অনুৰাধা.....
অনুৰাধা
তুমিহীনতাত জালুকবাৰীত
এতিয়া
কৃষ্ণচূড়াবোৰ তেনেই
নিশকতীয়া ।
চিটিবাছত এতিয়া
গৈ ভাল নালাগে
অনুৰাধা...
তুমি আঁতৰি যোৱাৰে পৰা
কিবা উকা উকা লগা হল
চিটিবাছৰ চিটবোৰ ।
জালুকবাৰীৰ চৌহদ এতিয়া
তেনেই সেমেকা
যান জটত ব্যস্ত
জালুকবাৰীত
তোমাক হয়তু আৰু
লগ নাপাম
কৃষ্ণচূড়াৰ তলত
অথবা
জালুকবাৰীৰ কোনোবা
ৰেষ্টুৰেণ্টত...আৰু
ঘণ্টা ঘণ্টাজুৰি
চাহত চুমুক দি
তোমাৰ লগত আৰু নকটাও
কিছু মোহময় সন্ধিয়া ।
অনুৰাধা
ভাগ্যৰ কি বিড়ম্বনা
আমি প্ৰথমবাৰ লগ পোৱা
জালুকবাৰীৰ
কৃষ্ণচূড়াকেইজোপা
এতিয়াও ফুলে ।
মই সদায় তাত ৰোমন্থন কৰো
তোমাৰ সৈতে কটোৱা
মধুময় সময়বোৰ ।
#ৰ'দৰ_বিলাপ( #HEMANGA )
Comments
Post a Comment
ধন্যবাদ