জুনালী আৰু গোবিন্দৰ প্ৰেম

এবছৰৰ পিছত গাওঁলৈ যাৱলৈ চুটি পালো। প্ৰাইভেট চাকৰি, কওঁ তেতো কওঁ মাহত ছয়টা চুটি পাও। বছৰৰ অন্তিমত এক মাহৰ
কিন্তু যি কেইজন বন্ধুৱে প্ৰাইভেট কম্পেনিত কাম কৰে ভালকৈ বুজিৱ পাৰিছে যে চুটিমানে,,, কিমান কষ্টত তেল লগাওতে পোৱা যায়া। যিকিনহওক মই মোৰ বন্ধু পূৰ্ণ আৰু দেৱব্ৰতৰ সত্যে ঘৰলৈ বুলি ওলালো। ত্ৰিছ দিনতে ষাঠি দিনৰ প্লেনিং ,,,,  (তাতে কৰৱাত ছোৱালী পটাৱও তো লাগিৱ । কিমান দিন আৰু চিংগল থাকিবাহে) ঘৰ পালোহি বহুত ভাল লাগিছে, যিমান প্লেনিং আছিল বাদ দি ছোৱালী চোৱাৰ ধান্দাত লাগিলো____ পচন্দ নহয় হে…। তাতে চিংগল ছোৱালী ভাগ্য থকা জনেহে পায়, বন্ধু হতে কলে বোলে জুনালী ভাল ছোৱালী তোৰ লগত ভাল মিলিৱ। তাইক এবাৰ চাবিচোন যদি পচন্দ হয় আমি আছো নহয়,,,,।গলো এদিন তাইৰ ঘৰলৈ। ব'ৰ সুন্দৰ বগা ছোৱালী, মুখ খন দেখিলে ব'ৰ মৰম লগা । মোক তাই বহুত ভাল লাগিল । দুই-এদিনৰ ভিতৰতে বন্ধুত্ব হলো, নম্বৰও ললো। আৰু লাহে লাহে কৰি আমাৰ ফোনত কথা পতা বাঢ়িৱ ধৰিলে। আৰু এদিন মই তাইৰ প্ৰেমত পৰি গলো।মই ভাল পাওঁ বোলি কুৱাৰ আগতে এজন বন্ধোয়ে তাইৰ ঘৰত আমাৰ কথা লগাই দিলে। মই একো গ'ম পোৱা নাছিলো।
(হয় তেওঁ ভালেই কৰিছিলে। "আজিতো মই নাকান্দিলো হয়;) তাই মোৰ লগত কথা পতা এৰি দিলে। কিয় ? মই একো নুবোজিলো । ফুনো পিক-আপ নকৰে চোন। কেনেকৈ গ'ম পাম কিনো হল তাইৰ ? তেনেকৈয়ে তিনি মাহ পাৰ হল । মই এখন চিঠী লিখিলো আৰু তাইক দি খেদালো । ফোনৰ দিনতো চিঠী ৰ'ব কামত আহিলে । তাই ৰাতি ফোন কৰি মোক কলে যে, তাই হেনো মোক বহুত ভাল পায়। মোৰ ফূৰ্তিতে হিয়া নাচি উঠিল । আমাৰ লাভ ষ্টৰি ইমান ভাল আছিল যে কোনো ভিলেন নাই । তাই খং কৰিলে মই তাইক মৰমেৰে বোজাও মৰম-মৰম মাথো মৰমৰ। মই যদি তাইক ধেমালিতে সুধো যে যদি আমাৰ মাজত আকৌ কিবা হয় আৰু আমি এৰা-এৰি হৈ যাও কি হব? তাইৰ উত্তৰ আছিল "মৰি যাম যদি তোমাক নেপাও; ।মই মোৰ প্ৰেমক লৈ বহুত গৌৰব কৰিছিলো । জানো কিয় নিজত'কৈও তাইৰ ওপৰত বহুত বিশ্বাস আছিল ।
কাৰোবাক বেছি ভাল পোৱাটোৱে ভুল। নিজতকৈ বেছি বিশ্বাস কৰাটোয়ে ভুল। যদি ভাল পালেও বা বিশ্বাস কৰিলেউ তাইক জানিব দিয়াটোয়ে ভুল যে মই তুমাৰ অৱিহনে থাকিব নোৱাৰো। আৰু মই সেই ভুল কৰি পেলালো। মই তাইক সম্পূৰ্ণ মনৰ কথা কও। মোৰ টপ-চিগ্ৰেড কথাও তাইক কও । মানে তাইৰ প্ৰেমত ইমানে ৱলিয়া হৈছিলো যে পুৱা সু-প্ৰভাত আৰু ৰাতি শুভ ৰাত্ৰি নকলে টুপনি নাহিছিল আৰু অলপ কথা পাতিব.
পাতিব মন গৈছিল। আমাৰ ষ্টৰি কিছো অদ্ভুত টাইপৰ আছিল, সকলোৱে বন্ধুত্বহৈ প্ৰেম কৰে আমি প্ৰেম কৰি, এৰি বন্ধুত্বহৈ আৰু প্ৰেম কৰিলো। মোৰ ঘৰত সকলোৱে তাইক পচন্দ কৰে । তাই আমাৰ ঘৰলৈ আহিলে মোৰ মাক মা বোলি মাতে সেৱা জনায়। সিহতৰ ঘৰৰ সকলোৱে মোৰ লগত তাইক বিয়া দিয়াত সুখী আছিল। মই ভাৱিছিলো এইজনীয়ে মোৰ জীৱন লগৰী হ'ব লাগে তাইৰ বাৱে মই যি কৰিব লগা হলেও কৰিম। এদিন কোনোবা ল'ৰাই বোলে তাইক মেছেজ দিছিলে, আৰু ফোন কৰি বন্ধুত্ব পাতিলে মোৰ একো গম নাই। ল'ৰা জন তাইৰ গাওঁত আহি তাইৰ লগত অকলে ঘূৰে মোৰ খবৰ নাই । মোৰ ভ্ৰম যে তাই মোক এৰি বেলেগ ল'ৰাৰ কথা ভাৱিব নোৱাৰে । মোক এজন বন্ধুয়ে কলে যে "গোবিন্দ তোমাৰ মালজনী চোন বেলেগৰ লগত লাইন মাৰিচে কি ব্ৰেকআপ হল নেকি; ছেঃ কথাসাৰ কানত পৰা লগে লগে এনে লাগিছিল যেন ভৰিৰ তলত মাটি নাই । কিৱা মুল্যবান বস্তু হাতৰ পৰা কোনোৱাই কাড়ি নিব ধৰিছে। কিয় জানো বুকুৰ এটা চোকত বৰ জ্বলন হৈছিল । মই যানো তাই মোক হিয়াভৰী ভাল পাই কিন্তু এই বন্ধু জনেতো মোক কেতিয়াও মিছা নকয়? হে ভগৱান কি হল , কিয় হল , কেনেকৈ হল ভাবি অন্ত নপৰিল । তাইক কেনেকৈ সুধো জানুচা বেয়া পাব ? তাই কি ভাৱিব মোক ? মই খংতে কে. এফ . ষ্টং খাই দিলো ।
তাই 2-3 বাৰ ফোন কৰিলে মই কিন্তু ৰিচিভ কৰা নাই ।ৰাতি এটা নতুন নাম্বাৰৰ পৰা ফোন আহিল
 :-তুমি গোবিন্দ নেকি।
:-মই:- হোমমমম
:-তুমি কোন?
:-কৃষ্ণা
:-কোন কৃষ্ণা
:-মই জুনালীৰ বন্ধু কৃষ্ণা
:-কিয় ফোন কৰিছা?
:-মই তাইক ভাল নাপাও আমি জাষ্ট বন্ধু হে
ঠিক আছে মোক কিয় ফোন কৰিছা নম্বৰ ক'ত পালা ?
:-তুমি তাইৰ লগত কথা পাতিলোৱা ।
মই ফোন কাটি দিলো
পিছ দিনা পূৱা এটা বন্ধুৰ ফোন আহিল আৰু কলে গোবিন্দ তুমি কিয় এনেকোৱা কৰিছা জুনালীয়ে গোটেই ৰাতি কান্দিচে তুমি এবাৰ কথা পাতি লোৱা।
মোৰ বহুত বেয়া লাগিল আৰু চ'ব কথা মিছা বোলি ভাবি sorry বোলি কলো।
আৰু ভালকৈ কথা পাতিলো ।কিন্তু তাই sorry accept নকৰি খং দেখোৱালে আৰু কলে যে তাই মোক পাহৰি যাব মই হেনো তাইক সন্দেহ কৰো। মই ভাবি উলিয়াব নোৱাৰিলো যে এইটো কি সন্দেহ , নে জলন , নে ভাল পোৱাৰ কোনো ৰূপ। মই ভাবিলো হয়তো মই কিবা ভুল কৰিলো মই তাইক এবাৰ সুধাটো উচিত আছিল নেকি? পিছদিনা বহোত বোজাওতে তাই বোজি পালে আৰু আই লাভ ইও কলে । কোৱাত তো সদায়ে আই লাভ ইও কৈছিল কিন্তু আজিৰ টো সুৱাদ বেছি। আৰু মই কলো চোৱা কৃষ্ণা কোন মই নাজানো আৰু মোৰ জনাৰ প্ৰয়োজনও নাই । কিন্তু প্লিজ তুমি তাৰ লগত কথা নাপাতিবা।
মোক কিবা জলন হয়। তাই মোৰ কচম খাই কলে হেনো তাই তাৰ নামো মোখত আনিব নিদিয়ে । ময় নিজকে দুখ দি আকৌ আগৰ দৰে তাইৰ লগত কথা পতা আৰাম্ভ কৰি দিলো। এদিন মই তাইক ফোন কৰিলো waiting 10মি. পিচতো waiting 45মি. পিচত ফোন পিক-আপ কৰিলে আৰু 2মি. কথা পাতি কলে মা আহি গল মই এতিয়া আৰু কথা নাপাতো বাই ..
মই আকৌ ফোন লগালো waiting
কিয় জানো কৃষ্ণাৰ নম্বৰ ট্ৰাই কৰিলো waiting
মোৰ মনটো কিৱা এটা চোকত বৰকৈ খামোচ মাৰি ধৰিলে। মই দুটা মোবাইল ললো আৰু দুয়ো নম্বৰত সঘনাই ট্ৰাই কৰিলো waiting, waiting, waiting,  হৰ্থাৎ দুয়ো নম্বৰতে ফোন লাগিল
:-জুনালী মোক ভুল নোবোজিবা সত্য কথা কবা প্লিজ তুমি কৃষ্ণাৰ লগত কথা পাতি আছিলা ন।
:- তুমি যে মোক সন্দেহ কৰা তাৰ বাবেহে মই তুমাক বেয়া পাওঁ, মই মোৰ বান্ধবী(***)ৰ লগত কথা পাতি আছিলো যা'ন।
(Waiting থকা সময়ত মই তাইৰ বান্দবীকে ধৰি 45মি. অত বহুতকে ফোন কৰিচিলো, মই গ'ম পালো তাই মিছা কৈছে)
:- সচাঁনে
:- মায়ে মোক মাতিছে মই কথা নাপাতো, আৰু তই মোক সন্দেহ কৰি নাথাকিবি মই বেয়া পাও।।।
মই নিমাত যেন মোৰ মাজেৰে 440ভল্টৰ বিজুলী পাৰ হৈ গল । চকুৱে দি অশ্ৰ নিগৰিৱলৈ আৰম্ভ কৰিলে।
মনে নমনাৰ বাবে মই কৃষ্ণাক আৰু এবাৰ ফুন কৰিলো।
:- হে'ল মই গোবিন্দ,
:- মই এতিয়া জুনালীৰ লগত কথা পতা বোলি নাভাবিৱা মই মাহীৰ ঘৰত কথা পাতি আছিলো।
(ফোন কাটি দিলো)
কি কম একো নোসোধাকৈ মই সকলো প্ৰশ্নৰ উত্তৰ পালো। জুনালীলৈ মেছেজ দিলো তোমাৰ ফোন ৰেকৰ্ড মই উলিয়ালো আৰু তুমি কৃষ্ণাৰ লগত পতা কথা মই শুনিলো । এতিয়া তুমি সত্য কবানে?
ৰিপ্লে, হয় মই কৃষ্ণাৰ লগত কথা পাতিছিলো।
মই মৱাইল অফ কৰি থৈ দিলো। পিচ দিনা পূৱা মই তাইক ফোন কৰিলো আৰু সুধিলো যে কৃষ্ণাৰ লগত ষ্টৰি কি
:- অ মই কৃষ্ণাক ভাল পাও
মই বুজি পাইছিলো তাই কৃষ্ণাক ভাল নাপাই মিছাতে কৈছে। কিন্তু ভাল নাপায় যদি কিয় তাই ইমান দীঘলিয়া কথা পাতে। কিয়? কিয়?
সেইদিনাই আছিল আমাৰ লাষ্ট কথা পতা। তাই কৈ গল বোলে মই বেয়া লৰা মই তাইক সন্দেহ কৰো, তাইৰ ক'ল হিষ্টৰি কম্পিটাৰত চাও। তাইৰ পহৰা গাওঁৰ মানুহক লগাই থৈছো ইত্যাদি ইত্যাদি। মই কান্দি কান্দি তাইক বুজাব চেষ্টা কৰিছিলো যে তাই ভুল বুজিছে। তেনে কোনো পদ্ধতি নাই য'ত আনৰ ক'ল ষ্টৰি চেক কৰিব পাৰি আৰু বাকী মানুহৰ বহুত কাম আছে তোমাৰ চকীদাৰ কৰিবলৈ কাৰো সময় নাই এই পৃথিবীত। তাই বুজিব চেষ্টাই নকৰিলে, যেন কোনোৱাই মোৰ বিষয়ে বহুত বেয়া কৈ তাইক কৈছে। বা তাই কৃষ্ণাক লাইক কৰিবলৈ আৰম্ভ কৰিছে। অন্তিমত মই তাইক কলো মই সন্ধিয়া তোমাৰ মা লগত কথা পাতিম। তাই কলে যাৰ লগত পাত পাতিথাক।মই বহুত কান্দিলো কাৰো লগত কথা পাতিব নোৱাৰা হলো চকুপানী ওলায় যাই আৰু মাতত কান্দোনৰ এটা শুৰ নিগৰি পৰে।কাম-বন কৰিৱ নোৱাৰা হলো, তাইৰ নম্বৰ ডিলিট কৰি দিলো। পূৰনা কাম, বন্ধু, ৰুম সকলো এৰি মই অকলে থাকিব ললো।আৰু কলমক মোৰ লগৰি কৰি ললো। মই নিজকে এনেকৈ হেৰুৱাব বিছাৰিলো যে ফে'ক  নাম ব্যবহাৰ কৰিব ললো। কোনো মতে মই নমৰি জীয়াই থাকিলো।মই এজনী ছোৱালীৰ বাবে মৰিব নোৱাৰো এইটো এটা বাক্য মাত্ৰহে হৈ ৰৈছিল।মিছা নামক ব্যবহাৰ কৰোতে বহুত বন্ধুক লগ পালো যিয়ে মোক তাইক পাহৰাত বহুত সহায় কৰিলে।
কিন্তু এয়া কি মই যাৰ অবিহনে জীয়াই থাকিব শিকিলৈছো তাই আকৌ মোৰ জীৱনলৈ আহিব বিছাৰিছে। তাইৰ মাক দেউতাকে মোক ফোন কৰি তাইক মোলৈ বিয়া দিম বুলি কৈছে।।।।
তাইয়ো হেনো একমত মাত্ৰ মোৰ হে অ কোৱাৰ প্ৰয়োজন, তাই আগতকৈও বেছি মৰম লগা হৈছে। এতিয়াও মনৰ কোনোৱা চুকত তাইৰ নাম আছে কিন্তু মই কিয় তাইক বিয়া কৰাও যিয়ে মোক মৰো মৰো অবস্থাত এৰি দিছিল মই কেনেকৈ পাহৰো যোৱা এটা বছৰ অকলশৰে ৰুমত বিয়াৰ-চিগাৰেট খাই কান্দি কান্দি ভাত খব নোৱাৰা সময়। মই কেনেকৈ পাহৰো মৰিবলৈ বনোৱা বিফল প্লেনিং বোৰ। মই যদি বেয়া লৰা আছিলো কিয় আহিব বিচাৰিছা উভটি। "কেলেণ্ডাৰ হে সলনি হৈছে জুনালী গোবিন্দ নহয়;। মই তুমাক পাহৰি পেলালো,তুমাৰ সন্দৈয্যই মোক আৰু আকৰ্শিত কৰিব নোৱাৰে।
কাৰোবাৰ পৰা ইমানে দুৰৈত থকা ওচ্ছত তাক মিছ কৰিলে যাতে কাষত পাই। নহলে এদিন তেও তোমাৰ অবিহনে থাকিব শিকি লব আৰু তুমি ৰৈ পৰি বা অকল সৰে।
ধন্যবাদ

গোবিন্দ সৎনামী

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা