আত্মহত্যা কৰি ভালপোৱাৰ প্ৰমাণ দিব নাযাবা
আত্মহত্যা কৰি ভালপোৱাৰ প্ৰমাণ দিব নাযাবা , আত্মহত্যা কৰি তোমাৰ প্ৰকৃত প্ৰেম ঘৃণাৰ প্ৰাত্ৰ কৰি নুতুলিবা ,
পাৰা যদি সেইজনৰ বিপৰীতে তুমি যুদ্ধ কৰা ,
তৰোৱাল লৈ যুদ্ধ কৰা মানেই যে যুদ্ধ হব সেয়া নহয় , অদৃশ্য ৰূপে যুদ্ধ কৰা !!
তোমাৰ অবিহনে যেতিয়া তেওঁ জীয়াই থাকিব পাৰে তেন্তে তুমি কিয় নোৱাৰিবা , নিশ্চয় পাৰিবা কিন্তু সময় লাগিব !
কাৰণ এখন কাচ ভাগি যোৱাটো বহু সাধাৰণ কথা কিন্তু যেতিয়া এখন হৃদয়ে আন এখন হৃদয়ক ভাগিব হয়টো সেই ভগা হৃদয়ৰ আশা তথা সপোন বোৰ তেতিয়াই চুৰ মাৰ হৈ যায় ,
আৰু সেয়ে হয়টো এনেকুৱা আত্মহত্যাৰ পথ বাচি লয় ...!!
কিন্তু এনেকুৱাটো হব পাৰে সেইজনে তোমাৰ সুখ হোৱাটো বিচাৰিয়েই কিজানি এনেকুৱা কৰিবলৈ বাধ্য হৈছিল , পলকতেই আমি এনেকুৱা এটা কাৰ্য কৰিব নালাগে যাৰ দ্বাৰা তোমাৰ চৰিত্ৰত দাগ লগাৰ সম্ভাৱনা থাকে ,
কাৰণ পৃথিৱীত যদি সদায় দিনেই হৈ থাকিল হয় তেন্তে মানুহবোৰে সদায় কৰ্মতেই ব্যস্ত থাকিল হয় ,
সেয়ে দিনৰ বাহিৰে ৰাতিও দিছে যাতে আমি আৰাম কৰিব পাৰো ,
ঠিক তেনেকৈ সুখৰ বাহিৰে দুখ ও আমাক দিছে যাতে অনুভৱ কৰিব পাৰো যান্ত্ৰণা বোৰ আচলতে নো কি ....?
>> প্ৰীতম আৰ ডেকা
Comments
Post a Comment
ধন্যবাদ