যাক সকলোতকৈ বেছি ভালপোৱা যাই……

যাক সকলোতকৈ বেছি ভালপোৱা যাই……………………সেইজনৰ দুষ্ট কথাবোৰৰ মাজত কিছুমান হাহি,অভিমানৰ মাজেৰে যাৰ সৈতে গোটেই জীবন কটোৱাৰ সপোন দেখা যাই, সেই অাপোনজন……………অনুভব মাথো এটাই,তোমাৰ বাবেই হয়টো তেওৰ জন্ম।।…… কেতিয়াও নভবা নিচিন্তা কথা………সপোন কল্পনাৰ বিপৰিত তেওৰ সৈতে সম্পৰ্ক…তথাপি অনুভব তেওৰ সৈতে চিনাকী যেন বহু যুগৰে।।…… কেতিয়াও কোৱা নাই তোমাক… তেওৰ প্ৰতি তোমাৰ অধিকাৰ,,তথাপি তেওৰ বেয়া দেখিলে কৰা খং,অভিমান,চকুপানীবোৰে নিজেই কৈ যাই ""অ' তোৰ বেয়া দেখিলে মই বেয়া পাও,দুখ পাও,সেইবাবেইতো কও,গালি দিও যে তেনে কাম নকৰিবিচোন''।। এইবোৰৰ মাজতেই সুখ,কিছুমান হৃদয়ৰ মিঠা বিষ………য'ত তেওৰ সৈতে থকা দূৰত্ব বোৰেও তোমাৰ সৈতে থকা সম্পৰ্কৰ বান্ধোন চিগিব পৰা নাই।। বিশ্বাস………যাৰ বাবেই জীয়াই অাছে সকলো……এই বিশ্বাসৰ বাবেইটো অচিনাকী জনো পৃথিবীৰ অাটাইটকৈ বেছি অাপোন কোনোবা হ'ব পাৰিছে। নজনা কৈয়ে,নিবিচৰা কৈয়ে তোমাৰ মন তেওৰ ওচৰতেই বিৰাজমান । হ'ব পাৰে চকুপানী,দুখ যান্ত্ৰণা তেওৰেই উপহাৰ……তথাপি তেওক তুমি একেদৰেই প্ৰাণ ভৰি ভালপোৱা।এটাই হয়টো বিশ্বাস,এদিন তেও বুজিব অাৰু মোৰ ওচৰলৈ উভতি অাহিব,মই ভবাৰ দৰে,মোৰ মনে বিচৰা ধৰণে।। বিশ্বাস………শুণাত একেবাৰেই সৰু শব্দ,কিন্তু ইয়াৰ অৰ্থ হৃদয়খনে ভালদৰে বুজিব পাৰে………অনুভব কৰিব পাৰে ইয়াৰ গভীৰতা।।……তেওৰ সৈতে থকা বিশ্বাস,ভালপোৱা মৰমৰ মাজেৰেইটো তোমাৰ জীবন……… যাক তুমি সকলোতকৈ বেছি ভালপোৱা……তোমাৰ অাপোন সেইজন………………।। ধন্যবাদ…………

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা