আপুনি প্ৰেমত পৰিছে

আপুনি প্ৰেমত পৰিছে____
(প্ৰয়াস মাথোন ।)
এই যে পছোৱাজাক,যিজাকে
আপোনাকো চুই গৈছে
যেনেকৈ বতাহজাকে চুই যায়
গছ লতিকা
ঠিক তেনেদৰে,
শিহৰিত কৰিছে
আপোনাৰ সমস্ত হৃদয়..
মৰুভূমিময় জীৱনত তৃষ্ণাতুৰ মানুহৰ
পানীৰ কিমান আকাল
আপুনি বুজে,
সেয়ে আপুনি প্ৰেমত পৰিছে...
আপুনি প্ৰেমত পৰিছে
মোৰ দৰে...হাজাৰটা নষ্ট প্ৰেমিকৰ দৰে..
আপুনি প্ৰেমত পৰিছে...
এইযে আপুনি ভাবিছে
সেয়ে আপুনি প্ৰেমত পৰিছে...
নদী কবিতা গছ বিথীকা
অথবা কোনোবা বিশেষ...
আপুনি প্ৰেমত পৰিছে
কোনো এক স্বপ্নময় দুচকুৰ গভীৰতাত
কোনো এক ৰহস্যৰ বিৱর্তনত
আপুনি প্ৰেমত পৰিছে...
ভবা নাই ! ভাৱক...
এবাৰ ভাবি চাওঁক
আপুনি প্ৰেমত পৰিছে
পুৱাৰ শালিকাজাকিৰ...
প্ৰতিদিনে দেখি অহা পথাৰখনতো
নতুনত্ব দেখিছে বাবেই
আপুনি প্ৰেমত পৰিছে...
হয়তু,সুধিব পাৰে
মই কেনেকৈ জানিলো
আপোনাৰ গভীৰ মনৰ বতৰা..
প্ৰেমৰ বাঙ্ময়তা...
কাৰণ ময়ো প্ৰেমত পৰিছো
আপোনাৰ দৰে,হাজাৰজনৰ দৰে...
হয়তু আপোনাৰো প্ৰেমত পৰিছো...
ভাবি চাব পাৰে
আপুনিও প্ৰেমত পৰিছে
কোনো এক বিশালতাৰ গভীৰতাত___�
#ৰ'দৰ_বিলাপ

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা