মোৰ জন্ম দিনৰ অনুভৱ
তুমি বেংগালুৰুলৈ নোযোৱাৰ আগতে আমি এদিন আমাৰ জন্মদিন কেনেকৈ পালন কৰিম তাৰ প্লেন বনাইছিলোঁ। তুমি কৈছিলা, “এইবাৰ মই তোমাৰ কাষত থাকি তোমাৰ জন্মদিন পালন কৰিম।” কি কি মিছা সপোন দেখুৱাইছিলা! কিন্তু আজি মোৰ জন্মদিন আহিল, তুমি মোক এটা ফোনো নকৰিলা। হাত চৰিবলৈ আগতীয়াকৈ শুভেচ্ছা জনাই আঁতৰি গ’লা। হয়, মই দুদিন ধৰি তোমাক সময় দিয়া নাই। মই জানিব বিচাৰিছিলোঁ—যদি কেতিয়াবা সৰু কথাত কাজিয়া হৈ অভিমান কৰোঁ, তুমি তাক কেনেকৈ চম্ভালিবা। তুমি আঁতৰি গ’লা।
চাৰি বছৰত আমাৰ কিমান কাজিয়া হৈছে, ব্লক-আনব্লকৰ খেল কিমান পাৰ হৈছে। কিন্তু মই তোমাক কেতিয়াও শুভেচ্ছা জনাবলৈ পাহৰা নাই। জানিব বিচাৰিলে শুনা—প্ৰতি ২৩ ডিচেম্বৰ, ১১:৫৯ বজাত মই তোমালৈ ফোন বা মেছেজ পঠিয়াবলৈ চেষ্টা কৰি আহিছোঁ। সকলো অভিমান সামৰি সেই ৰাতি তোমাৰ নামত কবিতা লিখি পাৰ কৰিছোঁ। কিন্তু তোমাৰ লগত মোৰ বাবে এটা মিনিটো নাই। তুমি মোক দৰকাৰ পৰিলেহে মনত পেলোৱা, নহ’লে ভাৰমে যোৱা নেকি জানো।
তোমাৰ পৰা মোক কোনো উপহাৰ নালাগে, মাত্ৰ তোমাৰ প্ৰেমৰ প্ৰয়োজন আছিল। হা হা, মই পাহৰি গৈছিলোঁ—তুমি ৪জি ছোৱালী। তোমাৰ ভাষাত প্ৰেম মানে বিচনাত লগা মাথোঁ। মাফ কৰা মেডাম, মোক এনে এজনী ছোৱালী লাগে যিয়ে মোক শৰীৰৰ লগতে মৰমো দিব পাৰে। তাই মোক পালেই সুখী হ’ব পাৰে। মোৰ দুখত দুখী, মোৰ সুখত সুখী হ’ব পাৰে। তাইৰ পৰা মই কেতিয়াও মৰম বিচৰাৰ দৰকাৰ নহওক। ঘণ্টাৰ পিছত ঘণ্টা ফোনত নহয়, এটা মিনিটতেই সকলো আৱেগ-অনুভৱ বুজিব পাৰক।
ইমান দিনে মই বহুবাৰ চালোঁ—তুমি সম্বন্ধটো এনেকৈ চলাই আছা যেন মোৰ তোমাৰ দৰকাৰ নাই, মোৰহে তোমাৰ বহুত প্ৰয়োজন। যেন তুমি মোৰ লগত সম্বন্ধ ৰাখি মোৰ ওপৰত উপকাৰ কৰি আছা। মোক তোমাৰ উপকাৰ নালাগে। অনুগ্ৰহ কৰি মোৰ জীৱনৰ পৰা আঁতৰি যোৱা। নহ’লে মোক যাবলৈ দিয়া।
Comments
Post a Comment
ধন্যবাদ