দীঘলিপুখুৰী পাৰলৈ আৰু নাযাও সন্ধিয়া...

দীঘলিপুখুৰী পাৰলৈ আৰু নাযাও সন্ধিয়া মনালিচা, তুমিহীন পার্কত এতিয়া আৰু নুফুলে ৰজনীগন্ধা । দীঘলিপুখুৰী পাৰৰ প্ৰতিটো ফুটপাথত সঞ্চিত হৈ ৰোৱা আমাৰ ভালপোৱাবোৰে আজিও মোক মৌন কৰি তোলে । মনালিচা ফুচকাৱালাবোৰ আজিকালি দীঘলিপুখুৰীৰ পাৰত হেনো নৰয় আইচক্ৰীম বিকাবোৰো হেনো তাৰকাগৃহৰ সন্মুখত___ তুমি নাই ভালেই হৈছে জানা___ ফুচকা আইচক্ৰীমৰ জুতি বিচাৰি ইমানদূৰ খোজকাঢ়ি ভাগৰি পৰিলাহেতেন তুমি___ মনালিচা, তুমিহীন দীঘলিপুখুৰী পাৰ একেবাৰেই নিৰস আজিকালি তুমি ভালপোৱা সেমেকা বতাহজাকো নবলে__ সকলো সলনি হল মনালিচা___ তুমি গুচি গলা ভালেই হল মনালিচা মায়াময় দীঘলিপুখুৰীৰ এই দুর্দশাত তুমিও কান্দি উঠিলা হয়.... তুমি আকৌ উভতি আহা মনালিচা পার্কত প্ৰেমৰ মায়াময় এজাক বতাহ বলাই মতলীয়া কৰি তোলা দীঘলিপুখুৰী পাৰ । তুমি আকৌ উলটি আহা মনালিচা প্ৰশান্তি ৰেষ্টুৰেণ্টত বহি আমি পাতিম সুখ দুখৰ কিছু কথা । #ৰ'দৰ_বিলাপ

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা