তুমাৰ অবিহনে জিয়াই থাকিব পাৰিম
তুমাৰ অবিহনে জিয়াই থাকিব পাৰিম। তুমি কোনো অছিলা ? কৰপৰা.... আৰু কেনেকৈ মুৰ জিৱনলৈ কিয় আহিছিলা ? অন্তৰৰ কোনোবাটো কোণত স্তব্ধ হৈ ৰোৱা অশ্ৰু বোৰনো কিয় নিগৰাম ..?
কিয় দুগালে দুঢ়াৰি বোৱাই তুলিম ..?
তুমি বুজিবা জানো মোৰ সীমাহীন বেদনাৰ অৰ্থ ...?
দুচকুৰে অশ্ৰু নিগৰাই প্ৰমাণ দিয়াটোৱেই যদি সচাঁ ভালপোৱা হয় , তেন্তে মোক ক্ষমা কৰিবা !!
মই আৰু নোৱাৰিম .............
নোৱাৰিম কাৰোবাৰ বাবে হাতৰ সিৰা কাটি তেজেৰে নাম লিখিব , নোৱাৰিম কাৰোবাৰ বাবে আন্ধাৰ কোঠালিত বিলাপ কৰিব ...!!
ক্ষমা কৰিবা , যাৰ বাবে প্ৰতিটো প্ৰশ্নৰ উত্তৰত কোনোটো প্ৰমাণ বিচাৰিবলৈ বাধ্য কৰাই , তেন্তে সেই ভালপোৱাৰ মোক মুঠেই প্ৰয়োজন নাই !! তুমি যোৱা জিৱন বাটত আগোৱাই যোৱা মই সদাই তুমাৰ ভালকহে ভাবিম,
হয়টো তুমি বাচিলোৱা বাট মুতকেও শুৱনি....
কিন্তু আন্ধাৰ হলে ভয়খাই মোক ঘুৰি নাচাবা। হয়তো বিচাৰিও নাপাবা....,
কাৰন মুই তুমাৰ বাবে ৰৈ নাথাকিম....
অবচ্ছে থাকিবও নোৱাৰিম চুন.....,
তুমি যোৱা , উৰণীয়া পক্ষী হৈ যতেই মন যায় ততেই উৰি ফুৰা , কিন্তু মনত ৰাখিবা ,
যেতিয়াই ধুমুহা আহিব , গছ বোৰ বাগৰি পৰিব ,
তেতিয়া আকৌ সজা বিচাৰি মোক আমনি নিদিবা , মোৰ সহ্য নহব .....!!
( মই ইয়াত কাৰো ভাবনাক কস্ট দিব বিচৰা নাই... কিছু পুৰনি স্মৃতিয়ে লিখিবলৈ বাধ্য কৰালে... এই লিখনিয়ে যদি কাৰোবাৰ মনক আঘাত দিয়ে... অনোগ্ৰহ কৰি ক্ষমা কৰি দিয়ে যেন... ধন্যবাদ)
Comments
Post a Comment
ধন্যবাদ