মুৰ অসীম প্ৰেমৰ বিনিময়ত
মোৰ অসীম প্ৰেমৰ বিনিময়ত, মই তোমাৰ পৰা একোৱেইটো বিচৰা নাছিলো.........,
বিচাৰিছিলো মাথোঁ তোমাৰ হাঁহি, হাঁহি আৰু হাঁহি.......,
ভুল ক'ত হল........?
হয়টোবা বেছি মৰম পাই আমুৱাই গ'লা নেকি........?
নে মোতকৈও বেছি মৰম কৰিব পৰা কোনোৱা বিচাৰি পালা............? হ'বই নোৱাৰে...... মোতকৈ তোমাক কোনোৱাই বেছি ভালপাব.........?
নাই নোপোৱা ......., এই পৃথিৱীত আনজন বিচাৰি নোপোৱা........, মোৰ নিচিনা নিশ্বাৰ্থৰে তোমাক প্ৰেম আন কোনোৱেই কৰিব নোৱাৰে .....,
অঃ.......
হব পাৰা তুমি মোতকৈও দেখাত সুন্দৰ, অট্বালিকাৰ মাজত জীৱন কটোৱা ,
হেণ্ডচাম লৰাৰ প্ৰেমত পৰা কিন্তু সেইবুলি কেতিয়াও নকবা , তেওঁ তোমাক মোতকৈও বেচি মৰম কৰে, ভাল পাই...........,
তুমি কি জানিবা প্ৰেম অৰ্থ .......?
সচাকৈয়ে তুমি নাজানা.....
নাজানা বাবেইটো মোক অকল-সৰে এৰি গুছি গলা...........,
প্ৰেম অৰ্থ কি তুমি নদীক সুধিবা ....., দূৰ -দোৰান্তৰ পৰা নিজৰ স্বাদু পানী লৈ, সাগৰৰ নিমখিয়া পানীত মিহলি হবলৈ সকলো বাধা নেওছি ব্যাকুল হৈ গীত গাই আহে ,
নদীয়ে কেতিয়াও নিজক লৈ গৌৰৱ কৰা নাই........
হয়টো নকৰেও.....,
কিন্তু তুমি কিয় তোমাৰ সৌন্দৰ্যক লৈ গৌৰৱ কৰা.........,
যিটো মাথো দুই দিনৰ বাবেহে তোমাৰ ......,
এদিন তুমি নিজেই কৈছিলা "মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো" আৰু আজি সেই মুখেৰেই বিপৰীত বাণী কেনেকৈ কবলৈ পাৰিলা ......, মোৰ ভুল ক'ত আছিল পাৰিলে এবাৰ দেখুৱাই দিয়া,
কাৰণ এইখনো এখন মানুহৰেই হৃদয় ,
কোনোবাই আঘাত হানিলে ইয়ো চিঞৰি উঠে , কোনোবাই মৰম যাঁচিলে ইয়ো মৰম বিলাই ,
হৃদয়ৰ কোনোবা খিনিত প্ৰেমৰ অনুভৱ বোৰক জাগ্ৰত কৰি খুব সহজেই যাব পাৰিলা নহয় ?
যোৱা , নিশ্চয় যোৱা মই বাধা নিদু ..!!
বাধা নিদো তোমাৰ সুখত , মই কোনোবা পাগল প্ৰেমিক নহয় , তোমাৰ কাৰণে চিঞৰি চিঞৰি অশ্ৰু নিগৰাম ,
সিৰ কাটি হাত ৰাঙলী কৰিম ,
মাটাল যুৱকৰ দৰে বটলৰ প্ৰেমিক হম ,
কিন্তু এটা কথা মনত ৰাখিবা , যিদিনাই তুমি নতুনজনৰ নামাৰে শিৰত সেই ৰঙাবোৰ সানি লবা ,
অনুগ্ৰহ কৰি এবাৰ হলেও মোক জনাই দিবা , আৰু গুচি যাবা এখন নতুন পৃথিৱীলৈ ,
পাহৰি যাবা এই অমোকা এজন তোমাৰ প্ৰেমিক আছিল !!
সেই বুলি মৃত্যুৰ পথত জাপ নামাৰো , কিন্তু সচাঁ এইটোৱেই হয়টো মৃত্যুৰ ঘাটত প্ৰথম ময়েই ঘূৰি ফুৰিম ,
আৰু এদিন তুমি নজনাকৈ এ গুচি যাম এখন অজান পৃথিৱীলৈ ,
তোমাৰ আশে পাশেই থাকিম হয়টো , কিন্তু কি জানা , তুমি হয়টো তাৰ উমানেই নাপাবা ,
কেতিয়াবা কোনোবাই কবও পাৰে , "ঐ তোৰ প্ৰাক্তন প্ৰেমিক গল নহয় ওপৰলৈ " হাঃ হাঃ ... এনেকৈএ কব চাগৈ ,
কিন্তু তুমি নাভাবিবা মই সেয়া আত্মহত্যাই কৰি পেলালো ,
হয়টো এয়াই জীৱন আছিল , এয়াই সুখ আৰু দুখৰ পৰিণাম আছিল ...!!
Comments
Post a Comment
ধন্যবাদ