ঐ হাজবেণ্ড
: ঐ হাজবেণ্ড! তোমাৰ তো বাইক আছে না? - হাঃ হাঃ হা.... : কেলেই হাঁহিছা? - আমাৰ বিয়াৰ একমাহ হৈ গ'ল। তোমাক বাইকত লৈ ক'ত ক'ত যে যোৱা নাই, এতিয়া এইটো কথা সুধিলে নাহাঁহি কি কৰিম! : না মানে বেলেগ এটা কাৰণে সুধিছো! - কি কাৰণ? : মই তোমাৰ বাইকত উঠি বহিব বিচাৰো! - কি অদ্ভুত কথা! বাইকত বহিয়েইচোন দুপৰীয়া আন্টিৰ ঘৰত গৈছিলা। : ওহোঁ... মই তোমাৰ বাইকত গোটেই ৰাতি বহি থাকিব বিচাৰো। - মানে কি? : মই যেতিয়া কলেজত পঢ়ি আছিলোঁ, তেতিয়া জিৰণিৰ সময়ত ফ্ৰেণ্ডচৰ লগত কৰবাত ওলাই গলে বাইক দেখিলেই উঠি বহি পৰিছিলো। মইতো গাৰ্লছ কলেজত পঢ়িছো, সেয়ে কোনো ল'ৰা নাছিল আৰু ছোৱালীবোৰৰ বাইক নাথাকে সেইটো তো তুমি জানাই। যাৰ বাইকত উঠি বহিছিলো তেওঁ অলপ পিছত আহি কৈছিল, নামা। মইতো ছোৱালী সেয়ে কোনেও টানকৈ একো কোৱা নাছিল, কিন্তু বিৰক্ত হোৱাটো স্বাভাৱিক। সেয়ে মই এদিন গোটেই ৰাতি বাইকত উঠি বহি থাকিব বিচাৰো। বলা না প্লীজ। একে উশাহতে কথাকেইটা কৈ এটা ডাঙৰ হুমুনিয়াহ এটা এৰি দিয়ে গীতাই। কিন্তু তাইৰ ফালে অবাক হৈ মনমুগ্ধ দৃষ্টিৰে চাই আছে জুবিনে। কেৱল কথা আৰু পাগলামি নহয়, কথাকেইটা কোৱাৰ সময়ত তাইৰ হাতৰ অংগী-ভংগী, চুলি ঠিক কৰা, হাঁহি হাঁহি তাৰ বুকু স্পৰ্শ কৰা আদি সকলোৱে তাক দিৱানা কৰি দিয়ে। চিগাৰেটৰ শেষ হোপাটো মাৰি গীতাৰ ফালে এটা আকৰ্ষণীয় হাঁহি মাৰি জুবিনে ক'লে: লেটচ গ টুইটী বাৰ্ড। গীতা কেৱল পাগল নহয়, তাই সম্পূৰ্ণ পাগল। ফ্লাক্স ভৰ্তি কৰি চাহ বনাই লৈ আহিছে গ্ৰেজত। তাই নিজে ইমান চাহ নাখায়, কিন্তু তাই জানে জুবিন অফিচত যোৱাৰ পিছত তাই যেনেকৈ জুবিনক মিছ কৰে, ঠিক তেনেকৈ জুবিনেও চিগাৰেটৰ লগত চাহ বহুত মিছ কৰে। জুবিনে থ্ৰী কোৱাৰ্টাৰৰ সতে ফুলস্লিভ গেঞ্জি এটা পিন্ধি আহিছে, কিন্তু ৰাতিৰ কাৰণে ঠাণ্ডা অলপ বেছি লাগিছে। গীতাই বাইকত বহি ইমান ফৰ-ফৰ কৰি আছে যে জুবিনে কব পৰা নাই গীতা মোকো বহিবলৈ অলপ জেগা দিয়া। সি ৰ লাগি চাই আছে তাইলৈ। গীতাই নীলা ৰঙৰ এযোৰ চুৰিদাৰ, ওঁঠত চকলেট ফ্লেভাৰ লিপিষ্টিক (জুবিনৰ ফেভৰাইট ফোড), হাতৰ নখত চিল্কী নেইল পলিচ, ভৰিৰ নুপুৰ নচাই নচাই চকু-মুখত এনেকুৱা ৰোমাণ্টিক ভাব-ভংগী আনি কথা পাতিছে, যিয়ে জুবিনৰ মাথা নষ্ট কৰিবলৈ যথেষ্ট। ওপৰত কুঁৱলী এটোপাল পৰাত হঠাৎ লক্ষ্য কৰিলে গীতাই। জুবিনৰ ফালে চাই ক'লে: এই তুমি থিয় হৈ আছা কিয়.. বহা। জুবিন বাইকত উঠি বহাত গীতা কেনেকুৱা যেন তাম্ৰষ্ট হৈ পৰিল। কলেজ লাইফৰ পৰা জুবিনে তাৰ বান্ধৱীবোৰৰ মুখত শুনি আহিছে, তাৰ হাঁহি আৰু চাৱনিৰ মাজত যেন কিবা এটা যাদু আছে। গীতাই অপ্ৰস্তুত হৈ ক'লে: বলা এতিয়া আৰু গুচি যাওঁ। ইয়াত আৰু বহি থকাৰ ইচ্ছা নাই। জুবিনে গীতাৰ ফালে চাই সেই আকৰ্ষণীয় হাঁহিটো মাৰি তাইক কাষলৈ টানি আনি দুয়োৰে মাজৰ দূৰত্ব নাইকীয়া কৰি দিয়ে। এখন হাতেৰে গীতাৰ খামুচিয়া ককালত খামুচি ধৰি, হুপি থকা চিগাৰেটটো দলিয়াই পেলাই দি, আনখন হাতেৰে তাইৰ কপালৰ চুলিখিনি আঁতৰাই তাইৰ ফালে চাই ক'লে: বেবী, গোটেই আশা আৰু ফেন্টাচী কেৱল তোমাৰ নিজৰ নেকি? মোৰ নাই? জুবিনৰ আধা পুৰা চিগাৰেটটো দূৰত পৰি জ্বলি থাকে। কিন্তু বাইকৰ ওপৰত জ্বলি থকা এই জুইতকৈ চিগাৰেটৰ জুইৰ উত্তাপ বহুত কম।
Comments
Post a Comment
ধন্যবাদ