জীবনৰ কিছু সময়,,,,

জীবনৰ কিছু সময়,,,, পঢ়ি থকা জীবনতে মই প্ৰেম পাইছিলো,,কিবা অাছিল, প্ৰেমেই অাছিল নে অাকৰ্ষণ অাছিল ভালদৰে বুজিব নাপাওতেই,,মোক এৰি গুছি গৈছিল।। হঠাৎ হেৰাই গ'লো নিজৰ মাজত,, জীবনতোত বৰ অকলশৰিয়া অনুভব কৰিছিলো,,,একো কৰিব মন যোৱা নাছিল,পঢ়া শুণা সকলো ধ্বংসৰ পথত অাছিল।।ভগবানক বাৰে বাৰে অনুৰোধ কৰিছিলো,,হে ভগবান ৰাস্তা দেখুৱাওক,,,কিন্তু একো ফল পোৱা নাছিলো।। কিন্তু এদিন ৰাতি এটা সপোনে মোক জীবনতো নতুন কৈ সজোৱাত বৰ সহায় কৰিছিল।। ,,,,বৰ অাছৰিত সপোন অাছিল সেইতো,,,মই সপোনত দেখিছিলো,,যে এজন মানুহক কিছুমান মানুহে ধৰি বান্ধী বলি শালত বলি দিবলৈ লৈ গৈ অাছিল,,তেও বহুত যুদ্ধ কৰিছিল সিহতৰ লগত অাৰু সেই যুদ্ধত তেও শেষত হাৰ মানিব লগা হৈছিল,,অাৰু তেওক বলিশালত মূৰটো সুমুৱাই দিয়া হৈছিল,,,কিন্তু হঠাৎ বলিশালৰ পূজাৰীজনে ছিঞৰি উঠিছিল যে এওৰ বলি লোৱা নহ'ব কাৰণ এওৰ হাতৰ অাঙুলী এটা নাই,,,অামি যদি এওৰ বলি লও অামাক ভগবানে পাপ দিব কাৰণ এও ঘূণীয়া।। তেতিয়া তেওক সসন্মানে অাকৌ ঘৰলৈ পঠিয়াই দিয়াৰ অনুমতি দিছিল,,,তেতিয়া তাৰে এজন মানুহে সুধিছিল তেওক, অাপোনাৰ এই অাঙুলীটো ক'ত গ'ল??তেতিয়া তেও কৈছিল, মই এদিন ঘৰত দা খনেৰে কাম কৰি থাকোতে অকস্মীক ভাবে দাৰ ঘাপতো অাঙুলীত মাৰি দিছিলো,,, তেতিয়া লগে লগে অাঙুলীটো কাটি মাটিত সৰি পৰিছিল,,বৰ কান্দিছিলো,ভগবানক গালিও দিছিলো,,কিন্তু ছোৱা,মই কেতিয়াও ভবা নাছিলো যে, অাজি সেই কটা অাঙুলীটোৰ বাবদ যে মোৰ জীবন ৰক্ষা পৰিব।।অাছলতে যি হয় সকলো ভালৰ বাবেই হয়,তেতিয়া যদি মই অাঙুলীটো নেহেৰুৱালো হয়,,মই অাজি অাৰু জীয়াই নাথাকিলো হয়""।। অাছলতে সপোন সপোনেই,,বাস্তবত মানুহে যিবোৰ ভাবে সেইয়ে সপোন হৈ দেখে,,মই হয়তো তেনেকোৱা ভাবিছিলো,হয়তো তেনেকোৱা কিবা দিনত দেখিছিলো,,কাৰণ সপোনত মই কোনো দিন উৰাজাহাজ উৰুৱাই পোৱা নাই,কাৰণ মই অাজিলৈকে সেইতো ভবাই নাই,তেনেকোৱা সপোন হয়তো এজন পাইলতেহে দেখে।।তথাপি সেই সপোনতো হয়তো মোৰ বাবে এটা ভগবানৰ ইংগিত অাছিল,,মোক হয়তো বুজাইছিল,জীবনত দুখ বোৰ যে পোৱা যাই,সেইবোৰ অাচলতে অামাৰ ভালৰ বাবেই হয়,,,কাৰণ শান্ত সাগৰে কোনোদিন এজন ভাল নাবিকৰ সৃষ্টি কৰিব নোৱাৰে,,,,,যিতো শিল হাতুৰিৰ কোবত ভাগি যাই সি কোনোদিন এটা মূৰ্টিৰ অাকাৰ ল'ব নোৱাৰে।। মানুহৰ দুখ,সমস্যা সকলোৰে থাকেই,,অাচলতে সেইবোৰ অামাক দিয়া ভগবানৰ একো একোটা উপহাৰ,,পিছৰ সময়ছোৱাত সুখ কি বস্তু অনুভৱ কৰিবৰ বাবে।। তেতিয়াৰে পৰা মই নিজক অকলশৰিয়া হ'ব দিয়া নাছিলো,,,বহু ব্যষ্টত ৰাখিছিলো নিজক অাৰু সেই ব্যষ্টতাৰ বাবেই হয়টো,মই সুখি,,কাৰণ অনুভব কৰিছো,,মই অতিতৰ দুখবোৰৰ কথা অাজি সকলোকে হাহি হাহি ক'ব পাৰিছো।।(ধন্যবাদ)<<বিকি কাশ্যপ>>।

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা