিতির লগত তাল মিলাই চলিব পাৰে, তেন্তে বিয়া পাত। কিন্তু এটা কথ...