তোমাৰ মৰমৰ তেওৰ প্ৰয়োজন নাই

তোমাৰ মৰমৰ তেওৰ প্ৰয়োজন নাই………………বাৰে বাৰে তেওক মৰম ভালপোৱা যাচিব গৈ নিজৰ ভালপোৱাক অপমান কৰিব নাযাবা।। তেওঁ যিহেতু তোমাৰ মৰম ভালপোৱাক মুল্য দিব নাজানে…………তোমাৰ খং অভিমানক অভিনয় বুলি গণ্য কৰে …………তোমাৰ বিশ্বাসক যিজনে বাৰে বাৰে ভৰিৰে মাথোঁ মুহাৰিব হে , সেইজনৰ বাবে তোমাৰ মুল্যবান সময় নষ্ট নকৰিবা।। মই নিশ্চয়কৈ জানো ...কোৱা অাৰু কৰি দেখোৱাৰ মাজত বহু পাৰ্থক্য…… কিন্তু অপ্ৰিয় হ'লেও সচা কথা তুমি মানি ল'বই লাগিব যে """তেও তোমাৰ কেতিয়াও হ'ব নোৱাৰে""।। সাধাৰণ ভাবে কান্দি বিচনাৰ বন্ধুত্ব সদৃশ গাৰুটোক বোৱাই হয়টো একো লাভ নাই……………… তেও ইমানেই নিষ্ঠুৰ যে তুমি নিজক হত্যা কৰি প্ৰেমৰ প্ৰমাণ দিব গ'লেও হয়টো তেওৰ হৃদয়ত তোমাৰ বাবে কিঞ্ছিত মানো ঠাই নোলাব ..! এদিন তেও নিজেই বুজিব যেতিয়া তোমাৰ ঠাইত সময়ে তেওক থিয় কৰাব……………যেতিয়া তেওৰ অভিমানক কোনোবাই অভিনয় সজাব……… তেওৰ বহু বিশ্বাসক যেতিয়া কোনোবাই ভৰিৰে গচকিব মুহাৰি পেলাব ………সেই দিনটোত তেও এবাৰ তোমাৰ কথা নিশ্চয়কৈ ভাবিব………… কিন্তু সেইদিনা হয়টো তোমাক তেওৰ পৰা সময়ে বহু দুৰলৈ লৈ উৰুৱাই আনিব ………তেওঁ বুজিব সেইসময়ত তোমাৰ ছাঁটোৰ কথা , তোমাৰ এষাৰ মাতৰ কিমান প্ৰয়োজন ।। ………………বৰ কষ্ট হ'ব সেইদিনটোত , কিছুমান কথাই তেওৰ মনত বৰকৈ আঘাত কৰিব…………তোমাক সাধাৰণ কিছুমান অজুহাত লৈ গালি দিয়া………তোমাৰ মেচেজ,ফোন অাদিক লৈ অবহেলা কৰা………তেওঁ হাহি হাহি বন্ধুবৰ্গৰ অাগত যে কৈ দিছিল তুমি পাগলৰ দৰে তেওক ভালপোৱা অাৰু মই তাইক কোনো পাত্তাই নিদিওঁ "… এইবোৰ ……এইবোৰ কথাই তেওৰ হৃদয়ত হয়টো বাৰে বাৰে কষ্ট দিব ।। তুমি যেনেদৰে তেওৰ বাবে কৰবাত বহি তেওলৈ অপেক্ষা কৰিছিলা……… অাৰু তেও বহু পলম কৈ তোমাৰ কাষ চাপিছিল………সেই সময়ত তোমাৰ চলচলিয়া চকুযুৰিলৈ লক্ষ্য নকৰি,তেও যে বৰ লৰালৰিকৈ কৈ দিছিল,, "মই বহু সময় থাকিব নোৱাৰিম সোণকালে কোৱা কিয় মাতিছিলা""…… অাৰু তুমি এটা মিছিকিয়া হাঁহিৰে নিজৰ ক'ব লগিয়া কথাবোৰ হৃদয়ৰ মাজৰ সেই যান্ত্ৰণাবোৰৰ ওজন বঢ়াই ক'ব লগিয়া হৈছিল………"নাই একো নাই দিয়া……এনেই""।। এইবোৰ কথা হয়টো সেইদিনা তেওঁৰ অশ্ৰু টোপালৰ সৈতে মনত পৰিব আৰু অনুতপ্ত হব ……… যিদিনা তেও কাৰোবাৰ বাবে অপেক্ষা কৰিব অাৰু মাত্ৰ এটা ফোন বা মেছেজত ভাহি পৰিব যে " মই যাব নোৱাৰিম "………মোৰ বাবে অপেক্ষা নকৰিবা।। তেতিয়া হয়টো তোমাৰ হৃদয়ে অনুভব কৰিব সেই দুৰ্দান্তিক স্মৃতি বোৰৰ কথা , যেতিয়া তুমিও আন কাৰোবাক এনেদৰেই কৈছিলা ! কিন্তু অাটাইতকৈ ডাঙৰ কথা কি জানানে……………… এনেবোৰ পৰিস্থিতি হোৱাতো তুমি, তেওৰ বাবে নিজেই কল্পনা কৰিব নোৱাৰা।। তেও তোমাক বহু দুখ দিয়ক সেইতো তেওৰ কথা………কিন্তু অান এজনে তেওক দুখ দিয়াতো তোমাৰেই প্ৰথম হয়তো সহ্য নহ'ব।। এবাৰ ভাবাচোন তেও ৰঙা পৰা লগতে বহু প্ৰশ্ন ভাহি থকা সেই মুখখনৰ কথা………তোমাৰ শৰীৰৰ নোম হয়টো শিঞৰি উঠিব। কাৰণ তুমি তেওক অাজিও বহুত ভালপোৱা…………জ্বলন অাছে, খং অাছে হয়তো তেওঁৰ ওপৰত বহুতো অভিমানও আছে ……… কিন্তু মনৰ মাজত অাজিও এটা সামান্যকণ অাশা হৃদয়ৰ কোণত ঠুপ খাই ৰৈ অাছে…… হয়টো আকৌ মোৰ কাষলৈ তেওঁ গুচি আহক , ""মোৰ ভালপোৱাই মোক লৈ সপোন গঢ়ক ,বুজি পাওক মোৰ সেই নিস্বাৰ্থ প্ৰেমৰ অনুভূতি সমূহক ……অাৰু আকোঁৱালি লওঁক মোৰ স্মৃতিৰে জড়িত ভাৱনা বোৰক ! ।। ধন্যবাদ……………

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা