জুনালী আৰু গোবিন্দৰ প্ৰেম

​এবছৰৰ পিছত গাঁৱলৈ যাবলৈ ছুটি পালোঁ। প্ৰাইভেট চাকৰি, কওঁতেহে কওঁ মাহত ছয়টা ছুটি পাওঁ; বছৰৰ অন্তত এমাহৰ। কিন্তু যিকিজন বন্ধুৱে প্ৰাইভেট কোম্পানীত কাম কৰে, তেওঁলোকে ভালকৈ বুজি পায় যে ছুটি মানে কিমান কষ্টত তেল লগাইহে পোৱা যায়। যি নহওক, মই মোৰ বন্ধু পূৰ্ণ আৰু দেৱব্ৰতৰ সৈতে ঘৰলৈ বুলি ওলালোঁ। ত্ৰিছ দিনতে ষাঠি দিনৰ পৰিকল্পনা— তাতে ক’ৰবাত ছোৱালী পটাবওতো লাগিব! কিমান দিন আৰু ছিঙ্গল থাকিবা হে!

​ঘৰ পালোহি, বহুত ভাল লাগিল। যিমান পৰিকল্পনা আছিল সকলো বাদ দি ছোৱালী চোৱাৰ ধান্দাত লাগিলোঁ। কিন্তু পচন্দহে নহয়... তাতে ছিঙ্গল ছোৱালী ভাগ্য থকা জনেহে পায়। বন্ধুহঁতে ক’লে, “জুনালী ভাল ছোৱালী, তোৰ লগত ভাল মিলিব। তাইক এবাৰ চাবিচোন, যদি পচন্দ হয় আমি আছোঁ নহয়।” এদিন তাইৰ ঘৰলৈ গ’লোঁ। বৰ সুন্দৰ বগা ছোৱালী, মুখখন দেখিলেই মৰম লাগে। মোৰ তাইক বহুত ভাল লাগিল। দুদিনমানৰ ভিতৰতে বন্ধুত্ব হ’ল, নম্বৰো ল’লোঁ। লাহে লাহে আমাৰ ফোনত কথা পতা বাঢ়িবলৈ ধৰিলে আৰু এদিন মই তাইৰ প্ৰেমত পৰি গ’লোঁ।

​মই ভাল পাওঁ বুলি কোৱাৰ আগতেই এজন বন্ধুৱে তাইৰ ঘৰত আমাৰ কথা লগাই দিলে। মই একো গম পোৱা নাছিলোঁ। (হয়তো তেওঁ ভালেই কৰিছিল, আজি অন্তত মই নাকান্দিলোঁহেঁতেন!) তাই মোৰ লগত কথা পতা এৰি দিলে। কিয়? মই একো বুজি নাপালোঁ। ফোনো নধৰে চোন! কেনেকৈ গম পাম তাইৰ কি হ’ল? তেনেকৈয়ে তিনি মাহ পাৰ হ’ল। মই এখন চিঠি লিখি তাইক দিলোঁ। ফোনৰ যুগত চিঠিৰ কাম দিলেই— তাই ৰাতি ফোন কৰি ক’লে যে তাই হেনো মোক বহুত ভাল পায়। মোৰ ফুৰ্তিতে হিয়া নাচি উঠিল। আমাৰ প্ৰেমৰ কাহিনীত কোনো খলনায়ক নাছিল। তাই খং কৰিলে মই মৰমেৰে বুজাওঁ— মাথোঁ মৰম আৰু মৰম। মই যদি তাইক ধেমালিতে সুধোঁ, “যদি আমাৰ মাজত আকৌ কিবা হয় আৰু আমি এৰা-এৰি হওঁ, তেন্তে কি হ’ব?” তাইৰ উত্তৰ আছিল— “তোমাক নাপালে মৰি যাম।” মই মোৰ প্ৰেমক লৈ বহুত গৌৰৱ কৰিছিলোঁ। নিজতকৈও তাইৰ ওপৰত বিশ্বাস বেছি আছিল।

​কিন্তু কাৰোবাক অতিমাত্ৰা ভাল পোৱাটোৱেই ভুল। নিজতকৈ বেছি বিশ্বাস কৰাটোৱেই ভুল। তাইক এই কথা জানিবলৈ দিয়াটোৱেই আছিল আটাইতকৈ ডাঙৰ ভুল যে মই তাইৰ অবিহনে থাকিব নোৱাৰোঁ। মই সেই ভুলটোৱেই কৰিলোঁ। মই তাইক মোৰ সকলো গোপন কথা কৈছিলোঁ। তাইৰ প্ৰেমত ইমান বলিয়া হৈছিলোঁ যে পুৱা ‘সু-প্ৰভাত’ আৰু ৰাতি ‘শুভ ৰাত্ৰি’ নকলে টোপনিয়েই নাহিছিল। আমাৰ কাহিনীটো অদ্ভুত আছিল— প্ৰথমে বন্ধুত্ব, তাৰপিছত প্ৰেম, তাৰপিছত বিচ্ছেদ, আকৌ বন্ধুত্ব আৰু পুনৰ প্ৰেম!

​মোৰ ঘৰত সকলোৱে তাইক পচন্দ কৰিছিল। তাই আমাৰ ঘৰলৈ আহিলে মোৰ মাক ‘মা’ বুলি মাতি সেৱা জনাইছিল। সিহঁতৰ ঘৰৰ সকলোৱেও আমাৰ বিয়াক লৈ সুখী আছিল। মই ভাবিছিলোঁ তাইয়েই মোৰ জীৱন লগৰী হ’ব। কিন্তু এদিন কোনোবা ল’ৰাই তাইক মেছেজ দিলে আৰু ফোন কৰি বন্ধুত্ব পাতিলে। মই একো গমেই নাপালোঁ। ল’ৰাজন তাইৰ গাঁৱলৈ আহি তাইৰ লগত অকলে ঘূৰি ফুৰে, অথচ মোৰ ওচৰত খবৰ নাই। মোৰ ভ্ৰম আছিল যে তাই মোক এৰি আন ল’ৰাৰ কথা ভাবিবই নোৱাৰে।

​এদিন এজন বন্ধুৱে ক’লে, “গোবিন্দ, তোৰ মালজনী চোন বেলেগৰ লগত লাইন মাৰি আছে, কিবা ব্ৰেকআপ হ’ল নেকি?” কথাসাৰ কাণত পৰাৰ লগে লগে এনে লাগিল যেন ভৰিৰ তলৰ মাটি নাইকিয়া হৈ গ’ল। বুকুৰ এটা চুকত তীব্ৰ জ্বলন হ’ল। মই জানো তাই মোক ভাল পায়, কিন্তু এই বন্ধুজনে কেতিয়াও মিছা নকয়। হে ভগৱান, কিয় হ’ল এয়া? তাইক সুধিবলৈও ভয় লাগিল, জানোচা বেয়া পায়! মই খংতে সুৰা পান কৰিলোঁ। তাই দুই-তিনিবাৰ ফোন কৰিছিল, কিন্তু মই ধৰা নাছিলোঁ। ৰাতি এটা নতুন নম্বৰৰ পৰা ফোন আহিল—

​“তুমি গোবিন্দ নেকি?”

“হয়, তুমি কোন?”

“মই কৃষ্ণা। মই জুনালীৰ বন্ধু।”

“কিয় ফোন কৰিছা? নম্বৰ ক’ত পালা?”

“মই তাইক ভাল নাপাওঁ, আমি কেৱল বন্ধুহে। তুমি তাইৰ লগত কথা পাতি লোৱা।”

​মই ফোনটো কাটি দিলোঁ। পিছদিনা এজন বন্ধুৰ ফোন আহিল আৰু ক’লে, “গোবিন্দ, জুনালীয়ে গোটেই ৰাতি কান্দিছে, তুমি এবাৰ কথা পাতি লোৱা।” মোৰ বহুত বেয়া লাগিল। সকলো কথা মিছা বুলি ভাবি তাইক ‘চৰী’ (Sorry) কলোঁ। কিন্তু তাই চৰী গ্ৰহণ নকৰি খং দেখুৱালে আৰু ক’লে যে তাই মোক পাহৰি যাব, কাৰণ মই হেনো তাইক সন্দেহ কৰোঁ। মই বুজিব নোৱাৰিলোঁ— এয়া সন্দেহ আছিল নে ভাল পোৱাৰ কোনো ৰূপ? তাইক বহুত বুজোৱাৰ পিছত তাই পুনৰ ‘আই লাভ ইউ’ ক’লে। মই ক’লোঁ, “চোৱা, কৃষ্ণা কোন মই নাজানো, কিন্তু প্লিজ তুমি তাৰ লগত কথা নাপাতিবা। মোৰ বৰ জ্বলন হয়।” তাই মোৰ শপত খাই ক’লে যে তাই আৰু তাৰ নাম মুখলৈ নানে।

​কিন্তু পুনৰ এদিন মই তাইক ফোন কৰিলোঁ— ৪৫ মিনিট ফোনটো ‘ৱেইটিং’ (Waiting) হৈ থাকিল। ফোন ধৰি তাই ক’লে, “মা আহি গ’ল, মই কথা নাপাতোঁ, বাই।” মই পুনৰ ফোন লগালোঁ— আকৌ ৱেইটিং। কিয় জানো কৃষ্ণাৰ নম্বৰটো ট্ৰাই কৰিলোঁ— সেয়াও ৱেইটিং। মোৰ মনটোৱে ধৰিব পাৰিলে কিবা এটা হৈছে। দুয়োটা ফোনৰ পৰা সঘনাই ট্ৰাই কৰি থাকিলোঁ আৰু হঠাত দুয়োটা নম্বৰতে ফোন লাগিল।

​“জুনালী, সত্য কোৱা, তুমি কৃষ্ণাৰ লগত কথা পাতি আছিলা নেকি?”

“তুমি মোক সন্দেহ কৰা কাৰণে মই তোমাক বেয়া পাওঁ। মই মোৰ বান্ধৱীৰ লগতহে কথা পাতি আছিলোঁ।” (মই জানিছিলোঁ তাই মিছা কৈছে, কাৰণ মই সেই সময়ত তাইৰ বান্ধৱীকো ফোন কৰিছিলোঁ)।

মই নিমাত হৈ গ’লোঁ। যেন মোৰ মাজেৰে ৪৪০ ভল্টৰ বিজুলী পাৰ হৈ গ’ল। চকুৰে চকুলো নিগৰিবলৈ ধৰিলে।

​মই কৃষ্ণাক আকৌ ফোন কৰিলোঁ। তেওঁ ক’লে, “মই মাহীৰ ঘৰত কথা পাতি আছিলোঁ।” মই সকলো প্ৰশ্নৰ উত্তৰ পাই গ’লোঁ। জুনালীলৈ মেছেজ দিলোঁ— “তোমাৰ ফোন ৰেকৰ্ড মই উলিয়ালোঁ, তুমি কৃষ্ণাৰ লগতে কথা পাতি আছিলা।” এইবাৰ তাই স্বীকাৰ কৰিলে— “হয়, মই কৃষ্ণাৰ লগত কথা পাতিছিলোঁ।”

​পিছদিনা তাই ক’লে— “মই কৃষ্ণাক ভাল পাওঁ।” মই জানিছিলোঁ তাই মিছাতে কৈছে, কিন্তু কিয় তাই ইমান মিছা কয়? সেইদিনাই আমাৰ শেষ কথা পতা হ’ল। তাই মোক বহুত বেয়া ল’ৰা বুলি ক’লে, মই হেনো তাইক পহৰা দিওঁ, কল হিষ্ট্ৰী চেক কৰোঁ ইত্যাদি। মই কান্দি কান্দি তাইক বুজাব খুজিছিলোঁ যে তাই ভুল বুজিছে। কিন্তু তাই বুজিব নিবিচাৰিলে। মই তাইৰ নম্বৰ ডিলিট কৰি দিলোঁ। পুৰণা কাম, বন্ধু, কোঠালি— সকলো এৰি মই অকলে থাকিবলৈ ল’লোঁ। কলমক মোৰ সংগী কৰি ল’লোঁ। ফেক (Fake) নাম ব্যৱহাৰ কৰি জীয়াই থাকিবলৈ শিকিলোঁ।

​কিন্তু আজি এয়া কি? এবছৰৰ পিছত তাই আকৌ মোৰ জীৱনলৈ ঘূৰি আহিব বিচাৰিছে। তাইৰ মাক-দেউতাকে ফোন কৰি তাইক মোলৈ বিয়া দিব খুজিছে। তাইও হেনো একমত। তাই এতিয়া আগতকৈও বেছি ধুনীয়া হৈছে। মনৰ কোনোবা চুকত এতিয়াও তাইৰ নাম আছে, কিন্তু মই কেনেকৈ পাহৰোঁ সেই যন্ত্ৰণাদায়ক দিনবোৰ? যোৱা এটা বছৰ কেনেকৈ মই কান্দি কান্দি কটাইছিলোঁ? মৰিবলৈ বনোৱা সেই বিফল পৰিকল্পনাবোৰ মই কেনেকৈ পাহৰোঁ?

​মই যদি বেয়া ল’ৰা আছিলোঁ, তেন্তে কিয় ঘূৰি আহিব বিচাৰিছা? “কেলেণ্ডাৰহে সলনি হৈছে জুনালী, গোবিন্দ সলনি হোৱা নাই।” মই তোমাক পাহৰি পেলালোঁ। তোমাৰ সৌন্দৰ্যই মোক আৰু আকৰ্ষিত কৰিব নোৱাৰে।

​কাৰোবাৰ পৰা ইমান দূৰত নাথাকিবা যে তেওঁ তোমাৰ অবিহনে থাকিবলৈ শিকি লয়।

​ধন্যবাদ।

গোবিন্দ সতনামী

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা