কাৰোবাক ভালপোৱাটোও দুখ , আৰু কাৰোবাক ভাল নোপোৱাটোও দুখ ,
কাৰোবাক ভালপোৱাটোও দুখ , আৰু কাৰোবাক ভাল নোপোৱাটোও দুখ ,
কিয় বাৰু আমি প্ৰেমত পৰো ...?
প্ৰেম নামৰ সাগৰ খন অতি বিশাল ........ নহয়নে বাৰু ..?
কাৰোবাক যেতিয়া খুব বেছি ভালপোৱা যায় ,
তেতিয়া আমি তেওঁৰ অবিহনে জীয়াই থকাটোৱেই হয়টো কঠিন হৈ পৰে ,বাৰে বাৰে হৃদয়ৰ মাজত কম্পনৰ সৃষ্টি হয় ...
কৰবাত তেওঁ মোক এৰি যাব নেকি ...?
কৰবাত তেওঁ আনৰ সৈতে সম্পৰ্ক গঢ়িব নেকি ..?
কিন্তু যেতিয়া এইবোৰ সচাঁ হবলৈ ধৰে , এনেকুৱা লাগে যেন জীৱনটোৱেই কোনোবা এটা আন্ধাৰ কোঠালিৰ দৰে হৈ পৰিছে ..?
প্ৰয়োজন হোৱা সময়ত তেওঁ তোমাৰ পৰা আতৰি যাই ..
হয়টো এনেকুৱা লাগে যেন তোমাৰ পৰা এনে কি ভুল হল , যত তেওঁ আতৰি যাবলৈ বাধ্য হল ...?
বাৰম্বাৰ অনুৰোধ কৰাৰ সত্ত্বেও যেতিয়া তেওঁ ঘূৰি নাহে , নিজকে যেন দুৰ্ভগীয়াৰ দৰে অনুভৱ হয় ,
মনত প্ৰশ্ন , কিয় বাৰু এনেকুৱা হৈ গল , সকলোটো ঠিকেই আছিল ..
তেনেহলে হঠাত কিয় এনেকুৱা হৈ পৰিল , মোৰ প্ৰেম কি শুদ্ধ নাছিল নেকি , নে মই প্ৰেম কৰিব জনা নাছিলোঁ ...?
বহু শিক্ষা লাভ হয় এনেবোৰৰ পৰা , যেতিয়া তেনেবোৰ ধুমুহাই জীৱনটোক চুই যায় ....
কিন্তু এনে এটা সময়ও কিছুমানৰ জীৱনলৈ আহে , যেতিয়া সেইজনে নিজৰ ভুলক চিনিব পাৰি তোমাৰ জীৱনলৈ ঘুৰি আহিবলৈ চেষ্টা কৰে ,
কিন্তু আচল কথা এইটোৱেই যে , তেতিয়া ঘূৰি আহি কি লাভ যেতিয়া তুমি তাক এৰি থাকিবলৈ শিকি গৈছা ......
>> প্ৰীতম আৰ ডেকা
Comments
Post a Comment
ধন্যবাদ