কিমান ধুনীয়া আছিল সেই সন্ধিয়াটো

কিমান ধুনীয়া আছিল সেই সন্ধিয়াটো যেতিয়া তাই মোলৈ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল.....
হয় মইয়ো তাইক খুবেই ভাল পাইছিলো কিন্তু মই ক'বহে পৰা নাছিলো.....। কিজানি তাই আঁতৰি যায়....
কিবা এটা ভয়ে মোৰ মনক সদায় বান্ধি ৰাখিছিলে.....,
তাইক মই দূৰৈৰ পৰা চাও.... ওচৰত পালে লাজেই লাগিছিল.... মই মূৰ তুলি চাবও নোৱাৰিছিলো তাইক.... কিন্তু কিবা এটা আকৰ্ষনীয় শক্তি আছিল কিজানি তাইৰ গাত যাৰ বাবে মই বাৰে বাৰে তাইৰ কাষলৈ যাব বিছৰো....
তাইয়ো মোক খুব ঘুৰি ঘুৰি চাইছিলে কিন্তু মইহে ভয় কৰিছিলো.....♡
তাই ভাবিছিলে মই প্ৰথমে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াম বুলি কিন্তু এদিন-দুদিনকৈ একবছৰ পাৰ হ'ল মোৰ সাহস কনে গোট নাখালে .... উপাই নাপাই এদিন তাই সন্ধিয়া সময়ত নিজে মোক ৰাস্তাত ল'গ কৰি কলে "ঐ এটা কথা ক'ম বেয়া পাবা নেকি; মই:- ধেইত...!! কি কোৱা....?
তাই:-মই এটা অংক পৰা নাই বুজাই দিবা প্লিজ.....
(সৰ্বনাশ মই অংক মানেই গেধা.... আগে-পিছে  তাইৰ পঢ়াত সহায় কৰো কিন্তু অংক .... ইজ্জতৰ কথাটো আহিপৰিছে ভাই)  মই:-  বাটত কিহৰ অংক বুজাব লাগে তোমাক হিঃ হিঃ
তাই :- নহয় মই তোমালোকৰ ঘৰ গৈছিলো। তুমি নাছিলা দেখি ঘুৰি আহিলো। বহী খন তোমাৰ ড্ৰয়াৰত ভৰাই আহিছো, পাৰিলে অংকৰ  উত্তৰ কৰি মোক ৰাতি দি আহিবা প্লিজ বহুত দৰকাৰ আছে....
মই :- হ'ব বাৰু আঠ মান বজাত দি আহিম
অলপ প'ৰ কথা-বতৰা পাতি আমি সন্ধিয়া ঘৰাঘৰি হলো....
ড্ৰয়াৰ খুলি তাইৰ বহী বিছাৰিলো   কিন্তু  পোৱা নাই ... কি  হ'ল
পিছত পালো লুকুৱাই থৈ দিছিল ....  ,
মেলি চালো, তাত কোনো অংক নাছিলে আছিল এটা প্ৰেম পত্ৰ..... লিখা আছিল "মৰমৰ গোবিন্দ মই তোমাক বহুত ভাল পাও । যদি তুমিও মোক ভাল পোৱা এই বহী খনতে লিখি মোক ঘুৰাই দিবা .... যদি নোপোৱা প্লিজ এই বহী খন ফালি পেলাই দিবা আৰু আজি আমাৰ ঘৰলৈ নাহিবা। (মই সিদিনাও ৰাতি আঠ মান বজাত তাইৰ ঘৰলৈ গৈছিলো)
চিঠি খন চাই মোৰ বহুত ভাল লাগিল মই একো নভবা নিচিন্তাকৈ তাৰ ঘৰলৈ বুলি ওলালো .... পাকঘৰত গৈ খুড়ী , খুড়ী বুলি মাত দিলো তাইৰ মাকে মোক মাত দিয়াৰ আগতেই তাই আহি মোৰ সন্মুখত ৰ'লহি...., তাই মোৰ হাতলৈ চাই চকু চল্-চলিয়া হৈ পৰিল কাৰণ মই তাইৰ বহী খন নানিলো....,(কিবা এটা কাৰণত ঘুৰাই দিব মন নগ'ল)
মই সদায় তাইৰ পঢ়া কোঠালৈ গৈছিলো কিন্তু সিদিনা লাজতে পাকঘৰ পালো। তাই  কিবা বেলেগ হে ভাবিলে কিজানি....
একো নমতাকৈ পঢ়া কোঠালৈ গুচি  গ'ল....,(তাই ভাবিছিলে মই তাইক ভাল নাপাও আৰু মাক লগাবলৈ আহিছো বুলি)
মই তাইৰ পিছে-পিছে গ'লো আৰু  চকিত বহি তাইৰ মুখলৈ চাই থাকিলো....
একো নামাতিলে  ....
তাই কান্দিছে যেন পালো..... কিন্তু মুখখন  লুকুৱাই থোৱাৰ বাবে ধৰিব নোৱাৰিলো,,,,,,
অলপ পৰ যোৱাৰ পিছত বাহিৰত দেউতাৰ মাত শুনি তাই মোক কলে তুমি ইয়াৰ পৰা যোৱা  প্লিজ....
মই মনত দুখ পালো কিন্তু একো নোকোৱাকৈ উঠি এটা কলম লৈ তাইৰ হাতত I LOVE YOU লিখি বাহিৰ ওলায় গলো...... তাই মাতিলে কিন্তু মই ঘুৰি নাছালো .... আহি ঘৰ পালোহি..... পূৱা শুই উঠি প্ৰথমে তাইৰে মুখ দেখিবলৈ পালো তাই মোৰ সাৰ পোৱালৈ  বাট চাই মোৰ কোঠাতে বহি কিবা পঢ়ি আছিলে....
মোবাইলৰ যুগতো আমি  চিঠি লিখি প্ৰেম কৰিছিলো ..... এখন চিঠিকে বাৰে-বাৰে পঢ়ি কিযে ভাল লাগিছিল তাৰ জোখ দিয়া কঠিন.... কিবা কাৰণত যদি মই চিঠিৰ উত্তৰ দিব পৰা নাছিলো তাইৰ অভিমানি চেহেৰা চাই ব'ৰ শুৱনি লাগিছিল....,
কেতিয়াবা জোকাম বুলিয়ে মই চিঠিৰ উত্তৰ দিয়া নাছিলো......,
প্ৰেম , প্ৰেম মাথো  প্ৰেম চাৰি বছৰ কেনেকৈ নো পাৰ হ'ল আমি গমকে নাপালো.....,
কোনোবা এজন ল'ৰাৰ লগত তাইৰ বন্ধুত্ব হ'ল ....
সদায় তাই সেই ল'ৰা জনৰ কথা মোক কয় ....., যে তেওঁ এনেকুৱা  , তেওঁ তেনেকুৱা কৈছে, ভাল লৰা, সকলোৱেই ভাল পাই ইত্যদি ইত্যদি।
মই মনে-মনে বহুত জ্বলো কিন্তু একো কবপৰা নাছিলো.....
সকলো কথা মোৰ বন্ধু এজনে গম পাই আৰু গৈ ল'ৰা জনক কিবা দম দিলে কিজানি.... পিছদিনা পূৱাৰ পৰা তাইৰ মোলৈ খং.....
মই কাৰণ নুসুধিলো.... লাহে - লাহে মাতবোল  কমি আহিল ...
আন্তিমত আমাৰ প্ৰেমে ফাট দিলে প্ৰতাৰণাৰ দিশলৈ.....,
মই তাইক এবাৰো  নুসুধিলো যে তাই কিয় এনে কৰিলে......, হয়তো দৰকাৰো  নাই কাৰণ তাইৰ মন , তাইৰ অধিকাৰ আছে যাকে মন যায় ভাল পাব পাৰে মই বাধা দিবলৈ কোন....., তাই যে মোক চাৰি বছৰ ভাল পাইছিল  মই ইয়াতে বহুত সুখী....., হয়তো মোৰ মৰমত কিবা কম হৈছিল যাৰ বাবে মই তাইক হেৰুৱালো....., মই তাইক বেয়া ছোৱালী বুলি নিজৰ প্ৰেমক অপমান কৰিব নোৱাৰো....., কাৰণ তাইক মই চাৰি বছৰ ধৰি বহুত ভাল পাইছিলো আৰু ভাল ছোৱালী বুলি কৈছিলো এতিয়া বেয়া বুলি  কেনেকৈ কম.....,
দুখ মোৰে আছিল মই  সময়ৰ গতি-পথ চিনি  নাপালো .... যিকিনি নহওক তুমি সুখেৰে থাকা মই ভগৱানক প্ৰাৰ্থনা কৰো..... তোমাৰ  সকলো দুখ মোলৈ আহক  আৰু মোৰ সকলো সুখ তোমাক দিব বিচাৰো

     পূৰ্ণিমাৰ জোনটি নহয় যে ধুনীয়া
তাতো আছে কলংকৰ চিন
    মোৰ যে অন্তৰত তুমি ব'ৰ ধুনীয়া
 কাৰ লগত তুলনা দিম
  ধন্যবাদ

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা