জুনালী আৰু গোবিন্দৰ প্ৰেম
এবছৰৰ পিছত গাঁৱলৈ যাবলৈ ছুটি পালোঁ। প্ৰাইভেট চাকৰি, কওঁতেহে কওঁ মাহত ছয়টা ছুটি পাওঁ; বছৰৰ অন্তত এমাহৰ। কিন্তু যিকিজন বন্ধুৱে প্ৰাইভেট কোম্পানীত কাম কৰে, তেওঁলোকে ভালকৈ বুজি পায় যে ছুটি মানে কিমান কষ্টত তেল লগাইহে পোৱা যায়। যি নহওক, মই মোৰ বন্ধু পূৰ্ণ আৰু দেৱব্ৰতৰ সৈতে ঘৰলৈ বুলি ওলালোঁ। ত্ৰিছ দিনতে ষাঠি দিনৰ পৰিকল্পনা— তাতে ক’ৰবাত ছোৱালী পটাবওতো লাগিব! কিমান দিন আৰু ছিঙ্গল থাকিবা হে! ঘৰ পালোহি, বহুত ভাল লাগিল। যিমান পৰিকল্পনা আছিল সকলো বাদ দি ছোৱালী চোৱাৰ ধান্দাত লাগিলোঁ। কিন্তু পচন্দহে নহয়... তাতে ছিঙ্গল ছোৱালী ভাগ্য থকা জনেহে পায়। বন্ধুহঁতে ক’লে, “জুনালী ভাল ছোৱালী, তোৰ লগত ভাল মিলিব। তাইক এবাৰ চাবিচোন, যদি পচন্দ হয় আমি আছোঁ নহয়।” এদিন তাইৰ ঘৰলৈ গ’লোঁ। বৰ সুন্দৰ বগা ছোৱালী, মুখখন দেখিলেই মৰম লাগে। মোৰ তাইক বহুত ভাল লাগিল। দুদিনমানৰ ভিতৰতে বন্ধুত্ব হ’ল, নম্বৰো ল’লোঁ। লাহে লাহে আমাৰ ফোনত কথা পতা বাঢ়িবলৈ ধৰিলে আৰু এদিন মই তাইৰ প্ৰেমত পৰি গ’লোঁ। মই ভাল পাওঁ বুলি কোৱাৰ আগতেই এজন বন্ধুৱে তাইৰ ঘৰত আমাৰ কথা লগাই দিলে। মই একো গম পোৱা নাছিলোঁ। (হয়তো তেওঁ ভালেই কৰিছিল, আজি অন্তত মই নাকান্দিলো...