: ৰুদ্ৰ!

: ৰুদ্ৰ! কি হ'ল? তুমি আজিকালি মোৰ ফোন ৰিচিভ নকৰা, ফেচবুকত মেছেজ দিলেও ৰিপ্লাই নকৰা। - কি কোৱা! এতিয়াও তো ৰিপ্লাই দিলোঁ। : না! এইজন মোৰ সেই ৰুদ্ৰ নহয়। যোৱা ৪ বছৰ ধৰি দীৰ্ঘশ্বাস আৰু হতাশাত ভোগা, মোৰ আশ্ৰয়ত থকা ল'ৰাটো IPS হৈ যেন হঠাৎ সলনি হৈ গ'ল। - ৰ'বা মই তোমাক ফোন কৰি আছো...! ক্ৰীং ক্ৰীং .... ক্ৰীং ক্ৰীং.. : কোৱা...! - ৰূপালী! মই আচলতে এটা ইম্পৰ্টেন্ট বিষয় লৈ বহুত ব্যস্ত! : কি? মোক ক'ব নোৱাৰি? - মই তোমাক ক'ব বিচাৰো, কিন্তু কেনেকৈ কওঁ ভাবি পোৱা নাই। মোৰ কাৰণে ঘৰৰ পৰা ছোৱালী চাই আছে। : চাই আছে নে চালে? - ৰূপালী... আচলতে কি জানা.... : বিয়া কেতিয়া? - বিয়া.... অহা মাহৰ ২১ তাৰিখ। শুনা মই তোমাক বুজাই কওঁ..... : তুমিচোন মোক বিয়া কৰাবা বুলি কথা দিছিলা! - চোৱা ৰূপালী! ঘৰত তোমাৰ কথা উল্লেখ কৰিছিলো কিন্তু ঘৰত কোনেও চেইম এইজ মানি নলয়। : তুমি কিমান চেষ্টা কৰিছিলা মনাবলৈ? মই কিন্তু তোমাৰ কাৰণে ৪ বছৰ ওৱেইট কৰিছো। তোমাৰ নিজতকৈওঁ বেছি বিচাৰিছিলো তুমি IPS হোৱাটো। ৪ বছৰত এনেকুৱা এটা দিন নাই যে মই তোমাক টকা দিয়া নাছিলোঁ! এনেকুৱা কোনো দিন নাই যে মই তোমাৰ কাৰণে খানা বনাই অনা নাছিলোঁ। তোমাৰ কিতাপৰ পাঠবোৰ কি তোমাতকৈ কম মুখস্থ মোৰ? তোমাৰ এছাইনমেন্টবোৰ ময়ে লিখি দিব লাগিছিল সদায়। - চোৱা ৰূপালী! সকলোতো মোৰ হাতত নহয়! আই হেভ এ ফেমিলী। : ৪ বছৰত ২৪ টা বিয়াৰ প্ৰস্তাৱ নাকচ কৰিছো! আই অল'চ হেভ এ ফেমিলী। - ইউ আৰ স্টিল বিউটিফুল, তোমাক যিকোনো মানুহে বিয়া কৰাব বিচাৰিব। : মই ৪ বছৰ কষ্ট কৰি যাক IPS বনালো, তেওঁ IPS পত্নী হোৱাৰ সৌভাগ্য দিব বেলেগক! ছোৱালীজনী বহুত বেছি ধুনীয়া নেকি? - ইউ আৰ জাস্ট টু মাচ ৰূপালী! : হ'ব তোমাক আৰু বিৰক্ত নকৰোঁ.... বাই! - শুনা ৰূপালী! পাৰিলে বিয়াত আহিবা। (টুট ..... টুট .... টুট ..... লাইন কাটি গ'ল! . তাৰপিছত কোনোবা এদিন কটন কলেজৰ চৌহদত আলোচ্যৰ বিষয় হৈ পৰে, হোজাইৰ পৰা অহা অখ্যাত ছোৱালী এজনীৰ এখন বিখ্যাত চিঠি। মৰমৰ ৰুদ্ৰ- আশা কৰিছো ফুলসহ্যাৰ ৰাতি স্বৰ্গত কটোৱা দি পূৰ্ণিমাৰ চন্দ্ৰৰ প্ৰস্তুতি চলাই আছা। বিষয়টো তোমাৰ ওচৰত যিমান সহজ মোৰ ওচৰত সিমান সহজ নহয়। মই তোমাক চব উজাৰি দিব বিচাৰিছিলো, তুমি আচলতে চব নিব বিচৰা নাই। প্ৰয়োজন খিনি উদ্ধাৰ কৰাৰ পিছত, হঠাৎ চব মিছা বুলি কৈ দিলা নিজৰ কিতাপৰ মুখস্থ প্ৰশ্নোত্তৰৰ দৰে। IPS হোৱাৰ আগতে তুমি নিতৌ মদ খাইছিলা। মই তোমাক মদ খাবলৈ মানা কৰিছিলো। তুমি কৈছিলা তোমাৰ মাথা গৰম হৈ যায়! তোমাৰ মাথা ঠাণ্ডা ৰাখিবলৈ মই এজনী নাৰী হিচাপে মোৰ সমস্ত উজাৰি দিছিলো তোমাক। মদৰ নিচিনা নিচা হৈ গৈছিলো মই তোমাৰ বাবে। তুমি বাৰে-বাৰে বিচাৰিছিলা, মই বাৰে-বাৰে তোমাৰ ওচৰত নিজকে অৰ্পণ কৰিছিলো। চেমিষ্টাৰ এক্সামৰ পিছৰ দিনবোৰত তোমাৰ মাথাটো অলপ বেছি গৰম থাকিছিল। ৰিজাল্টৰ এক মাহ আগতে আহি তুমি যেতিয়া মোক বিচাৰিছিলা, তেতিয়া মই তোমাক কৈছিলোঁ আজি উপযুক্ত সময় নহয়। তাৰপিছতো তুমি এবাৰো নুশুনিলা মোৰ কথা! সেইদিনা এজন বেলেগ ধৰণৰ IPS'ৰ চেহেৰা দেখুৱাইছিলা মোক! আজি তুমি মোৰ কেইটামান কথা শুনা বহুত প্ৰয়োজন। মই কথাকেইটা আগতে ক'লে তোমাৰ বিয়া নহল হেতেন। তেতিয়া তুমি বাধ্য হৈ এই মধ্য বয়সীয়া ছোৱালীজনীক বিয়া কৰিবৰ হ'ল হেতেন। মই কেতিয়াও বিচৰা নাই তোমাৰ কৰুণাৰ পাত্ৰ হবলৈ। তুমি এই চিঠিখন পোৱাৰ আগতেই মই এই পৃথিৱী এৰি গুচি গ'লো। IPS পত্নী হ'ব নোৱাৰিলো যদিও মোৰ সৈতে এনেকুৱা এজনক লৈ গ'লো যিয়ে মোক একমুহূৰ্তৰ কাৰণেও হ'লেওঁ মোৰ IPS'ৰ অনাগত সন্তানৰ মাতৃ বনাইছিল। এয়াই মোৰ সৌভাগ্য। ইতি ৰূপালী... .

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা