জীৱনৰ সেইজন সংগী
………জীৱনৰ সেইজন সংগী……… বহু অাশা,বহু মৰম লৈ অামাৰ জীৱনলৈ অাহি,এদিন অাপোন হ'ব বিচাৰিব অাৰু অামি সকলোবোৰ পাহৰি তেওক অাদৰি ল'ব বাধ্য হৈ পৰিম।।……… সেই সময়তো হয়টো এৰি অহা সময় বা মনৰ অাপোনজনলৈ বৰকৈ মনত পৰিব………বাৰে বাৰে মনলৈ এটাই প্ৰশ্ন অাহিব যে মইনো সুখি হ'ব পাৰিমনে? তথাপি নিজৰ কপালৰ লিখন বুলি ভাবি জীৱনৰ সেইটো অধ্যায় লৈ অাগুৱাই যোৱা যাব অাৰু এজন অচিনাকিৰ হাতত নিজৰ সকলো সমৰ্পণ কৰা যাব।……… মনত বাৰে বাৰে কিছুমান অনুভবে বৰকৈ অামনি কৰিব লগতে ভাবো হ'ব,বিচৰা সম্পৰ্ক বোৰেটো জীৱনত কেতিয়াও সন্মান দিবই নোৱাৰিলে অাৰু অৱশেষত যাক কেতিয়াও সপোনতো দেখা বা ভবা নাছিলো তেওৰ হাততেই এটিয়া জীৱনৰ সকলো চাবি কাঠি দিয়াৰ সময় অাহি পৰিল।। ভাগ্যৰও কি খেল, যাক অাশা কৰা যাই তেও সকলো অাশা ভাঙি অাতৰি যাই অাৰু হঠাৎ এনে এজন মানুহ অাহি উপস্থিত হয়,, যি সেই টুকুৰা টুকুৰ কৈ ভঙা অাশাবোৰক এটা এটা কৈ বুটলি জোড়া দিবৰ বাবে প্ৰতিজ্ঞা বদ্ধ হয়।। এজন প্ৰতাৰকত কৈ সেইজন বহুত ভাল যিজনক তেও বা তুমি কেতিয়াও চিনি পোৱা নাই……………অন্তত অচিনাকী এজনে কেতিয়াও দুখ দিব চেষ্টা নকৰে।।…………… জনো কেতিয়াবা নিজৰ ছাঁটোৱেও এৰি অাগলৈ খোজ কাঢ়ি গুছি যাই……তথাপি সেই দুখ নিজৰ মাজতেই সীমাবদ্ধ হৈ ৰয় কাৰণ মানুহে সদায় নিজতকৈ বেছি অানক ভাল পাবলৈ শিকিছে।। নিজৰ অাপোন বোৰৰ দুখত বেছি কান্দিব শিকিছে……………সচাকৈ সকলোৰে জন্ম হয়টো অান এজনৰ বাবেহে……………সেই বাবেইটো মানুহৰ অাধা সময়চোৱা অকলশৰিয়া হৈয়েই কটাব লগা হয় জীৱন বাটত।।……… তথাপি এই জীৱন বৰ মনোমোহা…………কাৰোবাক হেৰুৱাইও পোৱাৰ অাশা………কাৰোবাক অপেক্ষা কৰি দুখতো হাহি হাহি জীয়াই থকাই হয়তো জীৱন।।……… যাৰ বাবে অাজিও হয়তো সকলোৰে হৃদয়ৰ কোণত বিৰাজমান কোনোবা এজন সপোনৰ ৰাজকুমাৰ বা ৰাজকুমাৰীৰ।।………… এদিন অাহিব অাৰু লৈ যাব কোনোবা এখন অচীন চিনাকি নগৰৰ সিপাৰে………য'ত দুখবোৰেও খিলখিলাই হাহিব,যাৰ বাবে ভঙা কলিজাত অাকৌ প্ৰাণ পাই উঠিব অাজিৰ দৰে মৰম ভালপোৱাবোৰে।।…………ধন্যবাদ
Comments
Post a Comment
ধন্যবাদ