তৰাৰ দেশলৈ মোকো লৈ যা

"" তৰাৰ দেশলৈ মোকো লৈ যা ""
.
মোকো লৈ যা তোৰ দেশলৈ ... মই আৰু নোৱাৰো থাকিবলৈ ইয়াত । সকলোৱে মোক বেয়া পাই । মই সকলোৰে বোজা হৈ পৰিছো । তই নথকাত মোৰ কিমান কি হৈছে .. তই দেখিছনে ?? মই বৰ অকলশৰীয়া হৈ পৰিলো । আজি তোলৈ বহুত মনত পৰিছে অৰু ... তই নাই বাবেই আজি মোৰ এই অৱস্থা । তোৰ অলপো বেয়া লগা নাই নে ..??
হুকহুকাই কান্দি পৰিছিলো মই ...
কি আছিল ... কি হৈ গলো । সকলোৰে অৱহেলাৰ পাত্ৰী হৈ পৰিছিলো ।
.
ওলাই আহিছিলো ঘৰৰপৰা । কোনো নিৰ্দিষ্ট ঠিকনা নাই । নাই একো সাৰথি .. অকল তোৰ স্মৃতিবোৰ বুকুত লৈ আহিছিলো । লগত এখন তোৰ ফটো ।
______
জীৱনৰ গতিপথ ...
__ অই ছোৱালী .. মোক এবাৰ ভাল পাই ছা ।
__ নাপাওঁ তোক ভাল ।
___ পা না ...
___ ওহো নাপাওঁ ।
___ Plz plz . . . .
___ তোক ভাল পালে মোক কি দিবি
____ কি লাগিব ক
____ একো নালাগে । তোক ভালো নাপাওঁ মই ... হুহ
____ তই যদি মোক ভাল পাৱ ... তেতিয়া তই মোক পাবি .. মই তোৰ বাবে সকলো কৰিম । তই বিচাৰিলে মই মৰিবলৈও পাৰিম ।
___ নকবি তেনেকৈ । মই থাকোতে তই কিয় মৰিবি হা .. মই কাৰ লগত থাকিম ।
___ অহ হ' ... তই তাৰমানে মোক ভাল পাৱ ন পাগলী ...
___ মই মুখেৰে নকলেওঁ তই নুবুজনে পাগল ..
___ বুজি পাওঁ ... হলেও দেখোন তোৰ মুখৰ পৰা বাৰে বাৰে শুনিব মন যায় ভাল পোৱাৰ কথাবোৰ ..
____ হয়নে পাগল ...
___ ওম পাগলী জনী .. তোক বহুত ভাল পাওঁ । বহুত বহুত ....
____ ময়ো তোক পাগলটো ...
দুইটাই হাঁহি হাঁহি বাগৰি পৰিছিলো ।
.
অৰুনাভ দুৱৰা । মাক দেউতাকৰ একমাত্ৰ সন্তান । পঢ়া শুনা টো ভাল । দুইটাই একেলগে পঢ়িছিলো । দুইটাই ভাল পাইছিলো ইটোৱে সিটোক । পাগলৰ দৰে । এদিন ঘৰত গম পাইছিল আমাৰ কথা । দুইখন ঘৰৰ বিৰোধীতাই যেন আমাক বেছি জিদ্দী কৰি পেলাইছিল । সিদ্ধান্ত লৈ পেলাইছিলো । মৰিলে দুইটাই মৰিম । থাকিলে দুইটাই থাকিম ।
___
"" আশাৰ কাৰেংঘৰ ভাঙি নেপেলাবি ..
তোৰ বুকুতে সাজিম সপোনৰ ফুলনি ..
জ্বলি যাব নিদিবি অ' বিষাদ . ..
সময়ক নিতে চাবলৈ দিম ... ""
___
ভাবি থকাবোৰ কেতিয়াবা ভুল বুলি সময়ে সদায় কৈ যায় । তোৰ মোৰ কথাবোৰো তেনেকুৱাই হৈছিল ।
তই জান নে .. তই নথকাত মই মইজনী হবলৈ পাহৰিলো । তোৰ উপস্থিতি অনুভৱ কৰো বাৰে বাৰে । অশৰীৰি হৈ যেন তই মোৰ কাষত সদায় আছ .. । মোৰ সকলো যেন তোৰ অনুভৱত পাৰহৈ যায় । এনে লাগে যেন তই মোক উপসাহ কৰি কৈছ .. ..
____ 'মোক ভালকৈ ভাল নাপালি বাবে মই তোক এৰি আহিলো ''
____ কিয় গুচি গলি ... মই তোক সচাঁকৈ ভাল পাইছিলো ।
___ ওহো তই নাপাৱ চাগে ।
___ পাওঁ মই ... কিয় কৈছ তেনেকৈ ।
অৰুনাভ হেৰাই গৈছিল আন্ধাৰৰ মাজত । মই পাগলৰ দৰে বিচাৰি ফুৰিলো । দিক বিদিক হেৰুৱালো ।
___
"" সোৱৰনি বেলিকা মনত পেলাও তোক ..
তই নুবুজ মোৰ বুকুৰ বেথা ।
ভাল পাওঁ তোক আজিও ..
নিৰস হৈ পৰিব নিদো আজিও ..
তোক বুকুত লৈ থকাটো যে কিমান কষ্টকৰ """
___
সময় ৰাতিপুৱা । দুইটাই লোৱা সিদ্ধান্ত মতেই মন্দিৰ যাব ওলালো । বুকুত হেজাৰ হেঁপাহে বাহ লৈছিল । কিবা কিবি ভাবি মন্দিৰ পালোগৈ । অৰুনাভ পোৱাহি নাই । মই মন্দিৰৰ প্ৰাংগনতে ৰৈ দিলো । বাৰে বাৰে বাটলৈ চালো । সি অহাই নাই দেখোন । কি হল তাৰ ..
অলপ পিছত দেখা হলো তাক । ৰাস্তাৰ সিটো পাৰে ৰৈ আছে । মই আগবাঢ়ি গলো । দেখিছিলো তাৰ মুখখন বহুত উজলি উঠিছে ।
ময়ো মিচিকিয়া হাঁহিৰে তাক যেন সম্ভাষন দিলো ।
আৰু তেতিয়াই ঘটনাটো ঘটি গৈছিল । চকুৰ প্ৰচাৰতে যেন সকলোবোৰ ধুৱলি কুৱলি হৈ পৰিছিল । মুখৰ মাত নোহোৱা হৈ গল মোৰ ...
____ অৰু ... !!!!
চিৎকাৰ এটা ওলাই গৈছিল । আৰু একো মনত নাই ।
নিজক আৱিষ্কাৰ কৰিছিলো এটা ৰুমত । হঠাতে মনত পৰিছিল । সকলোবোৰ চকুৰ আগতে কি হৈ গল .. মই পাগলৰ দৰে অৰু ক বিচাৰিলো ... তেতিয়ালৈ বহুত দেৰি হৈ গৈছিল । সি গুচি গল মোক এৰি । মোক নোকোৱাকৈ ...
___
""" যাওঁ বুলিয়েই কবলৈ আহিলি মোক ..
এনেকৈ আৰু কিমানদিন ..
বুকুৰ অস্থিৰতাবোৰ নাম নাইকিয়া কৰি দিব নোৱাৰিলি ....
তেতিয়া অন্ততঃ
মই অনুৰাধা হৈ থাকিলোঁহেতেন ..."""
_____
উপসংহাৰ ...
ঘৰখনত মোৰ প্ৰয়োজন শেষ হৈছিল । মই এটি নিথৰ দেহ হৈ পৰিছিলো । সকলোৰে মতে মই পাগলী । আকাশলৈ যাবলৈ বৰ হেঁপাহ আছে । পাৰিলে লৈ যাবি মোক সোনকালে ।

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা