স্মৃতি বোৰ কত যে হেৰাই যায়
স্মৃতি বোৰ কত যে কেতিয়া হেৰাই যায় কোনেও কব নোৱাৰে , মাথোঁ ৰৈ যায় হৃদয়ৰ মাজত একো একোটা বিষাদ , ভালপোৱা মানুহবোৰক চোন পাহৰিবই পৰা নাযায় , কিন্তু তাতোকৈ যেন পাহৰিব পৰা নাযায় সেই অতীতৰ কিম্বা আপোন জনক ..!! তেওঁৰ প্ৰতি হয়টো এতিয়া খুদকণো অনুভৱ নাইকীয়া , তথাপিও কিয় নাজানোঁ এই অবুজন হৃদয়ে বাৰে বাৰে তেওঁকেই ৰিঙিয়াই ...!! নৈ পাৰত বহি থকা সেই প্ৰেমিক প্ৰেমিকাবোৰক দেখিলে জানো বুকুখনে বাৰুকৈয়ে খুন্দিয়াই , চকুৰ আগত যেন অতীতৰ সেইবোৰ ৰোমন্থন হৈ উঠে ..!! নিশাৰ গাৰুটো কেতিয়াটো ভিজি উঠে গমকে নাপাওঁ , একাকিত্ব হোৱা সময়খিনিত জানো সেইবোৰেই মনলৈ আহে .... ভালপোৱাৰ যদি এয়াই উপহাৰ , তেনেহলে তোমাক চিঞৰি চিঞৰি কৈছোঁ , তুমি শুনা ........ যোৱা , তোমাক মই মোৰ মনৰ পৰা মুক্ত কৰিছোঁ , মুক্ত কৰিছোঁ মোৰ জীৱনৰ পৰা , হিয়াৰ কোঠালিৰ পৰা , এতিয়া তুমি মুক্ত বিচৰণ কৰা , আজি মই তোমাৰ বাবে চকুৰ টোপাল বোৱাইছো , আৰু বিনিময়ত তুমি হাঁহি উঠিছা , এদিন তুমি মোৰ বাবে চকুৰ টোপাল বোৱাবা ,কিন্তু সচাঁ কথা কি জানা , সেইসময়ত যেন চকুৰ পানী মচি দিয়া মানুহৰ অভাব পৰিব ..!!
Comments
Post a Comment
ধন্যবাদ