এদিন সকলোৱে…

এদিন সকলোৱে…… নিজৰ মনৰ মানুহজনক/জনিকো স্মৃতিৰ টোপোলা এটা বনাই হৃদয়ৰ কোনোবা এটা কোণত জীয়াই ৰাখি অান এজনক চিৰদিনৰ বাবে অাকোৱালী লোৱাৰ সময় অাহি পৰিব।। অৰ্থাৎ সেইদিনটোত তুমি একেবাৰেই খাটাং হৈ পৰিবা যে,তোমাৰ মনৰ মানুহজনক তুমি চিৰদিনৰ বাবে হেৰুৱাই পেলাইছা। সকলোবোৰ, মা দেউতা বা ডাঙৰজনৰ ওপৰত জীৱনৰ সকলো দায়িত্ব অৰ্পণ কৰি দিয়াৰ সময় অাহিব……কাৰণ তোমাৰ বিশ্বাসৰ মানুহজনে কেতিয়াবাই তোমাক অকলশৰে এৰি অান এজনৰ সৈতে সুখৰ সন্ধান বিচাৰি গৈছে।। সেয়েহে তোমাৰ মনেৰে অাৰু অান এজনক বিশ্বাস কৰাৰ শক্তি তোমাৰ হাতত হয়তো নাই………মথো সংসাৰৰ নিয়ম বা দায়িত্ব পালন কৰিবৰ বাবেহে তুমি অাগবাঢ়িছা।। মনতে হয়তো ভাবিছাও……মৃত মানুহৰ জানো বিবাহ সম্ভব……কাৰোবাক অাকোৱালি লোৱাৰ মিছা অভিনয়ত জানো মই কেতিয়াবা সফল হম?? হাজাৰ হাজাৰ প্ৰশ্নই অাগুৰি ধৰিব তোমাক…………কেতিয়াবা অাত্মহত্যাৰ দৰে মহাপাপৰ কথাও মনলৈ অাহিব……কিন্তু নিজৰ মানুহবোৰৰ মুখখনলৈ চাই তুমি হাহি হাহি হয়তো ক'ব বাধ্য যে,মই সুখি,তোমালোকৰ সিদ্ধান্তত।। কেতিয়াবা ভবা যাইনে………কিয় নিজৰ মনৰ মানুহজনক পোৱাতো অসম্ভব হৈ পৰে।।বাৰে বাৰে ভালপোৱাৰ প্ৰতিদানত কিয় অৱহেলা পোৱা যাই।। সৰুতে শুণিছিলো………সম্পৰ্ক ভগৱানে বনাই কিন্তু সেই সম্পৰ্কত সেই সময়ত অামি মানুহবোৰ সুখি হ'ব নোৱাৰো………কাৰণ হেৰুৱা জনৰ দুখ মনৰ মাজত লৈহে অামিবোৰে সুখ উপভোগ কৰিবলৈ যাও।। সেইবাবে হয়তো ওচৰৰ সেই অাপোনজনক চিনি পোৱালৈ বহু দেৰি হৈ যাই……………সুখি হৈ যাই,,মানুহ যিহেতু সুখ হ'বই………বেয়া হ'ৱ লগাবোৰ যেনেকৈ ধৰি ৰখাটো সম্ভব নহয় তেনকৈ ভাল হ'ৱ লগিয়া বোৰো ধৰি ৰখাটো অসম্ভব,,, সুখ হ'বই……… তথাপি মই এটা কথা জানো যে মানুহৰ জীৱনত যি গ'ল সি উভতি নহাতোৱেই ভাল………হেৰুৱা একো বস্তৱেই অাগৰ দৰে হৈ নাথাকে……সি নহয় বেয়া হব নহয় সি বেছি ভাল হয়……তথাপি জীৱনে অাকৌ এবাৰ সুবিধা লোৱাতো ভাল কথা নহয়।। যি হ'ব লগা অাছিল হৈ গ'ল………তেও স্মৃতি হৈয়ে জীয়াই থাকক…………সুখি হওক……………তেওও এদিন মনত পেলাব,সেইজনে ঠিকেই কৈছিল……ভালপোৱাই অাচলতে নিজৰ সুখ নিবিচাৰে……ভালপোৱাই ভালপোৱাজনৰ হে সুখ বিচাৰে।।ধন্যবাদ <<বিকি কাশ্যপ>>

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা