মই কেতিয়াও বিচৰা নাছিলো তোমাক …………
মই কেতিয়াও বিচৰা নাছিলো তোমাক …………
বিচৰা নাছিলো মোৰ ভালপোৱাৰ বিপৰিতে তোমাৰ ভালপোৱা।………
মাত্ৰ অলপ অধিকাৰ বিচাৰিছিলো……
তোমাৰ দুখৰ অন্ধকাৰবোৰত অকণমান পোহৰ দিবলৈ।
বিচাৰিছিলো তোমাৰ সপোনবোৰক সচা কৰিবলৈ………
লাভ,
লাভ বিচৰা নাছিলো মই,
বিচাৰিছিলো সেই সপোনবোৰৰ সফলতাত তোমাৰ এটি মিছিকিয়া হাহি।।…………
তোমাক ভালপোৱাৰ পৰাই কৈছিলো যে,
মই কেতিয়াও নিবিচাৰো তোমাৰ মৰমৰ মাত………
নিবিচাৰো তোমাৰ চকুযুৰিয়ে মোৰ বাবেই অপেক্ষা কৰক।…………
অাজিও নিবিচাৰো মোৰ বাবেই হোৱা তুমি……
মোৰ দুখত দুখি হোৱা তুমি…………
মাথো অাকৌ বিচাৰো অলপ অধিকাৰ,,,
তোমাৰ বাবে জীয়াই থকাৰ,,
তোমাৰ দুখত দুখি হোৱাৰ……
তোমাৰ সুখবোৰত প্ৰাণ খুলি হহাৰ অধিকাৰ…………।
সচাকৈ কৈছো…………
অাজিও নিবিচাৰো মোৰ ভালপোৱাৰ বিপৰিতে তোমাৰ ভালপোৱা,
তোমাৰ অবহেলা বোৰৰ বাবেইতো তুমি মোৰ কবিতা,,
ঐ
কথা দিলো মই তোমাক………
কেতিয়াও তোমাৰ পৰা অাতৰি নাযাও………
তোমাৰ জন্ম মোৰ বাবেই হওক বা নহওক…………
মোৰ জন্ম কিন্তু তোমাৰ বাবেই…………
সেইবাবেইতো কৈছো,
দিয়া অলপ অধিকাৰ,
তোমাৰ অবহেলাবোৰৰ বিপৰিতে অাৰু বেছি মৰম ভালপোৱা দিবলৈ।।
ধন্যবাদ………<<বিকি কাশ্যপ>>
Comments
Post a Comment
ধন্যবাদ